AJMAL LIVE

AJMAL LIVE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AJMAL LIVE, News & Media Website, Guwahati, Hojai.

এই পেইজটো আজমলৰ অফিচিয়েল পেইজ নহয়। এয়া আজমলৰ শৈক্ষিক, ৰাজনৈতিক আৰু AIUDF দলৰ খবৰ ইত্যাদিৰ বাবে হে ব্যৱহাৰ কৰা হয়। গতিকে, আপডেট সমূহ পাবলৈ সকলোৱে পেইজটোৰ লগত জড়িত হৈ থাকিব।

AIUDF দলৰ "সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য : ২০২৬" শীৰ্ষক কাৰ্যসূচী আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এ...
19/08/2025

AIUDF দলৰ "সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য : ২০২৬" শীৰ্ষক কাৰ্যসূচী আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত দলৰ বিধায়ক, কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, প্ৰতিটি জিলা সমিতিৰ সভাপতি, সম্পাদকৰ লগতে প্ৰথম পর্যায়ৰ লক্ষ্য নিৰ্ধাৰিত সমষ্টিসমূহৰ বাবে নিযুক্ত সংগঠক আৰু সহ-সংগঠকসকল উপস্থিত থাকে।




AIUDF দলৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ দায়িত্ব লাভ কৰে যুৱ সাংবাদিক হাফিজ আব্দুল আহাদ ডাঙৰীয়াই। অভিনন্দন জ...
11/08/2025

AIUDF দলৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ দায়িত্ব লাভ কৰে যুৱ সাংবাদিক হাফিজ আব্দুল আহাদ ডাঙৰীয়াই। অভিনন্দন জ্ঞাপন কৰিলোঁ।

Hafiz Abdul Ahad

Congratulations everyone
10/08/2025

Congratulations everyone

All India United Democratic Information & Technology Front (AIUDITF)ৰ কেন্দ্ৰীয় সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। এই সমিতিলৈ অযুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

২০১৮ চনত প্ৰতিষ্ঠা হোৱা আজমল আইন মহাবিদ্যালয়খন হোজাই চহৰৰ সমীপত নতুন আৰু সুসজ্জিত কেম্পাছলৈ অৱশেষত স্থানান্তৰিত কৰা হয়।...
06/08/2025

২০১৮ চনত প্ৰতিষ্ঠা হোৱা আজমল আইন মহাবিদ্যালয়খন হোজাই চহৰৰ সমীপত নতুন আৰু সুসজ্জিত কেম্পাছলৈ অৱশেষত স্থানান্তৰিত কৰা হয়।

শৈক্ষিক উৎকৰ্ষতা আৰু উন্নয়নৰ এই যাত্ৰাত সদায় আগভাগত ৰৈ ন্যাসৰক্ষী আমিৰ উদ্দিন আজমল চাহাব, ফখৰ উদ্দিন আজমল চাহাব, মৌলানা বদৰুদ্দিন আজমল চাহাব, ছিৰাজুদ্দিন আজমল চাহাব আৰু নাজিৰ আজমল চাহাবৰ পৰিয়ালে যি আপ্ৰাণ চেষ্টা কৰি আহিছে, তাৰ ফলস্বৰূপে এই নতুন কেম্পাছ বাস্তৱৰ ৰূপ লৈছে।

এই অনুষ্ঠানত জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীযুত অভিজিত ভট্টাচাৰ্য, মূখ্য ন্যায়িক দণ্ডাধীশ শ্ৰীমতী কৰুণা দেৱী (AJS), DLSAৰ সম্পাদিকা শ্ৰীমতী মাৰ্লিনা হাজৰিকা, এডিচনেল CJM তালাথ নাছৰাত জেবিন মহাশয়া, SDJM ৰুপশ্ৰী দেৱ ডাঙৰীয়ানী, চিভিল জজ জুনিয়ৰ ডিভিজনৰ শ্ৰীমতী খুশবু ধামানি ডাঙৰীয়ানী, হোজাই বাৰ এচোছিয়েশ্যনৰ সভাপতি অধিবক্তা মুৰাকিব আলি মহাশয়, আজমল ফাউণ্ডেচনৰ সঞ্চালক ডঃ খচৰুল ইছলাম সহ বহু বিশিষ্ট ব্যক্তিত্বৰ উপস্থিতত মহাবিদ্যালয় খনৰ নতুন কেম্পাছৰ শুভ উদ্বোধন কৰা হয়।




উজনি অসমত মিঞা মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে AIUDF দলৰ এটা সজাতি দলে আৰক্ষী মহাপৰিদৰ্শকৰ লগত সাক্ষাৎ কৰি এখন স্মা...
04/08/2025

উজনি অসমত মিঞা মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে AIUDF দলৰ এটা সজাতি দলে আৰক্ষী মহাপৰিদৰ্শকৰ লগত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। দলৰ সাধাৰণ সম্পাদক তথা বিধায়িনী দলপতি হাফিজ বচিৰ আহমেদ কাচিমি, সাধাৰণ সম্পাদক (সাংগঠনিক) বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম, উপ-সভাপতি বিধায়ক চুজাম উদ্দিন লস্কৰ, উপ সভাপতি বিধায়ক কৰিম উদ্দিন বৰভূঞা, উপ-সভাপতি আওৱাল মজিদ আৰু ছিদ্দিক আলী ঠাকুৰীয়াও এই কাৰ্যসূচীৰ উপস্থিত থাকে।





আমেৰিকা যুক্তৰাষ্ট্ৰত অহা ৪ আগষ্টৰ পৰা অনুষ্ঠিত হবলগীয়া NCSL’s Legislative সন্মিলন - ২০২৫ত AIUDF দলৰ বিধায়ক, অধিবক্তা আ...
02/08/2025

আমেৰিকা যুক্তৰাষ্ট্ৰত অহা ৪ আগষ্টৰ পৰা অনুষ্ঠিত হবলগীয়া NCSL’s Legislative সন্মিলন - ২০২৫ত AIUDF দলৰ বিধায়ক, অধিবক্তা আমিনুল ইছলাম ডাঙৰীক ভাৰত চৰকাৰৰ এগৰাকী প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়।

এই সন্মিলনত National Conference of State Legislative & National Legislators' Conference Bharatৰ প্ৰতিনিধি হিচাপে ভাৰতৰ ২৪ খন ৰাজ্যৰ ২১ টা ৰাজনৈতিক দলৰ ১৩০ গৰাকী বিধায়কৰ এটা বৃহৎ দলে অংশগ্রহণ কৰিব।

উল্লেখ্য যে, বিধায়ক সকলৰ সামৰ্থ্য বৃদ্ধিৰ বিভিন্ন দিশ আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক সহযোগিতাৰ সম্পর্কত আলোচনা কৰিবলগীয়া এই সন্মিলনত সমগ্র বিশ্বৰ প্ৰায় ৭,০০০ গৰাকী আইন প্ৰণয়নকাৰী প্ৰতিনিধি উপস্থিত থাকিব।





Aminul Islam, All India United Democratic Front - AIUDF

দলগাঁৱত কংগ্ৰেছৰ বৃহৎ খহনীয়া !দলগাওঁ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী খাটি খোৱা মেহনতী ...
31/07/2025

দলগাঁৱত কংগ্ৰেছৰ বৃহৎ খহনীয়া !

দলগাওঁ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী খাটি খোৱা মেহনতী লোকে দলগাওঁ সমষ্টিৰ সন্মানীয় বিধায়ক মজিবুৰ ৰহমান চাহাবৰ কৰ্মৰাজীত আকৃষ্ট হৈ AIUDF দলত যোগদান কৰে।


NSAৰ অধীনত ভুৱা গোচৰ জাপি দি অসম চৰকাৰে কাৰাবন্দী কৰি ৰখা ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম চাহাবৰ মুক্তিৰ দাবীত...
31/07/2025

NSAৰ অধীনত ভুৱা গোচৰ জাপি দি অসম চৰকাৰে কাৰাবন্দী কৰি ৰখা ধিং সমষ্টিৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম চাহাবৰ মুক্তিৰ দাবীত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত AIUDF দলৰ ব্লক কমিটিৰ তৰফৰ পৰা এটি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে এখনি স্মাৰক পত্ৰ দাখিল কৰা হয়।




আজমল ফাউণ্ডেচনৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপ উপলক্ষে ডঃ খাছৰুল ইছলাম আৰু ডঃ ৰুবুল আজাদৰ সুদক্ষ তত্ত্বাৱধানত চলি থকা আজ...
30/07/2025

আজমল ফাউণ্ডেচনৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপ উপলক্ষে ডঃ খাছৰুল ইছলাম আৰু ডঃ ৰুবুল আজাদৰ সুদক্ষ তত্ত্বাৱধানত চলি থকা আজমল ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সকলো নিষ্ঠাবান কৰ্মচাৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মৌলানা বদৰুদ্দিন আজমল আৰু বিধায়ক চিৰাজুদ্দিন আজমলে।

আজি এই স্বেচ্ছাসেৱী সংস্থাটোৱে বিশেষকৈ শিক্ষা আৰু মানৱীয় সাহায্যৰ ক্ষেত্ৰত ক্ষতি গ্ৰস্তসকলৰ সৈতে দৃঢ়তাৰে থিয় দিব পাৰিছে। এই উপলক্ষে আজমল ফাউণ্ডেচনৰ লগত জড়িত সকলো শিক্ষক-শিক্ষয়িত্ৰী, বিষয়ববীয়া, শুভাকাংক্ষী, বন্ধু-বান্ধৱীক অদম্য আৰু নিঃস্বাৰ্থ সহযোগিতাৰ বাবে ফাউণ্ডেচন কৰ্তৃপক্ষই আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনায়।



অভিনন্দন আব্দুল্লাহ ডাঙৰীয়া ।
30/07/2025

অভিনন্দন আব্দুল্লাহ ডাঙৰীয়া ।


Address

Guwahati
Hojai

Website

Alerts

Be the first to know and let us send you an email when AJMAL LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share