12/04/2026
ভাৰতীয় সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী, কিংবদন্তি আশা ভোছলে দেৱীৰ পৰলোক গমনত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ সুমধুৰ আৰু হৃদয়স্পৰ্শী কণ্ঠই বহু দশক ধৰি অসংখ্য সংগীতপ্ৰেমীৰ হৃদয় জয় কৰি আহিছিল আৰু ভাৰতীয় সংগীতক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান সদায়েই অম্লান হৈ থাকিব।
এই শোকৰ সময়ত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, গুণমুগ্ধ আৰু শুভাকাংক্ষী সকলোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
ঔঁ শান্তি 🙏🏻🕯️