30/01/2023
হাউলীৰ খন্দকাৰপাৰাত ৩২ বছৰ পাছত বেদখল ভূমি মুকলি কৰি দিলে জিলা প্ৰশাসনে : সন্তোষ প্ৰকাশ গৃহস্থ তথা স্থানীয় ৰাইজৰ
২৩ জানুৱাৰী ● বৰপেটা জিলা ঘিলাঝাৰী মৌজাৰ খন্দকাৰপাৰা গাঁৱৰ ইন্নচ আলী খান নামৰ এগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ ৩০/৩২ বছৰ ধৰি ৰুহুল আমিনৰ ৫৭২ নং দাগৰ ২৫ লেচা মাটি বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ত আৱেদন কৰিছিল | ৰুহুল আমিনে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন দাখিল পাছতে বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল বৰাৰ নেতৃত্বত উৰ্ধতন কৰ্তৃপক্ষৰ এটি দলে চলিত মাহৰ ১৮ জানুৱাৰী তাৰিখে মাটি খিনি ইন্নচ আলী খানৰ পৰা বেদখল মুক্ত কৰি ৰুহুল আমিনৰ পৰিয়ালক চমজাই দিয়ে | উল্লেখ্য যে ৰুহুল আমিনৰ পৰিয়ালে হাউলী টাউনত দীৰ্ঘদিন ধৰি বসবাস কৰি থকাৰ সুযোগ লৈ ইন্নচ আলী খানে এইদৰে উক্ত মাটি খিনি অবৈধভাৱে বেদখল কৰি লৈছিল | সম্প্ৰতি ৫৭১ নং দাগৰ ৰুহুল আমিনৰ পিতৃ ৰহম আলী আহমেদৰ নামত থকা ১ বিঘা, ২ কঠা,১৮ লেচা মাটি এতিয়াওঁ ইন্নচ আলী খানে বেদখল কৰি ৰখাত বৰপেটা আদালতত ইতিমধ্যে এই সংক্ৰান্তত গোচৰ চলি আছে বুলি জানিবলৈ দিয়ে | উক্ত মাটি খিনি ইতিমধ্যে উত্তাৰাধিকাৰী সূত্ৰে চৰকাৰে ২০৭ নং পাট্টাৰ ৮৪০ নং দাগত ৰুহুল আমিন আৰু সৰু ভাতৃৰ নামত পট্টন দিছে বুলি আমিনে জানিবলৈ দিয়ে | বৰপেটা জিলা প্ৰশাসনে মাটিৰ মূল মালিকক মাটি খিনি দীৰ্ঘদিনৰ অন্তত চমজাই দিয়াত উক্ত স্থানত ৰুহুল আমিনে সোমবাৰে দিনৰ ১ বজাত এটি দোৱা মেহফিল অনুষ্ঠিত কৰে | উক্ত অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকি চক্ৰ বিষয়া প্ৰাঞ্জল বৰাৰ লগতে জিলা প্ৰশসনকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে | প্ৰশাসনে উক্ত মাটি খিনি চমজাই দিয়াৰ পিছতো ৰুহুল আমিনৰ পৰিয়ালক ইন্নচ আলী খানৰ পৰিয়ালে ভয়-ভাবুকি প্ৰদৰ্শন কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে |