TIMES Doboka

TIMES Doboka We will be looking for neutrals
(2)

01/09/2026

ফোনযোগে ভা*বুকি দিয়াৰ পিছতে AJYP- ৰ পৰা পদত্যাগ কৰিলে বহুজনে। তাৰ পিছতে থানাত দাখিল কৰিলে এজাহাৰ।

01/09/2026

ট্ৰাকৰ চকাৰ আগত বহিল চালক। চালকৰ কিবা হলে প্ৰশাসনক জগৰায়া কৰাৰ হু/ংকাৰ।

*হোজাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ নৱ-নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ*---------------------------------------------------...
01/09/2026

*হোজাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ নৱ-নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ*
---------------------------------------------------

আজি ডবকা বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হোজাই জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ নৱ-নিৰ্বাচিত সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত সভাপতিত্ব কৰে সংস্থাৰ প্ৰাক্তন সভাপতি শ্ৰী সঞ্জয় দত্তই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক আব্দুল খালিক লস্কৰে। সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

শপতগ্ৰহণ অনুষ্ঠানত সংস্থাৰ প্ৰাক্তন বিষয়ববীয়া শ্ৰীযুত মাখন চন্দ্ৰ বিশ্বাস ডাঙৰীয়াই নৱ-নিৰ্বাচিত সভাপতি শ্ৰী পৰিতোষ দাস, সাধাৰণ সম্পাদক আব্দুল খালিক লস্কৰ, উপ-সভাপতি চাবিৰ আহমেদ, সহকাৰী সাধাৰণ সম্পাদক শ্যাম কিশোৰ সিংহ, আব্দুল চুবুৰ, ৰাজ্যিক সদস্য খলিলুৰ ৰহমান সহ ৩১ জনীয়া সমিতিখনক শপত বাক্য পাঠ কৰায়।

উক্ত সভাতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

01/09/2026

অন্তৰ চুই যাৱ আপোনাৰ

নেপালৰ ভ*য়ংকৰ বানত সন্ধানহীন গৌতম দাসক উদ্ধাৰ হোজাই আৰক্ষীৰ। বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গৌতম দাসৰ সন্ধান উল...
01/09/2026

নেপালৰ ভ*য়ংকৰ বানত সন্ধানহীন গৌতম দাসক উদ্ধাৰ হোজাই আৰক্ষীৰ।

বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গৌতম দাসৰ সন্ধান উলিয়াই হোজাই আৰক্ষীয়ে।

01/09/2026

যুৱ সজাগতা সভা আৰু যোগবন্ধু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কি কলে অভিনেতা যতীন বৰাই

আমছু নেতাৰ ঘৰত চুৰিকাণ্ড,
31/08/2026

আমছু নেতাৰ ঘৰত চুৰিকাণ্ড,

অসম আৰক্ষীৰ এগৰাকী নিষ্ঠাবান অৱসৰপ্ৰাপ্ত বিষয়া মোৰাঝাৰ চাবাজপুৰৰ বাসিন্দা নজিৰ আলী (৬২)ৰ বিয়োগ৷ হঠাৎ নিজ বাসভৱনত দুপৰীয়া...
31/08/2026

অসম আৰক্ষীৰ এগৰাকী নিষ্ঠাবান অৱসৰপ্ৰাপ্ত বিষয়া মোৰাঝাৰ চাবাজপুৰৰ বাসিন্দা নজিৰ আলী (৬২)ৰ বিয়োগ৷

হঠাৎ নিজ বাসভৱনত দুপৰীয়া হৃ*দযন্ত্ৰৰ বিকলতা হৈ ই*হলীলা সম্বৰণ কৰে৷

তেওঁৰ মৃ*ত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷

31/08/2026

হোজাই নীলবাগান মডেল উচ্চতৰম মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ হোজাই জিলা সমিতিৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাত আব্দুল হাকিমক সভাপতি আৰু প্ৰনৱ শৰ্মাক সাধাৰন সম্পাদক হিচাপে লৈ ৪১ জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়৷

31/08/2026

Address

Hojai

Telephone

+916000979556

Website

Alerts

Be the first to know and let us send you an email when TIMES Doboka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIMES Doboka:

Shortcuts

Share