Kaki Ancholik - AAMSU

Kaki Ancholik - AAMSU I'm a member of AAMSU

26/02/2025
02/01/2025

AAMSU ZINDABAD RSK ZINDABAD

18/12/2024
18/12/2024

কৃতজ্ঞতা স্বীকাৰঃ
২০২১চনৰ ০৮ফেব্ৰুৱাৰীৰ দিনা নীলবাগানত হোৱা অধিবেশনৰ জৰিয়তে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ হোজাই জিলা সমিতিৰ দৰে এক গুৰুত্বপূৰ্ণ জিলাৰ সভাপতি হিচাপে গধুৰ দ্বায়িত্ব অৰ্পন কৰা হৈছিল।

মোৰ ওপৰত সকলোৱে ৰখা আস্থা আৰু বিশ্বাস অটুট ৰাখি জিলা সমিতি খনক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলো। জিলা ও আঞ্চলিক সমিতিৰ সকলোৰে সহায় সহযোগিতাৰ ফলত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তৰ দ্বাৰা কাৰ্য্যকাল বৃদ্ধি কৰি জিলা সমিতি খনক অবিৰত ভাৱে আগুৱাই লৈ যাবলৈ সক্ষম হৈছিলো।

হোজাই জিলা আমছু'ক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বিশেষ ভাৱে উপদেশ, দিহা-পৰামৰ্শ দিয়া আৰু যিকোনো সময়ত আৰ্থিক, শাৰীৰিক সহায় সহযোগ কৰি গৈছিল জিলা সমিতিৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন(বকুল)ভাইয়ে। মুখ্য উপদেষ্টা হৈয়ো প্ৰয়োজনত এগৰাকী সাধাৰণ সদস্যৰ দৰে নিজৰ অৰিহনা দি গৈছিল। মই তেখেতৰ নেতৃত্ব আৰু সহায় সহযোগিতা কেতিয়াও পাহৰিব নোৱাৰো।

অৱশেষত মোৰ কাৰ্যকাল সমাপ্ত হ'ল, ফলত ১৫ডিচেম্বৰত উলহ মালহেৰে দিনজোৰা বিভিন্ন কাৰ্য্যসূচীৰে হোজাই জিলা আমছু'ৰ দশম দ্বি-বাৰ্ষিক অধিবেশনখন হোজাই নগৰৰ “J K KEDIA”ভৱনত আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। বিভিন্ন কাৰ্যসূচীৰ অন্তত নিশা আৰম্ভ হোৱা প্ৰতিনিধি সভাত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে আমছু কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মোশ্বাৰফ হুছেইন কবিৰ ডাঙৰীয়া আহিছিল, লগত উপস্থিত আছিল আমাৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় উপ সভাপতি গিয়াছ উদ্দিন তাফাদাৰ ডাঙৰীয়া।

মাজনিশা প্ৰতিনিধি সভাত সৰ্বসন্মতি মৰ্মে পুনৰবাৰ আমাক সভাপতিৰ দৰে গুৰুদ্বায়িত্ব অৰ্পন কৰি যি আস্থা আৰু ভৰষা দেখুৱালে সেইখিনি ৰক্ষা কৰি সমিতিখনক শক্তিশালী ৰুপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্বতকৈ দুগুণ উৎসাহেৰে দ্বায়িত্ব পালন কৰি অসমৰ সংখ্যালঘু ৰাইজৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত সদায় নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি যাম, মাথো সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।

অতদিনে আমাক সহায়-সহযোগ কৰি থকা সকলো পৰ্য্যায়ৰ দয়াবান ব্যক্তি সকলৰ সমান্তৰাল ভাৱে হোজাই জিলাবাসী তথা মোৰ ওপৰত ভৰষা কৰা প্ৰতিখন আঞ্চলিক সমিতিৰ বিষয়ববীয়া, জিলা পৰ্য্যায়ৰ বিষয়ববীয়া, কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু বিশেষকৈ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন(বকুল) ভাইক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ।

ধন্যবাদেৰে
কবিৰ আহমেদ লস্কৰ।
সভাপতি, হোজাই জিলা আমছু।

24/10/2024

Address

Hojai

Telephone

+918721978827

Website

Alerts

Be the first to know and let us send you an email when Kaki Ancholik - AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kaki Ancholik - AAMSU:

Share