Jamunasit live Tv

Jamunasit live Tv (সত্যৰ সদায় জয়)...... ন্যায়ৰ পক্ষে আৰু অন্যায়ৰ বিপক্ষে আমি সদায় অটুট আছো !

07/08/2023

পাটকাই দা হেৰিটেজ পাব্লিক স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্ম কালিন শিবিৰ সফল সামৰণি ।

গৰমৰ বন্ধৰ সময়ত ছাত্ৰ ছাত্ৰী সকলৰ মনোবৃত্তিৰ লগতে ন-ন প্ৰতিভামান কৰি তুলিবলৈ বিভিন্ন নাট্যগোষ্ঠীৰ লগতে বিদ্যালয়সমূহেও বিভিন্ন কৰ্মশালা দি আহিছে । ঠিক একেদৰেই পাটকাই দা হেৰিটেজ পাব্লিক স্কুলেও প্ৰতি বছৰৰ দৰে এইবছৰো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত যোগাত্মক দিশৰ লগত সংগতি ৰাখি সৌন্দৰ্য চৰ্চা, সাতুৰ,নাটক আদিৰ প্ৰশিক্ষণেৰে দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল । আজি উক্ত বিদ্যালয়তে কণ কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাৰ প্ৰদৰ্শনেৰে সফল সামৰণি পৰে । ভবিষ্যতেও ছাত্ৰ ছাত্ৰী সকলৰ মাজত যোগাত্মক দিশৰ লগত সংগতি ৰাখি এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

06/08/2023

মানৱতা ক'ত হেৰাই গল। ঘটনাটো ক'ত হৈছে নাজানো কিন্তু বহু দুখ লাগিছে।

06/08/2023

ৰঙিয়াৰ তুলসীবাৰীত হৃদয় বিদাৰক ঘটনা

কঠল গছত একেলগে ওলমি থাকিল একেটা পৰিয়ালৰ দুগৰাকী যুৱতীৰ মৃতদেহ।

ঘটনা অনুসৰি যোৱা ১আগষ্ট মঙ্গলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল দুয়োগৰাকী যুৱতী।

পৰিয়ালৰ লোকে বিচাৰ-খোচৰ কৰি চাৰিদিন উকলি যোৱাৰ পিছতো কোনো সংশুত্ৰ পোৱা নাছিল দুয়োগৰাকী ছোৱালীৰ।

শনিবাৰে সন্ধিয়াৰ ভাগত তুলসীবাৰীৰ ফৰেষ্ট ৰিজাৰ্ভৰ ঘন জংঘলত থকা এজোপা কঠল গছত ওলমি থকা প্ৰত্যক্ষ কৰে পথচাৰীয়ে।

গেলি যোৱা অৱস্থাত উদ্ধাৰ হয় দুগৰাকী যুৱতীৰ মৃতদেহ ।

স্থানীয় ৰাইজে আৰক্ষীক খৱৰ দিয়াত উক্ত স্থানত উপস্থিত হয় তুলসীবাৰী আৰক্ষী।

কি কাৰণত এনেদৰে চৰম সিদ্ধান্ত ললে সেয়া জানিব পৰা হোৱা নাই

মমতাজ বেগম (১৮) আৰু চাইমন নেছা (১৭) নামৰ ছোৱালী দুজনীৰ ঘৰ ইচছাপুৰ আৰু বিহাপাৰাত

সম্বন্ধীয় ভনীয়েক বুলি জানিব পৰা গৈছে

কিন্তু একেডাল ৰছীৰে দুয়োজনীয়ে আত্মহত্যা কৰাক লৈ সন্দেহ হৈছে সকলোৰে

পৰিয়ালৰ অভিযোগ কনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে ওলোমাই থোৱাৰ।

আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব এয়া হত্যাকাণ্ড নে অন্য কিবা।

05/08/2023

যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ ঘুৰাই পোৱাত আনন্দত মতলীয়া হৈ পৰে সমগ্ৰ দেশৰ লগতে ৰঙিয়াৰ কংগ্ৰেছ কৰ্মী সকলে।

সৰ্বোচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ জয়ৰ পিছতে উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰিছে কংগ্ৰেছ মহলত।

শুক্ৰবাৰে বিয়লি ৰঙিয়া ৰাজীৱ ভৱনত আনন্দত আত্মহাৰা হৈ পৰে ৰঙিয়া কংগ্ৰেছ কৰ্মী সকল।

ৰাজীৱ ভৱনৰ চৌহদত ফটকা ফুটাই আনন্দ কৰাৰ লগতে কংগ্ৰেছৰ কৰ্মকৰ্তা সকলৰ মাজত মিঠাই বিতৰণ কৰি ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি দি উৎসৱমূখৰ পৰিবেশৰ সৃষ্টি কৰে।

ইফালে ৰঙিয়াৰ কংগ্ৰেছ কৰ্মী সকলে কয় যে ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে আমি বহুত সুখী ।

03/08/2023

ইয়াকে কয় মা সন্তানৰ প্ৰতি মাতৃৰ মৰমৰ অতুলনীয়।😭😭

02/08/2023

ডিগবৈত আধুনিক গীত 'মৰম'ৰ শুভ মুক্তি

02/08/2023

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ খুটাবাগৰা দাৰুল উলুম হুছাইনীয়া আহমদীয়া মাদ্ৰাছাত এবিএমছুৰ প্ৰয়ত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ স্মৃতিত ষষ্ঠ বাৰ্ষিক ছাত্ৰ সংহতি দিৱস পালন কৰ।

সদৌ বি টি চি সংখ্যালঘু ছত্ৰ হন্থা প্ৰয়ত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ প্ৰায় 7টা বৰ্ষ অতিক্ৰম কৰিলে কিন্তু আজিও হত্যাকাৰী চিনাক্ত নহল ছাত্ৰ নেতা শ্বহীদ লাফিকুল ইছলাম আহমেদৰ।

ABMSU ৰ উপ সভাপতি ছলেমান আলী শেখৰ মন্তব্য আছে সেই মন্তব্য শুনাই লৈছোঁ।

01/08/2023

মেকুৰীৰ মূখত আল্লাহৰ নাম। স্পষ্টকৈ উচ্চাৰণ কৰি লৈছে আল্লাহৰ নাম।

01/08/2023

শোণিতপুৰ জিলা বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁওত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।

01/08/2023

কি কলে লেখিকা শিখা শৰ্মা আৰু বিধায়ক অখিল গগৈয়ে

31/07/2023

হোজাইৰ ৰাইকাটা কাছাৰী গাঁৱত বনৰীয়া হাতীৰ মৃত্যু।

Address

Hojai

Alerts

Be the first to know and let us send you an email when Jamunasit live Tv posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jamunasit live Tv:

Share