HOJAI TV

Directions Contact the business

HOJAI TV এইবাৰ খুলিব মুখাৰ আঁৰৰ মুখা

31/07/2026

ভূমাফিয়াৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ কঠোৰ পদক্ষেপ৷
অতি সোনকালে আটক হব হোজাইৰ বহু ভুমাফিয়া৷ অসমৰ মুখ্যমন্ত্ৰীক নিৰীহ ৰাইজৰ অভিযোগৰ পাছতে হোজাইত শংকিত হৈ পৰিছে ভুমাফিয়া

মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত ডবকাৰ বানাক্ৰান্ত সকলৰ মাজত হাম হস্পিটেলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত৷ স...
26/07/2026

মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত ডবকাৰ বানাক্ৰান্ত সকলৰ মাজত হাম হস্পিটেলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত৷ স্বাস্থ্য পৰীক্ষা শিৱিৰত হাম হস্পিটেলৰ পোন্ধৰজন বিজ্ঞ চিকিৎসকলৰ লগতে হস্পিটেলখনৰ এটা বৃহৎ দল উপস্থিত থাকি প্ৰায় ১৮০০ লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সকলোকে বিনামূলীয়া দৰৱ পাতি যোগান দিয়ে হাম হস্পিটেলে৷ উল্লেখ্য যে বানৰ প্ৰকোপ কমাৰ পিছতে ডবকাৰ এই বান প্ৰভাৱিত অঞ্চলসমূহৰ বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে মৌলানা বদৰুদ্দিন আজমলে তাৎক্ষনিকভাৱে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ হাম হস্পিটেলক নিৰ্দেশ দিছিল৷

পিতৃহীনা খাদিজা আখতাৰা৷ আজমলে শিক্ষাৰ্থীগৰাকীৰ প্ৰতিভাৰ উমান পাই নীলবাগানৰ হাজী আজমল আলী কলেজত বিনামূলীয়াকৈ অধ্যয়নৰ সুবি...
25/07/2026

পিতৃহীনা খাদিজা আখতাৰা৷ আজমলে শিক্ষাৰ্থীগৰাকীৰ প্ৰতিভাৰ উমান পাই নীলবাগানৰ হাজী আজমল আলী কলেজত বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা দিছিল৷ আজি সেইগৰাকী শিক্ষাৰ্থীয়ে স্নাতক পৰীক্ষাত ইংৰাজী বিষয়ত সমগ্ৰ অসমৰ ভিতৰতে ১ম স্থান দখল কৰি গল্ড মেডেল লাভ কৰিবলৈ সক্ষম হল৷ কৃতি শিক্ষাৰ্থী গৰাকীক আজি আজমল ফাউণ্ডেচনৰ। ডিৰেক্টৰ ড° খছৰুল ইছলাম সহ হাজী আজমল আলী কলেজৰ অধ্যাপক অধ্যাপিকাই জাপি, ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ খাদিজা আখতাৰা এগৰাকী অধ্যাপক হব বিচাৰে৷ মৌলানা বদৰুদ্দিন আজমলে শিক্ষাৰ্থীগৰাকীৰ ভৱিষ্যতৰ সকলো খৰছ বহন কৰি আজমল বিশ্ববিদ্যালয়তে চাকৰিৰ সুবিধা দিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

শিংগিৰপাৰৰ গাঁওবুঢ়াৰ বিৰুদ্ধে গোচৰ তৰা লিয়াকত আলীক ড্ৰাগছ দি ফচাই জেলত দিয়াৰ ভাবুকি একাংশ ভুমাফিয়াৰ৷ হোজাইৰ অতিৰিক্ত আৰক...
08/07/2026

শিংগিৰপাৰৰ গাঁওবুঢ়াৰ বিৰুদ্ধে গোচৰ তৰা লিয়াকত আলীক ড্ৰাগছ দি ফচাই জেলত দিয়াৰ ভাবুকি একাংশ ভুমাফিয়াৰ৷ হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়ক বিপথে পৰিচালিত কৰি লিয়াকত আলীৰ বিৰুদ্ধে ভুৱা অভিযোগ মাটিৰ দালাল আব্দুল্লাহৰ৷ অৱশ্যে আৰক্ষীয়ে সত্য কথাটো অতি সোনকালে গম পালে৷ অৱশ্যে এই কাৰ্যত গাঁওবুঢ়া জড়িত নহয়৷ গাঁওবুঢ়াৰ নাম লৈ তিনিজন মাটিৰ দালালে লিয়াকত আলীক ড্ৰাগছৰ গোচৰত জেলত দিব বুলি ভাবুকি দিছে৷ হোজাই আৰক্ষী অধীক্ষক মহোদয়ক সকলো বিৱৰি দিয়া হৈছে অভিযোগ৷ অহাকালি আদালতত দিয়া হব গোচৰ৷

23/06/2026

আজি দ্বিতীয় বাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে শিংগিৰপাৰৰ নিলম্বিত গাওঁবুঢ়া শ্বাহিদ উদ্দিনৰ৷ শ্বাহিদ উদ্দিনৰ বিৰুদ্ধে মোৰাঝাৰ থানাত সাতমাহ পুৰ্বে ৰুজু হৈছিল ২৩৮/২৫ নং গোচৰ৷

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত হোজাই জিলা আয়ুক্তৰ উচৰত শিংগিৰপাৰৰ নিলম্বিত গাঁওবুঢ়াৰ নিম্নলিখিত তথ্য বিচাৰি আবেদন স্থানীয় ৰ...
22/06/2026

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত হোজাই জিলা আয়ুক্তৰ উচৰত শিংগিৰপাৰৰ নিলম্বিত গাঁওবুঢ়াৰ নিম্নলিখিত তথ্য বিচাৰি আবেদন স্থানীয় ৰাইজৰ৷
১/ এজন গাঁওপ্ৰধান কিমানদিন কৰ্তব্যত অনুপস্থিত থাকিলে তেওঁৰ উপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে?

২/ শিংগিৰপাৰৰ নিলম্বিত গাঁওপ্ৰধান বিগত সাতমাহ ধৰি পলাতক হৈ কৰ্তব্যত অনুপস্থিত থকাৰ পিছতো কিয় বৰ্তমানলৈকে বিভাগে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই?

৩/ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰ নং AB2880/2025 নং গোচৰৰ ১২ নং নিৰ্দেশটো হোজাইৰ আয়ুক্ত মহোদয়ে কাৰ্যকৰী কৰিছেনে? গাঁওপ্ৰধানৰ দূৰ্নীতিসমূহৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়লয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ পালন কৰা হৈছেনে? যদি হৈছে সম্পুৰ্ন তদন্তৰ প্ৰতিবেদনটো দিব৷

৪/ ডবকা ৰাজহ চক্ৰ বিষয়া মহোদয়াৰ নামত ধন সংগ্ৰহৰ বেংক ষ্টেটমেন্ট, লেন দেনৰ কথোপকথন, WATSAPPৰ কথাবাৰ্তা আদি সকলো প্ৰমান থকাৰ পিছতো কি যুক্তিত কেৱল গাঁওপ্ৰধানক নিলম্বন কৰিয়েই বিভাগে দায় সাৰিছে?

এই সমূহ তথ্য বিচাৰি হোজাই আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত স্থানীয় এগৰাকী মহিলাই দাখিল কৰিছে RTI আবেদন৷ আয়ুক্ত মহোদয়ে RTI খন গ্ৰহণ কৰি সংশ্লিষ্ট বিষয়া অৰ্থাৎ অতিৰিক্ত আয়ুকত (ৰাজহ) ক ইয়াৰ লিখিত উত্তৰ দিবলৈ নিৰ্দেশ দিছে৷

18/06/2026

শিংগিৰপাৰৰ নিলম্বিত গাঁওবুঢ়াৰ আতংকৰ বাবে এনেদৰে কান্দিছে গাঁওৰ নিৰীহ মহিলাই
Hojai Police
Himanta Biswa Sarma
Habib Mohammed Chowdhury
Assam Police
HOJAI TV
Pratidin Time

যোৱা ৯ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নথকাৰ বাবে নিলম্বিত শিংগিৰপাৰৰ গাঁওপ্ৰধান শ্বাহিদ উদ্দিনৰ জামিন নহল৷ ন্য...
10/06/2026

যোৱা ৯ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নথকাৰ বাবে নিলম্বিত শিংগিৰপাৰৰ গাঁওপ্ৰধান শ্বাহিদ উদ্দিনৰ জামিন নহল৷ ন্যায়াধীশ মহোদয় ১৪ দিন ছুটীত থাকিব৷ আনহাতে ইয়াৰ পিছত অহা ১৩/৭/২০২৬ তাৰিখলৈকে গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধ থাকিব৷ সেয়েহে ১৪ জুলাই লৈকে জামিন নহব শ্বাহিদ উদ্দিনৰ৷ ১৪ তাৰিখে আদালত খুলিলেও ১৭ বা ১৮ জুলাইতহে তেওঁ জামিনৰ বাবে আবেদন জনাব পাৰিব৷

09/06/2026

বিবাহৰ পূৰ্বে পত্নীৰ নামত কিদৰে চৰকাৰী বিল আবন্টিত হল.. ? তাকে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ঘোটে ঘোটে পানী খাইছে জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই৷ এজন গাঁওপ্ৰধানক বচাবলৈ গৈ আদালতৰ ৰোষত পৰিছে জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়া

Address

Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when HOJAI TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HOJAI TV:

Shortcuts

Share