26/05/2026
শিংগিৰপাৰৰ নিলম্বিত গাঁওবুঢ়া শ্বাহিদ উদ্দিন মোৰাঝাৰ থানাত ৰুজু হোৱা ২৩৮/২৫ নং গোচৰত বিগত সাত মাহ ধৰি পলাতক হৈ আছে৷
হোজাইৰ আয়ুক্তই শ্বাহিদ উদ্দিনৰ বিৰুদ্ধে উঠা নিম্নলিখিত অভিযোগৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে৷
অভিযোগসমূহ:
১/ গাঁওৰ তিনিজন লোকৰ নথিপত্ৰ সংগ্ৰহ কৰি ধন সংগ্ৰহৰ বাবে আনৰ মাটিত আপত্তি দিয়া (ইতিমধ্যে যিসকলৰ নামত ভুৱা আপত্তি দিয়া হৈছিল, তেওঁলোকৰ স্বীকাৰোক্তি লোৱা হৈছে৷
২/ দৰিদ্ৰ লোকৰ মাটি বিক্ৰী, মাটি বাটোৱাৰাৰ নামত ধন সংগ্ৰহ৷
৩/ ডবকা ৰাজহ চক্ৰ বিষয়াৰ নামত বেংক একাউন্টযোগে ধন সংগ্ৰহ৷
৪/ চৰকাৰী বিলত হেচাৰী বনাই একাংশ লোকে ব্যৱহাৰ কৰি থকাৰ ভুৱা প্ৰতিবেদন দিয়া৷
৫/ একেটা চৰকাৰী বিল তিনিটা পৰিয়ালক পৃথকে পৃথকে দখল কৰা দেখুৱাই প্ৰতিবেদন দিয়া৷
৬/ চৰকাৰী বিল আবন্টন লৈ দিয়াৰ নামত গাঁওৰ পৰা ধন সংগ্ৰহ কৰা৷
৭/ এজনৰ পট্ৰাৰ মাটিৰে আন এজনক পথ দিব বুলি কৈ পট্টাৰ মাটিখিনি চৰকাৰী নলাৰ মাটি বুলি লিখিত প্ৰতিবেদন দিয়া
৮/ নিলম্বিত হোৱাৰ পিছত নিজৰ পৰিয়ালৰ লোকৰ দ্বাৰা ও একাংশ ভুৱা চহীৰে ৰাইজে শ্বাহিদ উদ্দিনক পুনৰ গাঁওবুঢ়া হিচাপে বিচাৰে বুলি আবেদন দিয়া৷
৯/ নিজৰ বেংক একাউন্টত দালালীৰ ধন লৈ সেই ধন ঈদগাহ কমিটিত দান দিয়া বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত জালিয়াতি কৰা৷
১০/ নিজৰ দুৰ্নীতি ঢাকিবলৈ ঈদগাহ কমিটিক ব্যৱহাৰ কৰি ঈদগাহ কমিটিৰ পৰা নিলম্বন হোৱা৷
১১/ গাঁওৰ একাংশ সহজ সৰল লোকক ভয় ভাবুকি দি গাঁওপ্ৰধানৰ পদটিক কলংকিত কৰা৷
১২/ আনৰ ক্ৰয় কৰা মাটি বেদখল কৰা৷
১৩/ অভিযোগকাৰীৰ মুখ বন্ধ কৰিবলৈ ভুৱা গোচৰ দিয়া৷
১৪/ গাঁওৰ লোকক অৰুনোদয় আঁচনি, চৰকাৰী গৃহ দিয়াৰ নামত নিজৰ ভাতৃৰ দ্বাৰা ধন সংগ্ৰহ কৰা৷
১৫/ ১৫২ জন লোকৰ ৰাজহুৱা অভিযোগৰ তদন্ত ৷
১৬/ বাতৰিকাকতত প্ৰকাশিত বাতৰিৰ তদন্ত৷
১৭/ শ্বাহিদ উদ্দিনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত৷
১৮/ বিধৱা মহিলাৰ মাটি বাটোৱাৰাত মৃত ব্যক্তিৰ নথি ব্যৱহাৰ কৰি আপত্তি দিয়া৷
১৯/ মুজিবুৰ ৰহমানৰ একচনা মাটি পট্টা কৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগৰ তদন্ত৷
২০/ স্থানীয় ২১৪ জন লোকৰ অভিযোগৰ তদন্ত৷
২১/ বিবাহৰ পুৰ্বে নিজৰ পত্নীৰ নামত চৰকাৰী বিলৰ মাটি অনলাইন আবেদন কৰি আবন্টন লোৱাৰ চেষ্টা কৰাৰ অভিযোগৰ তদন্ত৷
২২/ চৰকাৰী মাটি বেচা কিনাৰ তদন্ত৷
২৩/ গাঁওপ্ৰধানৰ নামত গাঁওত সৃষ্টি কৰা আতংকৰ তদন্ত৷
২৪/ গাঁওত দুই পক্ষৰ মাজত কাজিয়া লগাই মুনাফা আদায় কৰাৰ অভিযোগ৷
এনে আন বহু অভিযোগ আছে, যিবোৰৰ তদন্ত সম্পুৰ্ণ কৰি ইতিমধ্যে বিহীত ব্যৱস্থা লোৱাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে হোজাই প্ৰশাসনে৷