Chitalmari Live

Chitalmari Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chitalmari Live, Media/News Company, Hojai.

আপোনালোকে যদি আপোনালোকৰ Company, Car, Shop, Shopping mall, website, School, Coshing Centre, Collection, Business ইত্যাদি বিলাক Promution news কৰায় তেন্তে যোগাযোগ কৰক:7620802068 নাম্বাৰত। (Only WhatsApp

09/09/2026

ঘৰৰ নামত টকা লোৱা পুতুল দাসৰ ঘৰত মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষীৰ দল উপস্থিত হয়।

09/09/2026

🚨 চৰকাৰী ঘৰ দিয়াৰ নামত লাখে লাখে টকা সংগ্ৰহৰ অভিযোগ!

চৌধুৰী বজাৰ গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডত চৰকাৰী গৃহ আঁচনিৰ সুবিধা প্ৰদানৰ নামত হিতাধিকাৰীৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ এই অভিযোগক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

বিষয়টো সন্দৰ্ভত প্ৰশাসনে তদন্ত কৰি প্ৰকৃত সত্য উদঘাটন কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

⚠️ অভিযোগৰ সত্যতা তদন্তৰ পিছতহে নিশ্চিত হ’ব।

09/09/2026

এফালে মছজিদ ভাঙি আছে আৰু আনফালে আল্লাহৰ গজব আহিছে।

07/09/2026

শিক্ষক দিৱস উপলক্ষে #আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলত আমাৰ সকলোৰে সুপৰিচিত #এডভোকেট #আমজাদ হুছেইন তালুকদাৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ালোঁ আপোনালোকৰ মাজত।

07/09/2026

শিক্ষক দিৱস উপলক্ষে আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলত অনুষ্ঠিত হয় এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠান।

এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰী #ছাবিয়া #মুছকানে শিক্ষকসকলক লৈ এটি সুন্দৰ গীত পৰিৱেশন কৰি সকলোৰে মন জয় কৰে।
#ছাবিয়া #মুছকানৰ মধুৰ কণ্ঠত গীতৰ সুৰে অনুষ্ঠানস্থলীত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। তেওঁৰ এই প্ৰতিভাই শিক্ষকসকলৰ লগতে উপস্থিত সকলোকে আপ্লুত কৰে।

শিক্ষকসকলৰ প্ৰতি সন্মান আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ এনে সুন্দৰ প্ৰকাশে শিক্ষক দিৱসৰ অনুষ্ঠানটোক কৰি তোলে অধিক স্মৰণীয়।

#আব্দুছ #ছালাম #ইণ্টাৰনেশ্যনেল #স্কুল

06/09/2026

মোৰাঝাৰৰ বৰপুখুৰীস্থিত মাৰাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন।

শিক্ষকসকলৰ ত্যাগ, নিষ্ঠা আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অমূল্য অৱদানক সন্মান জনাই শিক্ষাৰ্থীসকলে আনন্দ-উৎসাহেৰে পালন কৰে শিক্ষক দিৱস। অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীসকলক জাঁপি, গামোচা, কলম আৰু ফুলৰ টোপোলাৰে সন্মান জনায় শিক্ষাৰ্থীসকলে।

06/09/2026

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে চামৰালী বজাৰত অৱস্থিত আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলতো উলহ-মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ শিক্ষক গোলাপ হুছেইন চৌধুৰীয়ে শিক্ষকসকলৰ গুৰুত্ব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াত তেওঁলোকৰ ভূমিকাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

🎥 শুনক আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলৰ শিক্ষক গোলাপ হুছেইন চৌধুৰীৰ বক্তব্য।

06/09/2026

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে চামৰালী বজাৰত অৱস্থিত আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলতো উলহ-মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলৰ এগৰাকী কণমানি ছাত্ৰী সুৰাইয়া বেগমে শিক্ষক দিৱস উপলক্ষে বক্তব্য আগবঢ়ায়।

🎥 আপোনালোকৰ মাজত আগবঢ়ালোঁ কণমানি ছাত্ৰী সুৰাইয়া বেগমৰ বক্তব্য।

05/09/2026

চামৰালী বজাৰত অৱস্থিত আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলতো আজি উলহ-মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ স্বত্বাধিকাৰী বদৰ উদ্দিনে শিক্ষকসকলৰ গুৰুত্ব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াত তেওঁলোকৰ ভূমিকাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

🎥 শুনক আব্দুছ ছালাম ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী বদৰ উদ্দিনৰ বক্তব্য।

অসম সাহিত্য সভাই ৰাষ্ট্ৰীয় শিক্ষক দিৱসত বিশিষ্ট শিক্ষক  ছাদিকুজ জামানক সম্বৰ্ধনা জনায়৷ অভিনন্দন জামানলৈ----
05/09/2026

অসম সাহিত্য সভাই ৰাষ্ট্ৰীয় শিক্ষক দিৱসত বিশিষ্ট শিক্ষক ছাদিকুজ জামানক সম্বৰ্ধনা জনায়৷ অভিনন্দন জামানলৈ----

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Chitalmari Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share