05/07/2025
চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে হাজো প্ৰেছ ক্লাবে গৰিহণা দি আজি দিনৰ বাৰ বজাত হাজো লোক নিৰ্মাণৰ বিভাগৰ পৰিদৰ্শন বঙলাৰ চৌহদত কʼলা বেজ পৰিধান কৰি এঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সাংবাদিক মাধুৰ্য শইকীয়াক কৰ্তব্যৰত অৱস্থাত এদল উন্মাদ জনতাই আক্ৰমণ কৰাত হাজোৰ সাংবাদিকসকলে তীব্ৰ ভাষাৰে গৰিহণা দি আক্ৰমণকাৰী দৃৰ্বত্তৰ দলটোক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী-প্ৰশাসনক দাবী জনায়