TV9 NEWZ NE

TV9 NEWZ  NE সত্যৰ সন্ধানত ৰাইজৰ পক্ষত

21/12/2024
23/11/2024

ৰাস উৎসৱৰ লগত সংগতি ৰাখি ৰাইডঙীয়া পহুকটা গাঁৱত কৃষ্ণ বন্দনাৰে মুখৰিত আকাশ বতাহ। বিধায়ক ৰূপক শৰ্মাৰ অংশ গ্ৰহণ।
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ
ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্রান্তে এতিয়াও উৎসাহ-উদ্দীপনা বিৰাজ কৰি আছে। ৰাস উৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱাৰ সমীপবৰ্তী ৰাইডঙীয়া পহুকটা গাঁৱত শুক্ৰবাৰে কৃষ্ণ বন্দনাৰে আকাশ বতাহ মুখৰিত হৈ পৰে। পহুকটা গাঁৱৰ 'জুৰন বৰা ক্ষেত্ৰ'ত ৰাস উৎসৱ উপলক্ষে গঞা ৰাইজৰ উদ্যোগত নিশা কেলিগোপাল নাটক মঞ্চস্থ কৰা হয়। উল্লেখ্য যে, ৰাস উৎসৱৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ অনুষ্ঠিত পহুকটা গাঁৱৰ কাৰ্যসূচীত গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো পুৰুষ মহিলাৰ অংশ গ্ৰহণেৰে কালি প্ৰথম দিনা কেলিগোপাল নাটক মঞ্চস্থ কৰা হয় আৰু আজি (শনিবাৰে) নিশা "ভক্ত হনুমান ভাওনা পৰিবেশন কৰিব। ইফালে ঐতিহ্যমণ্ডিত গাঁও খনৰ ৰাস উৎসৱত অংশ গ্ৰহণ কৰে বিধায়ক ৰূপক শৰ্মাই। বিধায়ক ৰূপক শৰ্মাই কেলিগোপাল নাটখন উপভোগ কৰি "শৰৎ কালৰ নিশা কৃষ্ণ ভক্তিত বিলীন হবলৈ আমাক গুৰুজনাই কেলিগোপাল নাটখন দি থৈ গৈছে। আৰু এই ভগৱৎ প্ৰেমত মত্ত হৈ আমি সম্প্ৰতি, সমন্বয়ৰে এখন সুন্দৰ সমাজ গঢ়িব লাগে" বুলি মন্তব্য প্ৰদান কৰে। শৈলেন বৰাৰ পৰিচালনাৰে পুৱতি নিশালৈ মঞ্চস্থ কৰা কেলিগোপাল নাটখন সহস্ৰাধিক লোকে উপভোগ কৰে।

বটদ্ৰৱা পৰা মেহদি জামান প্রতিবেদন।

16/11/2024

: উজনি কি নামনি সৰ্বত্ৰ ৰাস মহোৎসৱৰ উন্মাদনা। ব্যতিক্ৰম নহল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিভিন্ন অঞ্চল ।

14/11/2024

আজি ১৪ নৱেম্বৰ শিশু দিৱস উপলক্ষে আলিনগৰ উন্নীত প্ৰাতমিক বিদ্যালয়ত উযাপন।
# day Jawaharlal Nehru ex Prime minister #

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when TV9 NEWZ NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share