NORTH EAST 24

NORTH EAST 24 NORTHEAST24 ASSAMESE NEWS WEB PORTAL NORTHEAST24 ASSAMESE NEWS WEB PORTAL

National, International, Entertainment, Business, Sports News In Assamese Language

ঈক্ষানা চছাইটিৰ  উদ্যোগত শিশু দিৱস উপলক্ষে সামগ্ৰী বিতৰণগুৱাহাটীৰ,ছয়মাইলৰ চন্দন নগৰ ত্ৰিবেণী পথস্থিত স্বেচ্ছাসেৱী সংগঠন ...
15/11/2025

ঈক্ষানা চছাইটিৰ উদ্যোগত শিশু দিৱস উপলক্ষে সামগ্ৰী বিতৰণ
গুৱাহাটীৰ,ছয়মাইলৰ চন্দন নগৰ ত্ৰিবেণী পথস্থিত স্বেচ্ছাসেৱী সংগঠন ইক্ষানা চছাইটিয়ে ১৪নৱেম্বৰত শিশু দিৱস উপলক্ষে ৰূপনগৰৰ কল্যাণী নিৱাস আশ্ৰমৰ আৱাসী শিশুসকলৰ মাজত নিৱাস কৰ্তৃপক্ষৰ লগত হোৱা আলোচনামৰ্মে প্ৰয়োজনীয় কিছুমান সামগ্ৰী বিতৰণ কৰে৷

ঈক্ষানা চছাইটিৰ উপদেষ্টা শুচিব্ৰত বৰুৱা,
ঈক্ষানাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী লখিমী বৰুৱা আৰু সম্পাদক দেৱব্ৰত বৰুৱাৰ নেতৃত্বত আজি গুৱাহাটীৰ ৰূপনগৰৰ কল্যাণী নিৱাসত বাস কৰি থকা অনাথ কন্যা শিশু আৰু বিশেষভাৱে সক্ষম শিশু সকলৰ বাবে দৈনন্দিন ব্যৱহাৰ্য তথা প্ৰয়োজনীয় কিছু সামগ্ৰী বিতৰণ কৰে৷
পূৰ্বেও ঈক্ষানা চছাইটিয়ে সময়ে সময়ে সমাজৰ মঙ্গলৰ বাবে কাম কৰি অহাৰ লগতে
স্বেচ্ছাসেৱী সংগঠনটোৱে কল্যাণী নিৱাসৰ আৱাসীসকলে বিচাৰিলে নিজৰ দক্ষতা বিকাশ কৰি স্বাৱলম্বী হ’ব পৰাকৈ তেওঁলোকক দক্ষতা বিকাশৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিব বুলিও স্বেচ্ছাসেৱী সংগঠনটোৰ সভানেত্ৰী লখিমী বৰুৱাই উল্লেখ কৰে৷ সংগঠনটোৰ কৰ্মকৰ্তাসকলে ভৱিষ্যতেও এনে কিছুমান জনকল্যাণমুখী কাম কৰি যাব বুলি মত প্ৰকাশ কৰে৷

কোৰকানীত শোণিতপুৰ জিলা সাহিত্য সভাৰ সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত অনুষ্ঠান পাঁচমাইল: শোণিতপুৰ জিলা সাহিত্য সভাৰ উদ...
05/11/2025

কোৰকানীত শোণিতপুৰ জিলা সাহিত্য সভাৰ সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত অনুষ্ঠান
পাঁচমাইল:
শোণিতপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নপাম শাখা সাহিত্য সভাৰ সহযোগত কোৰকানী জামছেদ চুবুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস অনুষ্ঠান। সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰে লেখক সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সদস্য চিৰাজ খানে।পুষ্পাঞ্জলি অনুষ্ঠানৰ পিছত মূল সভাত সভাপতিত্ব কৰে নপাম শাখাৰ সভাপতি ইমৰান হোছেইন আহমেদে। অসমৰ জাতীয় জীৱনক বিশ্বৰ বুকুত পৰিচয় কৰাই দিয়া ডঃ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথে। গণশিল্পী ডঃ ভূপেন হাজৰিকাৰ গীতত সংগ্ৰামী ধাৰাৰ এক চমু আভাষ তুলি ধৰে লেখক সাংবাদিক চিৰাজ খানে। অনিবাৰ্য কাৰণবশতঃ পলমকৈ অনুষ্ঠানত উপস্থিত হৈ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেব অধিকাৰীয়ে ভূপেন হাজৰিকাৰ গীতৰ পংক্তি তুলি ধৰি ইতিবাচক আলোচনা আগবঢ়ায়। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই ডঃ ভূপেন হাজৰিকাৰ গীত এফাকি গাই সংক্ষিপ্ত বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জিলা সভাৰ সহকাৰী সম্পাদক মোহন উপাধ্যায়,কোষাধ্যক্ষ দুল গোস্বামী আৰু প্ৰতিভা ধৰ উপস্থিত থাকে।জাৰণী প্ৰাথমিক বিদ্যালয়ৰ কণকণ ছাত্ৰী সকলে ভূপেন হাজৰিকাৰ 'কত জোৱানৰ মৃত্যু হ'ল 'গীত দলীয় পৰিবেশন কৰি অনুষ্ঠান আকৰ্ষণীয় কৰি তোলে। শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক কামিনী বৰুৱাই আঁত ধৰা অনুষ্ঠানত সহায় কৰে শাখা সম্পাদক মুবাৰক হোছেইনে।
Siraj Khan

Syed Sadullah was the first news reader of All India Radio Dibrugarh and announcer of more than 100 documentaries on Doo...
30/10/2025

Syed Sadullah was the first news reader of All India Radio Dibrugarh and announcer of more than 100 documentaries on Doordarshan, National Geographic and Discovery Channel. He is an A grade lyricist, renown music arranger, guitarist, and playwright of All India Radio. Sadullah has played guitar for songs of famous singers like Usha Mangeshkar, Dr. Bhupen Hazarika, Anup Jalota and Parveen Sultana. He has broadcasted more than forty documentaries from Akashvani Dibrugarh and has written stories for several award-winning radio plays and serials. He was awarded with national and State awards for his documentaries like ‘Alop Sur Bichari’, ‘Devata’, ‘Gandhi’, ‘Bichar’ and ‘Urukha’. He got high acclamation for the programmes ‘Bornali’ and ‘Dak Pokhili’ broadcasted from Dibrugarh radio since 1976 for a long duration. He was the announcer of Dibrugarh Radio from 1971 to 1975, staff artist from 1975 to 1983, staff artist of Mumbai Radio from 1983 to 1985 and staff artist of Dibrugarh Radio from 1985 to 2008. He was born on February 1, 1948.
As an accolade to Shri Sayed Sadullah and his work, the APA Studio is thankfull to the Chatak family to have this opportunity to present the portrait to the great personality drawn by Shri Alakesh Parasor. This is being presented to him in relation to "the Chatak Award 2022" at Tezpur on 10th December 2022.

চেন্নাইৰ  Rela Hospital ৰ আই চি ইউত সংকটজনক অৱস্থাত প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা আশু-আৰোগ্য কামনা ৰাজ্যৰ ভিন ভিন দল - স...
29/10/2025

চেন্নাইৰ Rela Hospital ৰ আই চি ইউত সংকটজনক অৱস্থাত প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা
আশু-আৰোগ্য কামনা ৰাজ্যৰ ভিন ভিন দল - সংগঠনৰ
ৰাজ্যৰে নহয় দেশৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা বৰ্তমান চেন্নাইৰ Rela Hospital ৰ আই চি ইউত অতি সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে। জানিব পৰা মতে ventilator ত ৰখা হৈছে। অসমৰ ভিন ভিন দল-সংগঠনে একেমুখে বাঁহী বাদক দীপক শৰ্মা অতি সোনকালেই সুষ্ঠ হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। এক বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "ঈশ্বৰ, আল্লা, গভ, ফাদাৰ সকলোৱে বাঁহী বাদক দীপক শৰ্মাক সুষ্ঠ কৰি তোলা। যিজনাৰ হৃদয় পৰশা বৃন্দাবনত কৃষ্ণই বাঁহী বজোৱাৰ দৰে পৰিৱেশ গঢ়ি তুলিব পাৰে। আমাক আৰু কষ্ট, দুখ-বেদনাত নেপেলাব।" বাঁহী বাদক দীপক শৰ্মাৰ অতি শীঘ্ৰে সুষ্ঠ হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন -দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি তাৰিণী কান্ত গোস্বামী, সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, সাংস্কৃতিক -সামাজিক অনুষ্ঠান "জ্যোতিৰূপা"ৰ সাধাৰণ সম্পাদক ড০ নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাংস্কৃতিক সমিতিৰ সভাপতি তৃষ্ণা পেগু দলে, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপী, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, আৰোহণ আৰ্টিষ্ট গীল্ড, অসমৰ সভাপতি দিলীপ নাথ, 'আসাম লুটাদ'ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ড০ এম গোপাল সিংহ, চিন্তাবিদ বাসুদেৱ মালী, ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু, ৰঘুনাথ চৌধাৰী শাখা সাহিত্য সভাৰ সভাপতি কিৰণ চন্দ্ৰ মহন্ত আৰু সম্পাদক বৈকুণ্ঠ নাথ দাস, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে একেমুখে । সকলোৰে এটাই আশা সোনকালেই সুষ্ঠ হৈ পৰক আদৰৰ বাঁহী বাদক জন।

কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত "গীতিমালিকা" অনুষ্ঠান সম্পন্ন কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ আকা...
28/10/2025

কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত "গীতিমালিকা" অনুষ্ঠান সম্পন্ন
কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ উদ্যোগত যোৱা ২৭ অক্টোবৰত কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত আয়োজন কৰে ‘গীতিমালিকা’ অনুষ্ঠান । প্ৰায় তিনি কুৰিৰো অধিক মহিলা শিল্পীয়ে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, কামৰূপী লোকগীত আৰু জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে । অনুষ্ঠানৰ আৰম্ভণীতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানটি উদ্ধোধন কৰি কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে মহিলাসকলক বিশাল আকাশৰ দৰে উদাৰমনৰ বুলি প্ৰশংসা কৰে আৰু আকাশ উপ-সমিতিখনৰ এই মহৎ কামৰ বাবে আকাশ উপ-সমিতিখনক প্ৰশংসা কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি জ্যোতিৰ্ময়ী ডেকা, সম্পাদক অৰুণ কুমাৰ মহন্ত, ৰামধেনু উপসমিতিৰ আহ্বায়ক বিতুমনি গোস্বামী, কৰ্ণধাৰ সমিতিৰ সদস্য তাহেৰউদ্দিন আহমেদ, আকাশ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰতিভা দেৱী গোস্বামী, আহ্বায়ক মঞ্জু বৰাৰ উপৰি মহানগৰ জিলা সাহিত্য সভাৰ বিভিন্ন উপ- সমিতিৰ বিষয়ববীয়া লগতে কাহিলীপাৰা শতদল শাখা সাহিত্য সভাৰ বহুকেইগৰাকী সদস্য উপস্থিত থাকে। অংশগ্ৰহণকাৰী শিল্পীসকলক এখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

নতুন সাহিত্য পৰিষদ লখৰা শাখাৰ উদ্যোগদেৱাশীষ কুমাৰ গোস্বামীৰ কাব্য গ্ৰন্থ উন্মোচন নতুন সাহিত্য পৰিষদ লখৰা শাখাৰ উদ্যোগত দ...
26/10/2025

নতুন সাহিত্য পৰিষদ লখৰা শাখাৰ উদ্যোগ
দেৱাশীষ কুমাৰ গোস্বামীৰ কাব্য গ্ৰন্থ উন্মোচন
নতুন সাহিত্য পৰিষদ লখৰা শাখাৰ উদ্যোগত দেৱাশীষ কুমাৰ গোস্বামীৰ কাব্য ‘মোক কোলাহলৰ পৰা আঁতৰি থাকিবলৈ দিয়া’ সুকলমে উন্মোচিত হৈ যায়। এই উপলক্ষে আজি জোনাকী নগৰস্থিত শিৱমন্দিৰ প্ৰাংগনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে অসম নাট্য সন্মিলনৰ সভাপতি তথা সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ সভাপতি কুমাৰ দীপক দাসে। ‘মোক কোলাহলৰ পৰা আঁতৰি থাকিব দিয়া’ কাব্যগ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সমাজ সচেতন প্ৰগতিশীল নাগৰিক কাশীনাথ গোস্বামীয়ে। উন্মোচনী ভাষণত উন্মোচকে কয় যে দেৱাশীষ কুমাৰ গোস্বামীৰ কবিতাত সমাজৰ সাম্প্ৰতিক পৰিস্থিতিৰ এক অনুৰণন পোৱা যায়। উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণীতে সদ্যপ্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী তৰ্পণ কৰে নতুন সাহিত্য পৰিষদৰ গুৱাহাটী আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সুচিত্ৰা ৰাভা সাহাই। সভাত বিশিষ্ট লেখক, গৱেষক ড০ পৰমানন্দ মজুমদাৰ, মননশীল লেখক তুৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ পৰিতোষ চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰলাল শৰ্মা,নতুন সাহিত্য পৰিষদৰ লখৰা শাখাৰ সভাপতি দ্বিজেন্দ্ৰনাথ ডেকাসহ অন্যান্য অতিথিসকলে ভাষণ প্ৰদান কৰে। নতুন সাহিত্য পৰিষদৰ লখৰা শাখাৰ সহ সম্পাদিকা কৃষ্ণা কলিতাই আঁত ধৰা সভাখনত প্ৰয়াসী স্পৃহা দাস, ঋষিকেশ ডেকা, বেদান্ত বিকাশ গোস্বামীয়ে জুবিনৰ গীত পৰিৱেশ কৰে। নতুন সাহিত্য পৰিষদৰ লখৰা শাখাৰ সম্পাদক মনোজ অগস্তি, লেখক গুণীন চৌধুৰী, জগত বৰা, ফেৰেংগাদাউৰ সম্পাদক প্ৰশান্ত কুমাৰ ডেকাসহ অৰ্ধশতাধিক গণমান্য ব্যক্তি উপস্থিত থাকে।

গুৱাহাটীত ৰণজিপছী ক্লাৱ মুকলি ৰণ বিজয়ৰ
25/10/2025

গুৱাহাটীত ৰণজিপছী ক্লাৱ মুকলি ৰণ বিজয়ৰ

Cadet Tarina Khatun of 42 MEGH BN NCC, USTM, has made us proud by being among the top five innovators selected at the Id...
23/10/2025

Cadet Tarina Khatun of 42 MEGH BN NCC, USTM, has made us proud by being among the top five innovators selected at the Idea & Innovation Camp held at NIT Arunachal Pradesh!

Her project: “Voice-Controlled UAV for Military Operations” impressed with its cutting-edge design, enabling voice-based drone control for defense, disaster management, and rescue missions. She was felicitated by Hon'ble Chancellor Shri Mahbubul Hoque at his office today.

She will now represent the region at the Inter NCC Directorate Idea & Innovation Competition in Vijayawada, Andhra Pradesh, this November. 👏

গৰিমা শইকীয়া গাৰ্গৰ জন্ম দিন উপলক্ষত আপুনিও জনাওক শুভেচ্ছা
21/10/2025

গৰিমা শইকীয়া গাৰ্গৰ জন্ম দিন উপলক্ষত আপুনিও জনাওক শুভেচ্ছা

আদিত্য-এল১ মিছনৰ তথ্য ব্যৱহাৰ কৰি ISRO-ৰ গৱেষণা প্ৰকল্প লাভ কৰিলে  -ৰ বিজ্ঞানী ড° মুৰ্চনা খুশৰু। অসম আৰু সম্পূৰ্ণ উত্তৰ-...
20/10/2025

আদিত্য-এল১ মিছনৰ তথ্য ব্যৱহাৰ কৰি ISRO-ৰ গৱেষণা প্ৰকল্প লাভ কৰিলে -ৰ বিজ্ঞানী ড° মুৰ্চনা খুশৰু। অসম আৰু সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ বৃদ্ধি কৰি, যোৰহাটৰ ডেনিচ নগৰৰ স্থায়ী নিবাসী আৰু ইউনিভাৰ্সিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° মুৰ্চনা খুশৰুয়ে **ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( )**ৰ Regional Academic Centre for Space (RAC-S) কাৰ্যসূচীৰ অন্তৰ্গত এখন গৌৰৱময় গৱেষণা প্ৰকল্প লাভ কৰিছে।

তাৰ অনুমোদিত প্ৰকল্পৰ শিৰোনাম হৈছে “Multi-Spacecraft Investigation of Solar Wind Dynamics Through Solitary Wave Analysis: Insights from Aditya-L1 Mission” — যিটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম প্ৰকল্প য’ত ভাৰতৰ প্ৰথম সৌৰ মিছন আদিত্য-এল১-ৰ ASPEX (Aditya Solar Wind Particle Experiment) আৰু MAG (Magnetometer) পেল’ডৰ বৈজ্ঞানিক তথ্য ব্যৱহাৰ কৰা হ’ব।

এই প্ৰকল্পত ড° খুশৰু Principal Investigator (PI) হিচাপে কাম কৰিব, আৰু তেওঁৰ সৈতে Physical Research Laboratory (PRL), আহমেদাবাদ-ৰ বিজ্ঞানী ড° অৱীক চৰকাৰ Co-Principal Investigator (Co-PI) হিচাপে অংশ ল’ব। এই গৱেষণাৰ উদ্দেশ্য হ’ল সূৰ্যৰ বায়ু (solar wind)ৰ গতি-বিধি অধ্যয়ন, বিশেষকৈ solitary wave নামৰ nonlinear plasma structure বিশ্লেষণ কৰি space weather phenomenon আৰু solar wind turbulence সম্পৰ্কে নতুন জ্ঞান আহৰণ কৰা।

ড° খুশৰুয়ে কৃতজ্ঞতা প্ৰকাশ কৰি কৈছে, “ভাৰতৰ সৌৰ মিছনত কাম কৰাৰ সুযোগ পোৱা মোৰ বাবে এটা অমূল্য অভিজ্ঞতা। উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞানীসকলৰ সম্ভাৱনাক ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰিবলৈ পাৰিবলৈ মই গৌৰৱান্বিত।”

USTM-ৰ অধ্যক্ষ শ্ৰী মহবুবুল হকে তেওঁক অভিনন্দন জনাই কৈছে, “ড° মুৰ্চনাৰ এই সফলতা USTM আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয়। ই ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিগত উন্নয়নত আমাৰ অৱদানৰ প্ৰতিফলন।”

এই সাফল্যই কেৱল USTM-ৰ গৱেষণা আৰু উদ্ভাৱনক্ষেত্ৰত আগভাগ লোৱাৰ প্ৰতিশ্ৰুতি দাঙি ধৰে নহয়, ই উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান সমাজৰ বাবে এক ঐতিহাসিক মাইলষ্টোন হিচাপেও গণ্য হ’ব।

আজিৰ দিনটোত বিশিষ্ট সংগীত শিল্পী আৰু অসমবাসীৰ হৃদয়ৰ অমৰ গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ এক মাহ পূর্তি উপলক্ষে, প্ৰাক্তন ছাত্...
19/10/2025

আজিৰ দিনটোত বিশিষ্ট সংগীত শিল্পী আৰু অসমবাসীৰ হৃদয়ৰ অমৰ গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ এক মাহ পূর্তি উপলক্ষে, প্ৰাক্তন ছাত্র সংগঠন, অসম অভিয়ান্ত্ৰিক প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটীস্থিত চানমাৰি কেম্পাছত এক গম্ভীৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানটোত সংগঠনৰ সদস্যসকলে জুবিন গাৰ্গৰ অসমীয়া সংগীতজগতলৈ দিয়া অনুপম অৱদানৰ স্মৰণ কৰে। তেওঁ অসমীয়াৰ হৃদয়ত জীৱন্ত হৈ ৰোৱা প্ৰতিজন শিল্পীৰ বাবে এক প্ৰেৰণাৰ উৎস বুলি উপস্থিত সকলে অভিমত প্ৰকাশ কৰে।

জুবিন গাৰ্গৰ অকাল মৃত্যুত সংগঠনটোৱে গভীৰ শোক প্ৰকাশ কৰি তেওঁক অসমীয়া সাংস্কৃতিক জগতৰ এক অনন্য প্ৰতিভা হিচাপে অভিহিত কৰে। অনুষ্ঠানত তেওঁৰ অসংখ্য কালজয়ী গানৰ কিছু অংশৰ প্ৰদৰ্শন কৰাৰ লগতে “অসমৰ গৌৰৱ, জুবিন গাৰ্গ চিৰ অমৰ থাকক” বুলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অনুষ্ঠানত উপস্থিত সংগঠনৰ কাৰ্যকাৰী সভাপতি পৰাগজিৎ শৰ্মা, সাধাৰণ সম্পাদক গণেশ কলিতা, উপ সভাপতি অৰুণজ্যোতি শৰ্মা, সাংগাঠনিক সম্পাদক চৈয়দ মাৰুফ হুছেইন, যুতিয়া সম্পাদক কংক চক্ৰৱত্তী আৰু উপদেষ্টা উৎপল কলিতাই জুবিন গাৰ্গৰ সৈতে থকা নিজৰ অনন্য স্মৃতি আৰু অভিজ্ঞতা ভাগবত কৰে। তেওঁলোকৰ ভাষণত জুবিন গাৰ্গৰ বিনম্ৰ স্বভাৱ, অসমীয়া সংগীতৰ উন্নয়নৰ বাবে তেওঁৰ অসীম অধ্যাৱসায় আৰু সমাজ প্ৰতি তেওঁৰ আন্তৰিক মৰমৰ কথা গভীৰ ভাৱে প্ৰকাশ পায়।

সংগঠনৰ সকলো সদস্যই শ্ৰদ্ধাৰে প্ৰতিজ্ঞা কৰিছে যে জুবিন গাৰ্গৰ সংগীত আৰু আদৰ্শৰ পথত আগবাঢ়ি তেওঁলোকেও সমাজত ইতিবাচক পৰিবৰ্তন আনিবলৈ চেষ্টা কৰি থাকিব।

18/10/2025

Address

HATIGAON
Hatigaon
781038

Alerts

Be the first to know and let us send you an email when NORTH EAST 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NORTH EAST 24:

Share