News Today Axom

News Today Axom This Portal News Channel is Created by PEOPLE's SELF DEPEND FORUM(NGO) Guwahati, Assam.

06/07/2025

গুৱাহাটী ৰুক্মিণী গাঁৱত উৰণীয়া সেতু উদ্বোধন মুখ্যমন্ত্ৰীৰ
News Today Axom

05/07/2025
আজি ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাক ডক্টৰেট ডিগ্ৰী লাভ কৰা হেতুকে *অনুপমা অঞ্জলি* মাহেকীয়া ...
05/07/2025

আজি ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাক ডক্টৰেট ডিগ্ৰী লাভ কৰা হেতুকে *অনুপমা অঞ্জলি* মাহেকীয়া আলোচনীৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় শ্ৰী ডেকাৰ ছয়গাঁৱৰ( বৰুৱাপাৰা) বাসগৃহত।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে *অনুপমা অঞ্জলি* মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা আৰু সহঃ সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়া। লগতে উপস্থিত থাকে উপেন ডেকাৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ ডেকা, মাতৃ ধৰিত্ৰী ডেকা ,পত্নী নমিতা কলিতা সহ পৰিয়ালৰ আন সদস্যসকল ।

উল্লেখযোগ্য যে উপেন ডেকাই ২০২৫ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° প্ৰফুল্ল কুমাৰ নাথৰ অধীনত অসমীয়া ভ্ৰমণ সাহিত্য বিষয়ত গৱেষণা সম্পন্ন কৰি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি
যি বৰঙনি আগবঢ়ালে সেয়া সচাকৈয়ে অতিকৈ গৌৰৱৰ কথা।
News Today Axom

   #সম্পাদকীয়প্ৰিয় অসমবাসী ৰাইজ,নমস্কাৰ🙏*News Today Axom* নামেৰে এই  ডিজিটেল নিউজ চেনেলটো আৰম্ভ কৰা হৈছে অসম তথা ভাৰতৰ ৰ...
03/07/2025

#সম্পাদকীয়
প্ৰিয় অসমবাসী ৰাইজ,
নমস্কাৰ🙏
*News Today Axom* নামেৰে এই ডিজিটেল নিউজ চেনেলটো আৰম্ভ কৰা হৈছে অসম তথা ভাৰতৰ ৰাইজৰ সেৱাৰ্থে। এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে ৰাইজৰ বাতৰি ৰাইজৰ মাজত প্ৰচাৰ কৰাত আগভাগ লৈ বাতৰি সম্প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হ'ব উক্ত চেনেল যোগে। তথাকথিত গ্লেমাৰ সমৃদ্ধ বাতৰি পৰিবেশনৰ পৰিবৰ্তে অনগ্ৰসৰ অঞ্চলৰ তৃণমূল পৰ্যায়ৰ সমাজ জীৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমৰ সংবাদ জগতত এক নতুন ৰূপ দিবলৈ কৰা প্ৰচেষ্টাটোৰ নাম *News Today Axom*

অসমীয়া ভাষাৰ লগতে অসমত প্ৰথম বাৰৰ বাবে *ৰাজবংশী* ভাষাত বাতৰি প্ৰচাৰ কৰা হ'ব *News Today Axom "যোগে।

মুঠতে এক ব্যতিক্ৰমী চিন্তাৰে টিভি, বাতৰি কাকতে নিদিয়া খবৰৰ সমাহাৰেৰে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে আগবাঢ়ি যাব *News Today Axom*

ৰাইজৰ আশীৰ্বাদ, সহযোগিতা আৰু পৰামৰ্শ সদায়ে আমাৰ কাম্য🙏

Address

Lakhimi Nagar Path
Hatigaon
781038

Website

Alerts

Be the first to know and let us send you an email when News Today Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share