Julhas Ali Ahmed's pen

Julhas Ali Ahmed's pen অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

◾মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিমাননীয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয় জয়তে আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপ...
09/09/2022

◾মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি
মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয় জয়তে আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো, আশা কৰোঁ আপুনি ভালেই আছে। ঈশ্বৰ-আল্লাহে কৰক আপুনি সকলোসময়তে ভালে-কুশলে থাকক, আপোনাৰ পদমৰ্যদা বৃদ্ধি পাওঁক।

মহাশয়, আপুনি দেশ তথা ৰাজ্যৰ ভবিষ্যৎ। আপোনাক লৈ আমি গৌৰৱ কৰোঁ, দেখোঁ অলেখ সপোন। আমি প্ৰতিজন অসমবাসীয়ে মনেপ্ৰাণে বিচাৰোঁ যে, অসমৰ সুযোগ্য সন্তান ড০ হিমন্ত বিশ্ব শৰ্মা এদিন দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ দৰে সৰ্ব্বোচ্চ আসন অলংকৃত কৰক।

মহাশয়, মিছা কথা কলে কি ডাল হ'ব? এটা সময়ত আপুনি মোৰ আদৰ্শ আছিল। আপোনাৰ কথাবতৰা, কথা কোৱাৰ স্টাইল, সুন্দৰ ভইচ আদি নকল কৰিছিলোঁ। আপোনাৰ যুক্তি আৰু উপস্থিত বুদ্ধিক লৈ আমি গৌৰৱ অনুভৱ কৰিছিলোঁ, আজিওঁ কৰোঁ।

মহাশয়, আজি কিছুদিন ধৰি টিভি-মিডিয়া যোগে সম্প্ৰচাৰিত আপোনাৰ কিছু আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্যই এটা বিশেষ জনগোষ্ঠীৰ লোকৰ লগতে মোকো ব্যথিত কৰি তুলিছে। এটা বিশেষ সম্প্ৰদায় বা তেওঁলোকৰ ধৰ্মীয় প্ৰতিষ্ঠান অৰ্থাৎ মাদ্ৰাছাক টাৰ্গেট কৰি আপুনি যি ধৰণে মন্তব্য আগবঢ়াই গৈছে সেইটো আপোনাৰ দৰে এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়, কাৰণ আপুনি এতিয়া কোনো দল-সংগঠনৰ কৰ্মকৰ্তা হৈ থকা নাই, আপুনি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী। অসম তথা অসমত বসবাস কৰা বিভিন্ন জাতি ধৰ্মালম্বী লোকৰ অভিভাৱক আৰু অভিভাৱক এজন সদায়ে উদাৰ, নিৰপেক্ষ তথা সহিষ্ণুতা পৰায়ণ হয়। চৰকাৰ-প্ৰশাসনৰ মুৰব্বী এজনৰ ধৰ্মই হৈছে দেশ তথা দহৰ সেৱা কৰা লগতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, যাতে সংখ্যাগুৰুৰ দেশত বসবাস কৰা অল্পসংখ্যক লোকে কেতিয়াওঁ নিৰাপত্তাহীনতা বা মনোকষ্ট নাপায়।

মহাশয়, বেয়া নাপাব, মই হলে আপোনাক নীতি শিক্ষা দিব বিচৰা নাই আৰু সেই যোগ্যতাও মোৰ নাই। মই কিয়? আপোনাৰ দৰে এগৰাকী নিপুণ, সাহসী, বাকপটু আৰু প্ৰচুৰ বুদ্ধিমত্তা সম্পন্ন ব্যক্তিক নীতি শিক্ষা দিয়াৰ দুঃসাহক কৰাৰ ধৃষ্টতা কোনেওঁ কৰিব নোৱাৰে? আপোনাক ভাল পাওঁ বুলিহে মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ প্ৰয়াসহে কৰিলোঁহক।

মহাশয়, মই কোনো জেহাদী, অপৰাধী, বিদেশী বা বহিঃশক্তীৰ পক্ষত নাই, সি লাগিলে মুছলমান কিংবা ধৰ্মগুৰু আলিম-উলামাই নহওঁক কিয়? কিন্তু জেহাদী, বিদেশীৰ আলম লৈ কোনো এখন মাদ্ৰাছা ভাঙি চূৰমাৰ কৰি দিয়া বা ভাৰতীয় মিঞা মুছলমান সকলক তুচ্ছ-তাচ্ছিল্য কৰি কথা কৈ তেওঁলোকৰ অনুভূতিত আঘাত দিয়াটোও সমীচিন নহয়।

মহাশয়, সমগ্ৰ দেশ তথা ৰাজ্যৰ দৃষ্টি সদায়ে আপোনাৰ পিনে নিবদ্ধ হৈ থাকে, আমিওঁ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীতকৈ আপোনাক অধিক গুৰুত্ব দিওঁ। আমি বিশ্বাস কৰোঁ যে, আন আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তুলনাত আপুনি এজন দক্ষ, প্ৰভাৱশালী মুখ্যমন্ত্ৰী, সেয়ে আকৌ কৈছোঁ আপুনি এজন সম্ভাৱনাময় ব্যক্তি। আপোনাৰ দৰে সুযোগ্য, বিজ্ঞ আৰু মেধাসম্পন্ন ব্যক্তিৰ সদায় আমাৰ দেশ আৰু জাতিৰ প্ৰয়োজন আছে আৰু আগলৈও থাকিব।

মহাশয়, আমি পাহৰি যোৱা নাই যে, আপুনি কৰোনা মহামাৰীৰ সময়চোৱাত নিজৰ জীৱনকো বাজিত ৰাখি কিদৰে সৰ্বসাধাৰণৰ সেৱাত সচেষ্ট আছিল। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰত থাকি আপুনি শিক্ষা, স্বাস্থ্য খণ্ডৰ আমোল পৰিৱৰ্তন কৰাৰ সমান্তৰালকৈ বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুৰব্বীৰ দ্বায়িত্ব চম্ভালি অপৰাধ-অপকৰ্ম, দুৰ্নীতি-ভ্ৰষ্টাচাৰ তথা অসামাজিক কাৰ্য্যকলাপৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি কেৱল সাহসিকতাৰ পৰিচয় ধিয়াই নহয় বৰঞ্চ আপুনি যে অসমৰ এগৰাকী দ্বায়িত্ববোধ থকা দ্বায়বদ্ধশীল মুখ্যমন্ত্ৰী সেয়াও প্ৰমাণ কৰি দেখুৱালে। আপোনাৰ কৰ্মদক্ষতা আৰু শূন্য সহনশীল মনোভাৱ সচাকৈয়ে শলাগনীয়। অৱশ্যে এতিয়াওঁ ড্ৰাগছৰ বেহা-বেপাৰ চলিয়েই আছে।

মহাশয়, বিভিন্ন জাতি, ধৰ্মাৱলম্বী লোকেৰে পৰিপূৰ্ণ বাৰেৰহণীয়া ফুলনি বাগিচা সদৃশ্য সামজখনত সাধাৰণ বিদ্যালয়ৰ লগতে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰো প্ৰয়োজন আছে। ধৰ্মীয় শিক্ষাৰ প্ৰচলন (লাগিলে সনাতনী শিক্ষাই হওঁক বা ইছলামীক শিক্ষাই হওঁক) নাথাকিলে মানুহ গোমৰা অৰ্থাৎ পথভ্রষ্ট হৈ পৰিব। সেয়ে সাধাৰণ শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। হয়, মাদ্ৰাছাক কেৱল ধৰ্মীয় শিক্ষাতে সীমাবদ্ধ নাৰাখি স্কুলীয়া শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰো ব্যৱস্থা ৰাখিব লাগে। এই ক্ষেত্ৰত আলিম-উলামাৰ লগত আলোচনা মৰ্মে আপোনাৰ চৰকাৰে বিশেষ নিয়ম-নীতি বান্ধি দিব পাৰে। এতিয়ালৈকে ৰাজ্যত যিমানবোৰ মাদ্ৰাছা প্ৰতিষ্ঠা হৈছে সেইসমূহ মাদ্ৰাছাক চৰকাৰী নথিভুক্ত কৰাৰ লগতে পৰৱৰ্ত্তী সময়ত যাতে চৰকাৰৰ অনুমতিবিহীন যতে-ততে আৰু মাদ্ৰাছা প্ৰতিষ্ঠা কৰিব নোৱাৰে সেইটোও চৰকাৰে নজৰত ৰাখিব লাগে। বহিঃৰাষ্টৰ পৰা চান্দা-বৰঙণি সংগ্ৰহৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ উপৰিও শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিব পাৰে। তাৰোপৰি যিসকল শিক্ষকৰ সাধাৰণ শিক্ষা, আধ্যাত্মিক জ্ঞান, সমাজ সংস্কাৰমুখী চিন্তা-চেতনা, দেশ তথা দেশৰ পৱিত্ৰ সংবিধানৰ প্ৰতি সমৰ্পণৰ ভাৱ নাথাকিব তেনে শিক্ষকক মাদ্ৰাছা কৰ্তৃপক্ষই নিযুক্তি দিব নালাগিব। তদুপৰি যিসকল আলিম-উলামা, হাফিজ, ক্বাৰী মাদ্ৰাছা কিংবা মছজিদত থাকি কোনো গৰ্হিত, অনৈতিক তথা ৰাষ্ট্ৰ বিৰোধী কাম কৰিব তেনে শিক্ষকৰ বিৰুদ্ধে আইনগতভাৱে বিহিত ব্যৱস্থা অৱশ্যেই লওঁক। মুঠতে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ স্বাৰ্থত চৰকাৰীভাৱে যি কৰিবলগীয়া আছে সকলো ফৰমেলিটি কৰি হলেওঁ মাদ্ৰাছাসমূহক অক্ষত ৰাখি দেশৰ দ্বিতীয় বৃহত্তৰ জনগোষ্ঠীটোৰ আস্থা, বিশ্বাস, আবেগ, অনুভূতিক সন্মান জনোৱা উচিত।

মহাশয়, এইখিনিতে আপোনালৈ মোৰ আন্তৰিক পৰাৰ্মশ যে, আপুনি কাৰোবাৰ অভিশাপ নলৈ শ্ৰষ্টাৰ সৃষ্টি জীৱশ্ৰেষ্ঠ মানুহৰ আৰ্শীবাদ বিচৰা উচিত, কিয়নো সদা-সৰ্ব্বদা আপোনাৰ কুশল-মঙ্গলেই একমাত্ৰ আমাৰ কাম্য।

শেষত আপোনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পৰম কাৰুণাময়, পৰম দয়ালু মহান আল্লাহৰ ওচৰত প্ৰণিপাত জনালোঁ—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
ম'বাইলঃ ৯৭০৬৬-৬৬১৯২

08/09/2022
এখেতৰ নাম হৈছে গাজিবুৰ ৰহমান। ফেচবুক ব্যৱহাৰকাৰী সকলৰ প্ৰায়েই চাগে এখেতক চিনি পায়। বৰ্তমান জাগীৰোডত বসবাসৰত গাজিবুৰ ৰহমা...
08/09/2022

এখেতৰ নাম হৈছে গাজিবুৰ ৰহমান। ফেচবুক ব্যৱহাৰকাৰী সকলৰ প্ৰায়েই চাগে এখেতক চিনি পায়। বৰ্তমান জাগীৰোডত বসবাসৰত গাজিবুৰ ৰহমান পেছাত এগৰাকী ৰাজ মিস্ত্ৰী। তেওঁৰ হাততৰ পৰশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনেকো পকী ঘৰে প্ৰাণ পাই উঠিছে। ভিন্ন ভিন্ন ডিজাইনৰ ঘৰ সাজিব পৰাৰ অভিজ্ঞতাৰে পুষ্ট গাজিবুৰ ৰহমান অত্যন্ত নম্ৰ, ভদ্ৰ আৰু অমায়িক লোক। সকলো সময়তে সততা, নিষ্ঠা আৰু কৰ্মদক্ষতাৰ পৰিচয় দি নিজৰ ওপৰত ন্যস্ত দ্বয়িত্বৰ কৰ্তব্য পালন কৰি আহিছে তেওঁ। প্ৰতিশ্ৰুতি দি সেয়া পালনত সদা সচেষ্ট গাজিবুৰ ৰহমানে কেতিয়াও ছল-চাতুৰীক প্ৰশ্ৰয় নিদিয়ে। ঠগ-প্ৰৱঞ্চনাৰ দুৱাৰ কাষতে কদাপি বহি নোপোৱা মোৰ কেমেৰামেন গাজিবুৰ ৰহমান জুৱা, মদ, ভাং আদি নিচাজাতীয় দ্ৰব্যৰ পৰা বহু নিলগত থাকে। এনেহেন এগৰাকী ভাল ৰাজ মিস্ত্ৰী আজি কৰ্মৰ অভাৱত দিবা-ৰজনী পাৰ কৰি আছে। কামৰ সন্ধানত তেওঁ এতিয়া বহিঃৰাজ্যলৈ গমন কৰাৰ মনস্থ কৰিছে। যদি কাৰোবাৰ হাতত কিবা কাম থাকে তেন্তে অনুগ্ৰহ কৰি গাজিবুৰ ৰহমানৰ 86384-43665 নম্বৰত যোগাযোগ কৰি এটা কাম দিব পাৰে। কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা অসমৰ সদাশয় ব্যক্তিসকলেও এইক্ষেত্ৰত সহানুভূতিৰে সহাৰি জনাব পাৰে। সমাজৰ প্ৰতি দ্বায়িত্ববোধ থকা দ্বায়বদ্ধশীল এইগৰাকী যুৱক গাজিবুৰ ৰহমানক কাম দি সহায় কৰিলে তেওঁ উপকৃত হ'ব।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
ম'বাইলঃ ৯৭০৬৬-৬৬১৯২

এইবাৰ ৰাহুল গান্ধীৰ মুখত ড্ৰাগছৰ প্ৰসংগকংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীৰ মুখেৰে এইবাৰ শুনিবলৈ পোৱা গ'ল বিষাক্ত ড্ৰাগছৰ...
07/09/2022

এইবাৰ ৰাহুল গান্ধীৰ মুখত ড্ৰাগছৰ প্ৰসংগ
কংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীৰ মুখেৰে এইবাৰ শুনিবলৈ পোৱা গ'ল বিষাক্ত ড্ৰাগছৰ ভয়াবহতাৰ কথা। গুজৰাটত বিষাক্ত মাদক দ্ৰব্যই অসংখ্যক মানুহৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাৰ আলম লৈ ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্রশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে। তেওঁ কয়, গুজৰাটত নির্বিচাৰে মাদক দ্ৰব্যৰ ব্যৱসায় চলি আছে। যাৰ বহুতৰে সুখৰ ঘৰ-সংসাৰ ধ্বংস হৈছে।

তেওঁ পুনৰাই প্রশ্ন উত্থাপন কৰি কয় যে, গুজৰাটৰ দৰে শুষ্ক ৰাজ্য এখনত প্ৰাণঘাটি ড্ৰাগছৰ ব্যৱসায় চলি আছে কেনেকৈ? তেওঁ অভিযোগ কৰি পুনৰাই কয়, কিছুদিন আগতে গুজৰাটত বিপুল পৰিমাণৰ ড্ৰাগছ জাতীয় ৰাগীয়াল দ্ৰব্য উদ্ধাৰ হৈছিল। জাতিৰ পিতা মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ পূণ্যভূমিত মাদকৰ ৰমৰমীয়া ব্যৱসায় চলাটো খুবেই উদ্বেগজনক বিষয়, এইদৰে কয় ৰাহুলে।

উল্লেখ্য যে, সিদিনা গুজৰাটত বিষাক্ত মাদক দ্ৰব্য সেৱনৰ ফলত প্রায় ৪০ জন লোকৰ অকাল মৃত্যু হৈছিল। মাদক দ্ৰব্য সেৱনৰ ফলত ইমান বৃহৎ সংখ্যক লোকৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছে কংগ্ৰেছে। আহমেদাবাদৰ সবৰমতীৰ তীৰত কংগ্ৰেছে 'পৰিবর্তন সংকল্প সমাবেশত' অংশ গ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইদৰে ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

প্ৰসংগত উল্লেখ্য যে, চলিত বছৰৰ শেষৰ ফালে গুজৰাট বিধানসভা নিৰ্বাচন। তাৰেই সুযোগ গ্ৰহণ কৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ড্ৰাগছৰ প্ৰসংগ উত্থাপন কৰা বুলি ৰাজনৈতিক বিশেষজ্ঞই ক'ব খুজে। গুজৰাট বিধানসভা নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই আক্ৰমণাত্মক হৈ উঠিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। সাম্প্ৰতিক সময়ত দেশ তথা যুৱপ্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া মাদক দ্ৰব্যক এইবাৰ প্ৰচাৰৰ হাতিয়াৰ কৰিয়েই গুজৰাটৰ বিজেপি চৰকাৰক চাপত পেলাবলৈ চেষ্টাত ত্ৰুটি কৰা নাই কংগ্ৰেছে। সোমবাৰে ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি ছোনিয়া তনয় ৰাহুল গান্ধীয়ে ভাষন প্ৰসংগত কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাট এতিয়া মাদকৰ কেন্দ্রত পৰিণত হৈছে যদিওঁ সেই লৈ শাসক গোষ্ঠীৰ কোনো কাণসাৰ নাই।

গুজৰাটত প্ৰায়েই নিষিদ্ধ মাদক দ্ৰব্য উদ্ধাৰ হোৱা দেখা যায়। কোটি কোটি টাকা মূল্যৰ ড্ৰাগছ উদ্ধাৰ হলেওঁ বিজেপিক কেতিয়াওঁ মুখ খুলা দেখা নাই। এই বিষয়টোকেই সন্মুখত ৰাখি প্রাক্তন কংগ্রেছ সভাপতিয়ে কৈছে, “গুজৰাট এতিয়া মাদকৰ কেন্দ্রত পৰিণত হৈছে। সকলো মাদক মুন্দ্রা বন্দৰৰ পৰা আতঁৰোৱা হয় কিন্তু আপোনাৰ চৰকাৰে কোনো ব্যবস্থাই নলয়। এইটোৱেই হৈছে গুজৰাট মডেল। এইদৰে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত ড্ৰাগছৰ প্ৰসংগই তোলপাৰ লগাইছে। শাসনাধিষ্ঠ বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰি যুৱৰাজ ৰাহুল গান্ধীয়ে কয়ঃ গুজৰাট এনেকুৱা এটা ৰাজ্য যত প্রতিবাদ কৰাৰ আগতে অনুমতি লৱ লাগীব। গুজৰাটতৰ বিজেপি চৰকাৰক সমালোচনা কৰাৰ সমান্তৰালকৈ সোমবাৰে মোদী চৰকাৰকো আক্রমণ কৰিবলৈ নেৰিলে ৰাহুলে। তেওঁ অভিযোগ কৰি কয় যে, “ভাৰতত ঘৃণা বিয়পাইছে। ভাৰতত মূল্যস্ফীতি তথা বেকাৰত্বৰ হাৰ বৃদ্ধি পাইছে আৰু এই কাৰণেই ঘৃণাৰ ভাৱ বৃদ্ধি পাইছে। বিজেপি আৰু আৰএছএছে দেশখনক ভাগ কৰি দেশত ভীতি সৃষ্টি কৰিছে। নৰেন্দ্ৰ নমোদী চৰকাৰৰ পৰা কৃষক বা ক্ষুদ্র ব্যবসায়ী সকলে কোনো সুবিধাই পোৱা নাই? পাইছে যদি কেৱল দেশৰ দুজন শিল্পপতিয়েহে।

ইফালে গুজৰাটৰ ৰাজপাট দখল কৰিবলৈ মৰিয়া হৈ উঠিছে কংগ্ৰেছ দল। গুজৰাটত চৰকাৰ গঠন কৰিব পাৰিলে কংগ্রেছে কি কি কৰিব?— ৩০ মিনিট সময়ৰ ভাষনত তাৰেই ব্যাখ্যা কৰি গল কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। ভাষন প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছ ক্ষমতালৈ আহিলে কৃষকসকলৰ আৰু ঘৰৰ ৩০০ ইউনিট লৈকে বিনামূলীয়া বিদ্যুৎ দিব। তাৰ লগতে ৩ লাক্ষ টাকা লৈকে কৃষি ঋণ মাফ কৰি দিব হ'ব। ৫০০ টকাত এলপিজি গেছ ছিলিন্ডাৰ পাব। এইদৰে সোমবাৰে চমকপ্রদ প্রতিশ্রুতিৰ বন্যা বোৱাই দিয়ে ৰাহুল গান্ধীয়ে।

আহমেদাবাদৰ সবৰমতীৰ তীৰত কংগ্রেছে 'পৰুবর্তন সংকল্প সমাবেশত' যোগদান কৰে ৰাহুল গান্ধীয়ে। আৰু তাৰ পৰাই তেওঁ গুজৰাটত কংগ্ৰেছ আহিলে কি কৰিব তাৰ এটা ৰেডম্যাপ দাঙি ধৰে ৰাহুলে।

১০ লাখ চাকৰি, ৩,০০০ ইংলিচ মিডিয়াম স্কুল নির্মাণৰ প্রতিশ্রুতিও দিয়ে তেওঁ। ছোৱালী সকলৰ বাবে বিনামূলীয়া শিক্ষাৰ পৰিকল্পনাৰ কথাও জনায় ৰাহুলে। তদুপৰি গুজৰাটত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা প্রত্যেক ব্যক্তিৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূকণ দিব বুলিও আশ্বাস দিয়ে। তেওঁ দাবী কৰা মতে কৰোনা মহামাৰীৰ সময়চোৱাত গুজৰাটত প্রায় ৩ লাখ মানুহৰ মৃত্যু হৈছিল।

শাসনাধিষ্ঠ বিজেপি চৰকাৰক কটাক্ষ কৰি ৰাহুলে কয়ঃ এফালে ‘সিহঁতে গুজৰাটত চৰ্দাৰ বল্লভভাই পেটেলৰ প্রতি শ্রদ্ধা সমৰ্পণ কৰি বিশ্বৰ বৃহত্তম মূর্তি নিৰ্মাণ কৰিছে, আনফালে সেই মানুহসকলৰ বিৰুদ্ধে কাম কৰি আছে যিসকলৰ বাবে চৰ্দাৰ পেটেলে সংগ্ৰাম কৰিছিল আৰু প্ৰাণ দিছিল।’—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
ম'বাইলঃ ৯৭০৬৬-৬৬১৯২

মাদ্ৰাছাৰ বিষয়ে দুআষাৰআচলতে ইছলাম ধৰ্মীয় প্ৰতিষ্ঠান অৰ্থাৎ কৌমী 'মাদ্ৰাছা'সমূহ জেহাদীৰ ঘাটি নেকি? মাদ্ৰাছাসমূহত প্ৰকৃতত...
06/09/2022

মাদ্ৰাছাৰ বিষয়ে দুআষাৰ
আচলতে ইছলাম ধৰ্মীয় প্ৰতিষ্ঠান অৰ্থাৎ কৌমী 'মাদ্ৰাছা'সমূহ জেহাদীৰ ঘাটি নেকি? মাদ্ৰাছাসমূহত প্ৰকৃততে জেহাদৰ প্ৰশিক্ষণ দিয়া হয় নেকি? মাদ্ৰাছাবোৰত সাম্প্ৰদায়িকতাবাদ কিংবা ভাৰত বিৰোধী শিক্ষা দিয়া হয় নে? সাম্প্ৰতিক সময়ত এইটো এটা লাখটকীয়া প্ৰশ্ন হৈ থিয় দিছে।

অসমৰ বিভিন্ন মাদ্ৰাছা ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু ছাত্ৰ/শিক্ষৰ সৈতে কথোপকথন কৰি জানিব পৰা গৈছে যে, অন্ততঃ অসমৰ কোনো এখন মাদ্ৰাছাতেই অইন ধৰ্ম বা ধৰ্মৰ দেৱ-দেৱীক অপমান কিংবা ভাৰত বিৰোধী কাৰ্য কৰিবলৈ কেতিয়াও উৎসাহিত কৰা নহয়, বৰঞ্চ মাদ্ৰাছাবোৰত এগৰাকী ভাল মানুহ তথা দেশৰ সু-নাগৰিক হ'বলৈহে শিক্ষা দিয়া হয়।

মানুহ এজনক কেনেকৈ ধাৰ্মীক, সহিষ্ণুতাপৰায়ণ, দায়াশীল, বিনয়ী, পৰোপকাৰী, অইন ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল আৰু দেশ প্ৰেমিক হিচাপে গঢ়ি তুলিব পাৰি তাৰেই শিক্ষা প্ৰদান কৰা হয় মাদ্ৰাছাত।

বহুতকে কোৱা শুনা যায় যে, মাদ্ৰাছাত পঢ়া ছাত্ৰসকল হেনো জেহাদী (সন্ত্ৰাসবাদী) হয়, আচলতে এয়া সম্পুৰ্ণ মিছা, মনেসজা আৰু মাদ্ৰাছা তথা মাদ্ৰাছাৰ ছাত্ৰ/শিক্ষক সকলৰ ওপৰত অপবাদ জাপি দিয়াৰ বাহিৰে আন একো নহয়।

ইতিহাসৰ পাত লুটিয়াই বগৰাই চালে দেখা যায় যে, পৃথিৱীত যিমানবোৰ ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদী হামলা হৈছে সেয়া কোনো মাদ্ৰাছাৰ শিক্ষক/ছাত্ৰৰ দ্বাৰা নহয় বৰং সাধাৰণ শিক্ষাৰে শিক্ষিত মানুহৰ দ্বাৰাই সংঘটিত হৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আল-কাইদাৰ মুৰব্বী ওচামা বিন লাদেন কোনো মাদ্ৰাছাৰ ছাত্র/শিক্ষক নাছিল বৰঞ্চ তেওঁ অৰ্থাৎ ওচামা বিন লাদেন এগৰাকী ইঞ্জিনিয়াৰ আছিল। আল-কাইদাৰ বৰ্তমানৰ মুৰব্বী আইমান আল জুৱাহিৰ নামৰ সন্ত্ৰাসবাদীজনো কোনো মাদ্ৰাছাৰ ছাত্ৰ/শিক্ষক নাছিল, বলকে তেওঁ এগৰাকী চিকিৎসক আছিল। তদুপৰি ভাৰতৰ সংসদ ভৱনত আক্ৰমণ কৰা আফজল গুৰু এজন উচ্চ শিক্ষিত অৰ্থাৎ প্ৰফেচাৰ আছিল। মুম্বাই কাণ্ডৰ মূল নায়ক পাকিস্তানৰ আজমল কাচব'ও এজন সাধাৰণ শিক্ষাৰে শিক্ষিত আছিল।

আনহাতে ইউ.এল.এফ.এ/ এন.ডি.এফ.বি. (দুই গোট)/ এল.টি.টি/ মাওবাদী/ এন.এছ.চি (দুই গোট) আদি সন্ত্ৰাসবাদী সংগঠনসমূহৰ নেতা/কৰ্মীসকলো কোনো মাদ্ৰাছাৰ ছাত্ৰ বা শিক্ষক নহয়, তেনেস্থলত কেৱল মাদ্ৰাছাকেই কিয় বাৰে বাৰে টাৰ্গেট কৰি লোৱা হৈছে?

কোৱা বাহুল্য যে, প্ৰকৃতাৰ্থত মাদ্ৰাছাই নিজৰ মাতৃভূমিক ভাল পাবলৈ শিকায়। প্ৰয়োজন হলে দেশমাতৃৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিবলৈও অনুপ্ৰাণিত কৰে। মাদ্ৰাছাই অইন ধৰ্ম বা ধৰ্মীয় প্ৰাৰ্থনাস্থলীক শ্ৰদ্ধা কৰিবলৈ শিকায়। মাদ্ৰাছাই কাৰো ধৰ্মীয় অনুভূতিত আঘাত হানিবলৈ কঠোৰভাৱে নিষেধ কৰে। মাদ্ৰাছাই বিভিন্ন জাতি ধৰ্মালম্বীৰ মাজত সমন্বয়/সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰে। মাদ্ৰাছাই কাম, ক্ৰোধ, লোভ, মোহ আদি দমন কৰি আধ্যাত্মিকতাৰ সাগৰত বিলীন হবলৈ কয়। মাদ্ৰাছাই উদাৰ, নিৰপেক্ষ আৰু মানৱদৰদী হ'বলৈ শিক্ষা দিয়ে। মাদ্ৰাছাই ভোকাতুৰক খাদ্য, বস্ত্ৰহীনক বস্ত্ৰ, ৰুগীয়াক ঔষধ, আশ্ৰয়হীনক আশ্ৰয় আৰু তৃষ্ণাতুৰক পানীৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। মাদ্ৰাছাই জাতি, ধর্ম, বর্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে সকলোৰে সৈতে সদ্ভাৱ আৰু সদাচৰণ কৰিবলৈ কয়। মাদ্ৰাছাই অইন ধৰ্মৰ উপাসনাস্থলী আৰু সংখ্যালঘুৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিয়ে।

সৰ্বোপৰি ভাৰতবৰ্ষত এই মাদ্ৰাছাৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে; ইংৰাজৰ পৰা ভাৰতক স্বাধীন কৰিবলৈ মাদ্ৰাছাৰ শিক্ষাৰে শিক্ষিত প্ৰায় ৫৫০০০ হাজাৰ আলিম/উলামা, ছাত্ৰ/শিক্ষক ব্ৰিটিছৰ হাতত শহিদ হৈছিল। অৱশ্য দুই এটা মাদ্ৰাছাৰ অল্পবুদ্ধিসম্পন্ন শিক্ষক/ছাত্ৰৰ বাবে আজি গোটেই মাদ্ৰাছাবোৰ সমালোচনাৰ পাত্ৰ হ'বলগীয়া হৈছে। বহুক্ষেত্ৰত তেওঁলোকৰ অপৰি হেমাহি, গাফিলতি, গুৰুত্বহীনতা, নীতিৰ পৰা বিচ্যুতি আৰু লোভৰ কাৰণে সময়ে সময়ে মাদ্ৰাছাসমূহ সন্দেহৰ আৱৰ্তত সোমাই পৰাৰ দৰে ঘটনা সংঘটিত হৈছে।

সেয়ে এই মাদ্ৰাছাসমূহ বচাই ৰাখিবলৈ হলে মুছলমান সমাজে সজাগ/সচেতন হোৱাৰ লগতে মাদ্ৰাছাৰ প্ৰতি চোকা নজৰ ৰাখিব লাগিব আৰু ক্বোৰআন/হাদীছৰ লগতে সাধাৰণ আৰু সামাজিক জ্ঞান নথকা অপৰিপক্ক শিক্ষকক কেতিয়াও মাদ্ৰাছা কৰ্তৃপক্ষই নিযুক্তি দিব নালাগিব। তদুপৰি সাম্প্ৰতিক পৰিবেশ/পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাদ্ৰাছাসমূহৰ সংস্কাৰ সাধনৰ লগতে শিক্ষাৰ আমোল পৰিৱৰ্তন কৰিব লাগিব। বিষেশকৈ মাদ্ৰাছাবোৰত ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ স্কুলীয়া শিক্ষা আৰু কাৰিকৰী শিক্ষাও প্ৰবৰ্তন কৰিব লাগিব। এনে কৰিলে হয়তো মাদ্ৰাছাৰ প্ৰতি থকা বহুতৰে ভুল ধাৰণা কিছুপৰিমাণে হলেওঁ লাঘৱ হ'ব।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষঃ ৯৭০৬৬-৬৬১৯২

শিক্ষক দিৱসৰ কথাৰেশিক্ষক এগৰাকী প্ৰজ্বলিত বন্তিৰ দৰে, যিয়ে নিজে উমি উমি জ্বলি আনৰ মাজত পোহৰ বিলায়। এগৰাকী শিক্ষাগুৰুৰ ধৈ...
05/09/2022

শিক্ষক দিৱসৰ কথাৰে
শিক্ষক এগৰাকী প্ৰজ্বলিত বন্তিৰ দৰে, যিয়ে নিজে উমি উমি জ্বলি আনৰ মাজত পোহৰ বিলায়। এগৰাকী শিক্ষাগুৰুৰ ধৈৰ্য, ত্যাগ, প্ৰেৰণা আৰু উদাৰতা অনস্বীকাৰ্য। ছাত্র-ছাত্রী তথা সমাজত তেওঁলোকৰ অনৱদ্য অৱদান অনন্য, অতুলনীয়। সেয়ে তেওঁলোকৰ সন্মানাৰ্থে প্ৰতি বছৰেই শিক্ষক দিৱস পালন কৰি অহা হৈছে। আজি ৫ ছেপ্তেম্বৰ, শ্ৰদ্ধাৰ শিক্ষক সকলৰ সন্মানাৰ্থে সমগ্র দেশজুৰি উলহমালহেৰে পালিত হয় শিক্ষক দিৱস। প্ৰতি বছৰ ৫ ছেপ্টেম্বৰৰ দিনা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনলৈ বা সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক পুৰস্কৃত কৰা হয়। শিক্ষকসকল হৈছে সমাজৰ পিতামহস্বৰূপ৷ শ্ৰদ্ধাৰ শিক্ষক সকলে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে জীৱনৰ অতি মূল্যবান সময় শিশুৰ সৈতে অতিবাহিত কৰে৷ সেইহেতুকে সমাজ এখনত প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰাৰো মূল দায়িত্ব শিক্ষকসকলৰ ওপৰতেই পৰে৷ কেৱল সাধাৰণ শিক্ষা প্ৰদানেই শিক্ষকসকলৰ মূল উদ্দেশ্য নহয় বৰঞ্চ নৈতিকতা, মূল্যবোধৰ শিক্ষা দিয়াৰ সমান্তৰালকৈ একো একোজন শিক্ষাৰ্থীক উদাৰবাদী আৰু ধৰ্মনিৰপেক্ষ মানৱৰূপে গঢ়ি তুলিবলৈ একান্ত মনে চেষ্টা কৰে৷ প্ৰখ্যাত শিক্ষাবিদ ড০ ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে, শিক্ষাৰ্থীসকলক যদি সঠিক পদ্ধতিৰে গুণগত শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেকো অপশক্তিক বিনাশ কৰিব পৰা যাব৷ তেওঁৰ বক্তব্যত যি শিক্ষাৰ কথা উল্লেখ কৰিছিল সেই শিক্ষাৰ অন্তৰালত কেৱল স্কুলীয়া শিক্ষাই নাছিল। তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ মানৱীয় উৎকৰ্ষ সাধনৰ লগতে নৈতিকভাৱে সুস্থ-সৱল, সচেতন আৰু সহিষ্ণুতাপৰায়ণ কৰি গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল বা তেনে শিক্ষা প্ৰদানৰ কথাহে কৈছিল৷ শিক্ষাদান মানেই পাঠ্যপুথিৰ শিক্ষা নহয়৷ বিদ্যালয়ৰ সাধাৰণ শিক্ষাই ছাত্ৰ এজনক ডিগ্ৰী প্ৰদান কৰিব পাৰিব ঠিকেই কিন্তু মানৱীয় উৎকৰ্ষতাৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিবও পাৰে৷ সেয়ে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা প্ৰয়াত ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষাৰ ওপৰত আলোকপাত কৰা প্ৰতিটো কথাকে আমাৰ শিক্ষক, ছাত্র-ছাত্রী সকলোৱে অনুধাৱন কৰিব লাগিব৷ আজিৰ এই কঠিন আৰু এশএবুৰি বেমেজালিৰে পৰিপূৰ্ণ সমাজখনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী অনেক প্ৰত্যাহ্বানৰ সন্মূখীন হ'বলগীয়া হৈছে। হিংসা, ঘৃণা, নিন্দা, ইৰ্ষা তথা শত্ৰুতাৰ ভাইৰাছে ছানি ধৰা সমাজখনত অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপৰ মাত্রাও আকাশ চুইছেগৈ। বিশেষকৈ ধৰ্মীয় মাদকতা আৰু ড্ৰাগছৰ দৰে প্ৰাণঘাটি নিচাজাতীয় দ্ৰব্যই আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে উঠি অহা প্ৰজন্মক বিপথগামী কৰাই নহয় তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। ড্ৰাগছৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰি উঠি অহা বহুতো তেজাল ডেকা লৰা ঘুণীয়া হৈছে। মৃত্যুৰ দুৱাৰডলিত কেৰমেৰাই পৰা ড্ৰাগছ আসক্ত অনেকো যুৱপ্ৰজন্ম কেৱল মাদক দ্ৰব্যৰ বাবেই আধাতে পঢ়া-লিখা সামৰি এতিয়া তিল-তিলকৈ মৃত্যুৰ ক্ষণ আছে। বহু অমায়িক, মেধাবী, সম্ভাৱনাময় চফল যুৱক-যুৱতী তথা বিদ্যাৰ্থীয়ে ৰাগীয়াল দ্ৰব্যৰ সন্মুখত আত্মসমৰ্পন কৰি নিজৰ সুখী ঘৰ-সংসাৰ খনকো জীয়াতু ভুগাইছে। গতিকে আজিৰ এই পৱিত্ৰ দিৱসৰ দিনাই শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলেও সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি দেশৰ ভৱিষ্যত প্ৰজন্মক মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ ঐক্যবদ্ধ হৈ ড্ৰাগছ আৰু ধৰ্মীয় মাদকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সংকল্প ল'ব লাগিব, তেহে ড০ ৰাধাকৃষ্ণণক প্ৰকৃত সন্মান আৰু শিক্ষক দিৱসৰ উদ্দেশ্য স্বাৰ্থক হ'ব।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষঃ ৯৭০৬৬-৬৬১৯২

মাদ্ৰাছাত আকৌ চলিল বুলডজাৰমৈৰাবাৰীৰ পিছত এইবাৰ যোগীঘোপা, কাপাইটাৰী মাদ্ৰাছাতো চলিল প্ৰশাসনৰ বুলডজাৰ। কিয় চলোৱা হৈছে বুলড...
01/09/2022

মাদ্ৰাছাত আকৌ চলিল বুলডজাৰ
মৈৰাবাৰীৰ পিছত এইবাৰ যোগীঘোপা, কাপাইটাৰী মাদ্ৰাছাতো চলিল প্ৰশাসনৰ বুলডজাৰ। কিয় চলোৱা হৈছে বুলডজাৰ সেয়া বোধগম্য নহয় যদিওঁ মাদ্ৰাছাৰ শিক্ষক এজনে জেহাদীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলাৰ বাবেই হেনো ধৰ্মীয় প্ৰতিষ্ঠান অৰ্থাৎ মাদ্ৰাছাত বুলডজাৰ লগাই ভাঙি দিয়া হৈছে, যিটো কেতিয়াওঁ সমৰ্থনযোগ্য নহয়। মাদ্ৰাছাৰ পৰা দৰমহা লৈ শিক্ষকতা কৰা শিক্ষক এজনে যদি কোনো অনৈতিক কাম বা জেহাদীৰ লগত কু-সম্পৰ্ক ৰক্ষা কৰি চলি আহিছে তেন্তে মাদ্ৰাছা নহয় বলকে সেই শিক্ষক গৰাকীহে দোষী। তেনে শিক্ষকক আইনৰ আওতালৈ আনি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। কাৰণ সাম্প্ৰদায়িক সম্প্ৰীতিৰ শান্তিপূৰ্ণ ৰাজ্য অসমত জেহাদীৰ কোনো স্হান থাকিব নোৱাৰে। ইতিমধ্যেই আলফা, এনডিএফবিৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ বাবে আমাৰ সুজলা সুফলা শস্য শ্যামলা সমন্বয়ৰ ৰাজ্যখন বহু পিছুৱাই গ'ল তাৰ মাজতে আকৌ জেহাদীৰ উৎপাত, মইমতালি আৰু সন্ত্ৰাসী কাৰ্যকলাপ সহ্য কৰা মুঠেই উচিত নহয়। সেয়ে আৰাম্ভনিৰ পৰাই জেহাদীক সমূলঞ্চে পুলিয়ে উঘালি পেলাব লাগিব।

মুছলিম বিশ্বত আমি জেহাদীৰ বৰ্বৰতা দেখিছোঁ, কিদৰে সিহঁতে মানুহক তাৰণা, যাতনা দিয়ে। মানৱতাক বুঢ়া আঙুলি দেখুৱাই জেহাদী নামৰ কুখ্যাত সন্ত্রাসবাদীবোৰে মানুহক কেনেকৈ নিৰ্মমভাৱে হত্যা কৰে। ইছলামৰ দোহাই দি তথাকথিত জেহাদী নামৰ কচাইবোৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধি আৰু ৰাষ্ট্ৰ ক্ষমতা হস্তগত কৰিবলৈ জেহাদৰ দৰে পৱিত্ৰ শব্দৰ অপব্যাখ্যা আৰু অপপ্ৰয়োগ কৰি সিহঁতে শান্তি, মৈত্ৰী তথা ত্যাগেৰে মহিমামণ্ডিত ইছলাম শব্দটোকেই অৰ্থহীন কৰি পেলাইছে। আজি জেহাদী খ্যাত চয়তান বোৰৰ কাৰণে গোটেই বিশ্বতে ইছলাম, ক্বোৰআন আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ) সন্দে, অবিশ্বাসৰ পাত্ৰ হৈ পৰিছে। জেহাদী নামৰ জাহান্নামৰ কীট-পতংগ বোৰক সময় থাকোতেই দমন কৰিব নোৱাৰিলে তেওঁলোকৰ অতপালি আৰু ধপধপনিয়ে বিশ্বৰ লগতে আমাৰ দেশৰো একতা, শান্তি আৰু প্ৰগতিত ব্যাঘাত জন্মিব।

উল্লেখ্য যে, অসমৰ যিসকল ডিজিটেল মাৰ্কা মোল্লা সকলে জেহাদীৰ লগত হলিগলি কৰি ধন ঘটাৰ আহিলা কৰি লৈছে তেনে মোল্লা-মৌলবী, হাফিজ-ক্বাৰী সকলক মুছলমান সমাজে চিনাক্ত কৰি তেওঁলোকক সমজুৱাভাৱে বয়কট কৰাৰ সময় আহি পৰিছে। যাতে এই ধৰণৰ আলিম/উলামাই যুৱপ্ৰজন্মৰ লগতে সমাজক বিপথে পৰিচালিত কৰি জেহাদৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰে।

আজিৰ অধিকাংশ মোল্লাই হৈছে ডিজিটেল মাৰ্কা। যেনে-তেনে ধৰ্মৰ Certificate এখন পালেই হ'ল, জধে মধে 'মাদ্ৰাছা বনোৱাত লাগি যায়'। নীতি বহিৰ্ভূতভাৱে মাদ্ৰাছাৰ প্ৰতিষ্ঠা কৰিয়েই চান্দাবাজীত নামি পৰে। আনকি মাদ্ৰাছাৰ কন-কন ছাত্ৰসকলক লগত লৈ অট ৰিক্সাত মাইক এখন লগাই গাৱে-ভূঞে, চহৰে নগৰে ধৰ্মৰ বাণী গাই গাই চান্দা সংগ্ৰহত ব্যস্ত হৈ পৰে। তাৰোপৰি মবাইল ফোনেৰে দেশ-বিদেশৰ ফেচবুকাৰৰ সৈতে বন্ধুত্ব কৰিও নিজে প্ৰতিষ্ঠা কৰা মাদ্ৰাছাৰ নামত চান্দা সংগ্ৰহৰ লিপ্সাও পুহি ৰখা দেখা যায়, মৈৰাবাৰীৰ কাণ্ড তাৰ জলন্ত প্ৰমাণ।

যতে ততে অনুমতিবিহীন ভাৱে গঢ়ি তোলা মাদ্ৰাছাৰ কমিটি বুলি কলে প্ৰতিষ্ঠাতা শিক্ষকজন নিজেই, এয়াই হৈছে ডিজিটেল মাৰ্কা মোল্লা সকলৰ ধান্দা।

আগতে দেখা গৈছিল; মাদ্ৰাছাৰ শিক্ষক সকলে ছাত্ৰসকলক ধৰ্মীয় তথা আধ্যাত্মিকতাৰ শিক্ষা দিয়াৰ লগতে তেওঁলোকক মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। নৈতিকতা, মূল্যবোধ আৰু দেশমাতৃৰ প্ৰতি প্ৰেম-ভালপোৱাৰ শিক্ষাৰে শিক্ষিত কৰি দেশৰ একো একোজন সু-নাগৰিক হিচাপে গঢ়ি তুলিছিল। সেইবাবেই ভাৰতৰ স্বাধীনতা আন্দোলনত আলিম/উলামা জপিয়াই পৰি পৰাধীনতাৰ গ্লানিৰ পৰা দেশখনক আজাদ কৰিছিল। আচলতে হক্কানী আলিম/উলামা সকলে যি কামকেই কৰিছিল সেয়া নিষ্ঠা, সততা, একাগ্ৰতা, আন্তৰিকতা আৰু ভক্তিৰ ভাৱলৈ কৰিছিল। আমলৰ প্ৰতি আছিল তেওঁলোক সদা সচেষ্ট। ছুন্নাত, নফল, মুস্তাহাব আদিৰ সহিতে পাচ ৱাক্ত নামাজৰ প্ৰতি যত্নবান থকাৰ লগতে মিছা কথা, চোগলখোৰী, পৰনিন্দা, পৰচৰ্চাৰ পৰা নিলগত থাকি হক-হালালৰ প্ৰতিও গুৰুত্ব দিছিল। সেইবাবেই আলিম/উলামা সমাজত সংবর্ধনাৰ পাত্র আছিল। তেওঁলোকে নিশাৰ গভীৰ অন্ধকাৰত ৰোদন-ক্ৰন্দন কৰি আল্লাহ ওচৰত যি বিচাৰিছিল তাকেই লাভ কৰিছিল। কিন্তু আজিৰ একবিংশ শতিকাৰ একাংশ আলিম/উলামা হৈ পৰিছে ডিজিটেল মাৰ্কা। কেৱল টকা আৰু টকা লাগে, লাগিলে যিকোনো উপায় অৱলম্বন কৰি হলেওঁ কেৱল টকা লাগে। ইছলামৰ প্ৰচাৰ-প্ৰসাৰ তথা উত্তৰণৰ বিষয়টো যেন তেওঁলোকৰ কাম্যই নহয়। লাগিলে ইছলাম আৰু পয়গম্বৰ হজৰত মহম্মদ (ছঃ)ৰ কালজয়ী আদৰ্শ ৰসাতলে গলেও যাওঁক। নহলেনো এওঁলোকৰ একাংশৰ বাবে আজি শান্তিৰ ধৰ্ম ইছলাম বাৰে বাৰে অপৰাধৰ কাঠ গঢ়াত কিয় হবলগীয়া হয়নে? অৱশ্যে তাৰ মাজতো আধ্যাত্মিকতাৰ সাগৰত ডুবি থকা অসংখ্যক ভাল, অপেক্ষাৰহিত, সংকীর্ণতাশূন্য তথা খোদাভীৰু আলিম/উলামা এতিয়াওঁ ধৰাৰ বুকুত বিদ্যমান। ইছলাম ধৰ্মীয় বিশ্বাস মতে যেতিয়ালৈকে এজনো প্ৰকৃত আলিম/উলামা ধৰাৰ বুকুত টিকি থাকিব তেতিয়ালৈকে বিশ্ব ভূমণ্ডল অক্ষত অৱস্থাত থাকিব আৰু যিদিনাখনৰ পৰা এজনো হক্কানী-ৰাব্বানী আলিম/উলামা পৃথিৱীত বুকুত নাথাকিব সেইদিনাখনৰ পৰাই মহাপ্ৰলয় আৰম্ভ হ'ব। সেয়ে আলিম/উলামাই তেওঁলোকৰ উপৰত ন্যস্ত দ্বায়িত্ব আৰু ঈশ্বৰৰ প্ৰদত্ত নিয়ামসমূহ সৰোগত কৰি চলা উচিত। তেওঁলোকে সন্ত্রাস ৰূপী জেহাদীৰ লগত প্ৰেম-প্ৰীতি কৰাৰ পৰিৱৰ্তে জেহাদ সমন্ধে ইছলামৰ ধাৰণা কি সেয়া বিশ্বব্যাপী প্ৰচাৰ কৰা উচিত। ধ্ৰুৱ সত্যটোক পাহৰি গলে নহব যে, য'ত ইছলাম আছে ত'ত সন্ত্রাসবাদ নাই আৰু য'ত সন্ত্রাসবাদ আছে ত'ত ইছলাম নাই। ইছলাম হৈছে এটা শান্তিৰ ধৰ্ম, ইয়াত অশান্তি বা সন্ত্রাস সৃষ্টি কৰিব বিচৰা সকলৰ কোনো স্থান নাই। ইছলামে কেতিয়াও হিংসাৰ অনুমতি নিদিয়ে আৰু যিয়ে নিজকে মুছলমান আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ অনুচৰ বুলি দাবী কৰি কাৰোবাক অন্যায়ভাৱে হত্যা কৰিব পাৰে প্ৰকৃতপক্ষে তেওঁ কদাপি মুছলমান হ'বই নোৱাৰে, বৰঞ্চ সি চইতানৰ অনুচৰহে।

হয়, যিসকলে দৰমহাৰ বিনিময়ত মাদ্ৰাছাত থাকি জেহাদীৰ লগত মিতিৰালি কৰে তেওঁলোকক ফাষ্ট ট্র্যাক আদালৰ জৰিয়তে দ্রুত বিচাৰ কৰিব ফাঁচিকাঠত উলমাব লাগে। কিন্তু দুই এজন অপৰাধী ব্যক্তিৰ ভুলৰ বাবে এটা শিক্ষানুষ্ঠান ভাঙি চূৰমাৰ কৰি দিয়াটো উচিত নহয়। যিয়ে ভুল কৰিছে প্ৰকৃতপক্ষে তেওঁৱেই জগৰীয়া, তাৰ বাবে আন কাৰোবাক অপৰাধী সজাই শাস্তি দিয়াটো সংবিধান তথা ভাৰত ৰাষ্ট্ৰৰ উদাৰতাৰ পৰিপন্থী।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষঃ ৯৭০৬৬-৬৬১৯২

◾আহৈ আহ উলাই আহহয় দেশ তথা দহৰ সাৰ্থত আমি সকলোৱে ধৰ্ম, জাত-পাতৰ চক্ৰবেহুৰ পৰা উলাই অহা উচিত। নহলে 'ধৰ্ম' নামৰ এই অস্ত্ৰবি...
30/08/2022

◾আহৈ আহ উলাই আহ
হয় দেশ তথা দহৰ সাৰ্থত আমি সকলোৱে ধৰ্ম, জাত-পাতৰ চক্ৰবেহুৰ পৰা উলাই অহা উচিত। নহলে 'ধৰ্ম' নামৰ এই অস্ত্ৰবিধে মানুহক খুলি খুলি খাৱ। আচলতে 'ধৰ্ম' নামৰ ঈশ্বৰ প্ৰদত্ত বিধি-বিধান মানৱ জাতিৰ মঙ্গল, কল্যাণ তথা হিত সাধিবলৈ প্ৰৱৰ্তন কৰা হৈছিল। পৰম ব্ৰহ্মাই মানুহক সুন্দৰভাৱে সৃষ্টি কৰি তেওঁলোকক বিবেক-বুদ্ধি, মানৱীয় গুণ আৰু বিচাৰ-বিবেচনাৰে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰি 'ধৰ্ম' নামৰ অনুশাসনযুক্ত এক জীৱন ব্যৱস্থা প্ৰদান কৰিছে। যাতে মানৱ জাতিয়ে ধৰাৰ বুকুত এখন সুন্দৰ, সুশৃংখল, স্বচ্ছ, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, ভাতৃত্ববোধৰ সমাজ গঢ়ি সৃষ্টিৰ শ্ৰষ্টা মহান আল্লাহৰ কৃতজ্ঞতা প্রকাশৰ লগতে তেওঁৰ গুণাকীৰ্ত্তন কৰিব পাৰে। পৰস্পৰে পৰস্পৰক বিশ্বাসতলৈ সৃষ্টিকুলৰ মঙ্গল, কল্যাণ সাধিব পাৰে। আৰু সেই বাবেই মানৱ জাতিক সিজন কৰি পৰম পিতা পৰমেশ্বৰ আল্লাহে মানুহক জীৱশ্ৰেষ্ঠৰ উপাধিৰে বিভূষিত কৰিছে। কিন্তু পৰিতাপৰ বিষয়, আজি সেই অকৃতজ্ঞ, ধৈর্যহীন মানৱ জাতিয়ে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে তেওঁৰ মনোনীত ধৰ্মৰ পৰিপন্থী কামসমূহ কৰি গৈছে। পাৰস্পৰিক সম্পৰ্ক মজবুত কৰি এখন সৰ্বাংগ সুন্দৰ মানৱ সমাজ গঠনৰ সলনি পৰস্পৰে পৰস্পৰক হিংসা, ঘৃণা, নিন্দা, ঈৰ্ষা কৰিবলৈ লৈছে। এই মনুষ্য জাতিয়ে সমাজত সাম্প্ৰদায়িকতাবাদ, বৈষম্য তথা অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টি কৰি অশান্তি সৃষ্টিত নিমজ্জিত হৈ পৰিছে। বিশেষকৈ আমাৰ মানৱ সভ্যতা-সংস্কৃতিৰে চহকী ভাৰতবৰ্ষত এই প্ৰৱণতা বৃদ্ধি পাইছে। আজি বিশ্বৰ ভিতৰত আমেৰিকা, চীন, ৰাছিয়া, ইংলেণ্ড, জাপান, ইটালী, দুবাই আদি ৰাষ্ট্ৰবোৰ অনেক উন্নত। তাৰ তুলনাত চাবলৈ গলে প্ৰাকৃতিক সম্পদেৰে চহকী আমাৰ দেশ ভাৰতবৰ্ষ তেনেই পিছপৰা, কিন্তু কিয়? তাৰ কাৰণ বিশ্লেষণ কৰিলে পৰিস্ফুত হৈ পৰে যে, আমি ভাৰতীয়সকলে কেৱল ধৰ্ম, জাত-পাতলৈ ব্যস্ত আৰু পশ্চিমা সকলে ধৰ্ম, জাত-পাতৰ উৰ্ধত গৈ কেৱল উন্নতিৰ কথাহে চিন্তা কৰে, যাৰ বাবে আজি তেওঁলোক প্ৰগতিশীল ৰাষ্ট্ৰলৈ পৰিনত হৈছে আৰু দিনকদিনে উন্নতিৰ দিশে ধাৱমান হৈয়েই আছে। তেওঁলোকৰ অগ্ৰগতিৰ বিৰামহীন যাত্ৰাৰ প্ৰত্যক্ষদৰ্শী আমি ভাৰতীয়সকলে যদি বিভেদৰ এই নীচ মানসিকতা সলনি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ পদাংক (সংস্কৃতি নহয়) গ্ৰহণ কৰিব পাৰোঁ তেন্তে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৰঙ-ৰূপ সলনি হৈ পৰিব। এতিয়াওঁ সময় আছে; জাতি-ধৰ্মৰ চক্ৰবেহুৰ পৰা উলাই আহি নিজ দেশ তথা দহৰ উন্নয়নৰ কথা ভৱাৰ। নহলে মনুষ্য জীৱন মূল্যহীন হোৱাৰ লগতে প্ৰতিযোগিতাৰ এই ২১ শতিকাত মঙ্গল গ্ৰহলৈ যোৱাৰ কক্ষপথত বাধা হৈ থিয় দিয়া হ'ব। গতিকে আহক প্ৰতিজন ভাৰতবাসীয়ে ধৰ্ম, জাত-পাতৰ নিচাত মাতাল হৈ সেই আদিম আৰু বৰ্বৰ যুগলৈ ধাৱমান হোৱাৰ পৰিৱৰ্তে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ সপোন ৰচোঁহি। এবাৰ ভাৱোঁহক; ধৰ্ম, জাত-পাতৰ মেৰপাকত পৰি আমি দেশৰ একতা, শান্তি আৰু প্ৰগতিৰ বাটত প্ৰাচীৰ হৈ থিয় দিয়া নাইনে? যদি তেনেকুৱাই হয়, তেন্তে ই হ'ব আত্মঘাতী আৰু দেশ মাতৃৰ সৈতে প্ৰবঞ্চনাৰ নামান্তৰ। প্ৰসংগত উল্লেখ্য যে, কেইদিননো জীয়াই থাকিম আমি এই ধৰিত্ৰীৰ বুকুত? ক্ষণস্থায়ী জীৱনত মানুহ হৈ মানুক কিয় কৰোঁ অৱজ্ঞা, অৱহেলা? এবাৰ চকুমুদি চাওঁচোন এই মায়াবিনী জগতখন কেৱল অন্ধকাৰেই অন্ধকাৰ। তাৰ পাছতো আমি এই ক্ষন্তেকীয়া জীৱনত কিহৰ বাবে ইমান গৌৰৱ-আহংকাৰ কৰোঁ? আৰু কিয়ই বা কৰোঁ জাতি-ধর্ম'লৈ পৰস্পৰে পৰস্পৰক হিংসা, ঘৃণা, নিন্দা তথা ঈৰ্ষা? এতিয়াওঁ সময় পাৰ হৈ যোৱা নাই, আহক আমি সকলোৱেই জাতি, ধর্ম, বর্ণ, ভাষা, গোষ্ঠী আৰু দল-মত নিৰ্বিশেষে হাতে হাত ধৰি, কান্ধত কান্ধ মিলাই আমাৰ প্ৰাণপ্ৰিয় ৰাষ্ট্ৰখনক বিশ্ব গুৰুৰ আসনত উপবিষ্ট কৰিবলৈ আহোপুৰুষাৰ্থ কৰোঁহি। জয় হিন্দ, জয়তু অসম।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষঃ ৯৭০৬৬-৬৬১৯২

◼️শ্ৰীমন্ত শঙ্কৰদেৱৰ কথাৰেহৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী।শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি...
29/08/2022

◼️শ্ৰীমন্ত শঙ্কৰদেৱৰ কথাৰে
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি।।

◼️২৯ আগষ্ট, শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথিঃ
হয়, অসমীয়া জাতি, সাহিত্য-সংস্কৃতিৰ কাণ্ডাৰী শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পলমকৈ হ'লেও সদৌটিলৈকে যাচিলোঁ অনেক অনেক শুভ কামনা৷ নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজক জাতি, ধৰ্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে সকলোকে একতাৰ ৰছিৰে বান্ধি যি আধ্যাত্মিক আৰু সামাজিক সংস্কাৰৰ নিদৰ্শন দেখুৱাই গৈছে, সেয়া চিৰকালৰ বাবে অসমীয়া সমাজ তথা জাতিৰ মাৰ্গদৰ্শক হৈ ৰ'ব৷ পঞ্চাদশ শতাব্দীৰ মাজভাগত আৰ্ৱিভাৱ হোৱা শ্ৰীমন্ত শংকৰ গুৰুৱে তেওঁৰ ধৰ্ম, শিক্ষা, আধ্যাত্মিকতা, সহিষ্ণুতা, সাহিত্য, সংস্কৃতিৰ পাৰদৰ্শিতাৰে অসমীয়া জাতিক একতাৰ বান্ধোনেৰে বান্ধি অসমৰ বুকুত এখন সুন্দৰ, সুশৃংখল, উদাৰতাবাদী সাম্যৰাজ্য প্ৰতিষ্ঠা কৰিছিল। বহুমুখী জ্ঞানৰ প্ৰজ্জ্বলিত বন্তি এইগৰাকী শংকৰ গুৰুৰ ধৰ্মীয় জীৱন, সামাজিক জীৱন, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্ৰতে নৱোন্মেষৰ সৃষ্টি কৰি অসমত এক নৱ-জাগৰণৰ সূচনা কৰিছিল৷ গুৰুজনাৰ অগাধ প্ৰতিভা, পাণ্ডিত্য প্ৰজ্ঞা আৰু জ্ঞান-জ্যোতিৰ শিখাৰে গোটেই অসমখনকেই উদ্ভাসিত কৰি তুলিছিল৷ শংকৰ দেৱৰ দৰে এজন মহাপুৰুষে ইছলাম ধৰ্মী মুছলমানকো আপোন কৰি লৈছিল। মুছলমানক লগত লৈ চলা গুৰুজনাই ইছলাম ধৰ্মাৱলম্বী চান্দসাক শিষ্যত্ব প্ৰদান কৰি ধৰ্মীয় মূল্যবোধ তথা উদাৰতাৰ এক অনন্য উদাহৰণ ৰাখি থৈ গৈছে। তেনেকুৱা ধৰ্মনিৰপেক্ষ, মানৱতাবাদী আৰু মহল মনৰ মহান ধৰ্মগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি-আদৰ্শ আজি পদে পদে ভূলুন্ঠিত। যিসকলে নিজকে অতি ধৰ্মান্ধৰ বুলি জহাই ফুৰে প্ৰকৃততে সিহঁতেও গুৰুজনাৰ পদাংক অনুসৰণ নকৰে বৰং তেওঁলোকে গুৰুজনাৰ কালজয়ী নীতি-আদৰ্শৰ পৰিপন্থী কৰ্মহে কৰা দেখা যায়। সম্প্ৰতি জাতিভেদৰ চক্ৰবেহুত সুমাই পৰিছে গুৰুজনাই গঢ়ি থৈ যোৱা আমাৰ সমন্বয়, সম্প্ৰীতিৰ সমাজখন। সকলোতে আজি বৈষম্যমূলক আচৰণ দেখিবলৈ পোৱা গৈছে। নৈতিকতাৰ স্খলন ঘটিবলৈ ধৰিছে গুৰুজনাৰ সপোনৰ মানৱ সমাজখনত। দিনকদিনে মানৱীয় প্ৰমূল্যবোধ নোহোৱা হৈছে। এনে অৱস্থাত গুৰুজনাৰ নীতি-আদৰ্শক প্ৰচাৰ-প্ৰসাৰ কৰাটো প্ৰতিজন অসমবাসীৰেই দ্বায়িত্ব হৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ দেখুৱাই থৈ যোৱা পথক আকোঁৱালি লৈ সমাজ জীৱনৰ পাতনি মেলিলে নিশ্ছয়কৈ দেশত শান্তি বিৰাজিব। আজিৰ সমাজত একতা, বিশ্বাস, ভাতৃত্ববোধ আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ নীতি-আদৰ্শ গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে। আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, সাহিত্যিক আৰু মূল্যবোধৰ চিন্তাধাৰাৰে বৃহত্তৰ অসমীয়া জাতিক ঐক্যবদ্ধ কৰা শংকৰ গুৰুজনাই সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস আদি ভেদভাৱৰ দৰে সামাজিক ব্যাধিসমূহ দূৰীকৰণ কৰি মানৱীয় প্ৰমূল্যবোধেৰে এখন সুন্দৰ, সুস্থিৰ, সুশৃংখল, সমন্বয়ৰ সমাজ গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই গৈছে। এতেকে শংকৰদেৱৰ অৱদানে আমাক উদ্বুদ্ধ কৰা উচিত।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
ম'বাইলঃ ৯৭০৬৬-৬৬১৯২

আতংকৰ অন্য এটা নাম মিঞাআচলতে মিঞা কোনো এটা জাতি, জনগোষ্ঠী বা সম্প্ৰদায়ৰ নাম নহয়। মিঞা বুলি কলে সাধাৰণতে সন্মানীয় ব্যক্...
29/08/2022

আতংকৰ অন্য এটা নাম মিঞা
আচলতে মিঞা কোনো এটা জাতি, জনগোষ্ঠী বা সম্প্ৰদায়ৰ নাম নহয়। মিঞা বুলি কলে সাধাৰণতে সন্মানীয় ব্যক্তিক বুজুৱা হয়। 'মিঞা' শব্দটি আহিছে ফাৰ্ছী ভাষাৰ পৰা। মান্যবৰৰ, মহাশয়, ডাঙৰীয়া, দেৱ, প্ৰভু বা প্রধান ব্যক্তিক বুজাবলৈ এই মিঞা শব্দ ব্যৱহাৰ কৰা হয়। কিন্তু আজি বাংলাভাষী মুছলমানক ইতিকিং, তাছিল্য কৰিবলৈহে এই শব্দটো ব্যৱহাৰ কৰা হৈ থাকে আৰু এয়া তেনেই স্বাভাৱিক, কাৰণ জাতিটোৱে এই সন্মানৰ যোগ্যতা কাহানিবাই হেৰুৱাই পেলাইছে। সন্মান দিয়াৰ পাছত যদি সেই সন্মানৰ সদব্যৱহাৰ কৰা নহয় তেন্তে পদে পদে লাঞ্ছিত, বঞ্চিত, অপমানিত আৰু তিৰস্কাৰৰ পাত্র হোৱাটো একো ডাঙৰ কথা নহয়। যি মিঞাক সকলোৱে বিশ্বাসত লৈ আদৰ-চেনেহ কৰিছিল। যি মিঞাক অসম তথা অসমীয়াই কুটুম্ব ভাবি বড় পিৰা পাৰি দিছিল আজি সেই মিঞা মুছলমান হৈ পৰিছে অশান্তি তথা আতংকৰ কাৰণ। চুৰি, ডকাইতি, হত্যা, ধর্ষণ, নাৰী নিৰ্যাতনৰ দৰে অপৰাধ-অপকৰ্মবোৰ এতিয়া যেন এচাম মিঞা মুছলমানৰ পেছাত পৰিনত হৈ পৰিছে। তিৰ, জুৱা, মদ, ভাং, ড্ৰাগছ আদি অসামাজিক পাপ কাৰ্য্যবোৰ যেন মুছলমানৰ এৰাব নোৱাৰা পোছাকত পৰিগণিত হৈছে। শিক্ষা, স্বাস্থ্য তথা পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত তিলমানো গুৰুত্ব নিদিয়া জাতিটোৰ অধিকাংশ লোকেই ঠগ-প্ৰৱঞ্চনাত সিদ্ধহস্ত। অনবৰত আনক সমালোচনা কৰি ভাল পোৱা জাতিটোৰ একাংশ লোকেই মিছা কথাৰ দ্বাৰা দিনটোৰ শুভ আৰাম্ভনি কৰে আৰু মিছা কথাৰ দ্বাৰাই দিনটোৰ অন্ত পেলায়। জন্ম তথা বাল্যবিবাহৰ ওপৰত নিয়ন্ত্ৰণ নথকা জাতিটোৰ এচাম লোকৰ কাণ্ড-কাৰখানা দেখিলে চকু কপালত উঠে। এওঁলোক বিশেষকৈ বঙ্গমূলীয় মিঞা মুছলমান লোকসকল, যতেই থাকে ততেই বিশৃংখলতাই বিৰাজ কৰে। হায়-কাজিয়া কৰি সমাজত উশৃংখলতা সৃষ্টি কৰি আমোদ পোৱা জাতিটোৰ লোকে কোনো কালেই পৰিবৰ্তনৰ চিন্তা নকৰে। এতিয়া যেনিবা সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু), জমিয়ত উলামা ই হিন্দ, সংখ্যালঘু সংগ্ৰাম পৰিষদ, ব্ৰহ্মপুত্ৰ ভেলী চিভিল চচাইটি আৰু মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচন তথা মাৰ্কাজুল মাৰিফ নামৰ অনুষ্ঠান দুটাই জাতিটোৰ পৰিবৰ্তন আৰু উত্তৰণ সাধিবলৈ বিভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লৈছে। হয় এইদৰে সকলোৱেই আগবাঢ়ি আহিব লাগিব। দেশ তথা ৰাজ্যৰ প্ৰতিটো দল-সংগঠনৰ লগতে সমাজ সচেতন ব্যক্তি, শিক্ষিত সমাজ, যুৱচাম, নাৰী শক্তি, আইনজীবী, বুদ্ধিজীবী, লিখক, সাহিত্যিক, সাংবাদিক তথা আলিম-উলামা সকলেওঁ আগবাঢ়ি আহিব লাগিব। সময়ৰ লগত ফেৰ-মাৰি চলিবলৈ সম্প্ৰদায়টোৰ লোকসকলেও নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। এনে কৰিলেহে নিজকে এজন ভাল বা প্ৰকৃত মিঞা মুছলমান বুলি দাবী কৰিব পৰা যাব। মনত ৰাখিব লাগিব যে, উল্লেখিত সমাজ বিৰোধী কাৰ্যসমূহ সম্পুৰ্ণৰূপে ইছলাম ধৰ্মৰ পৰিপন্থী। আজি হিন্দুধৰ্মী লোকসকলৰ অৱস্থা বা পৰিবেশ চালে দেখা যায় যে, তাৰ তুলনাত আমাৰ মিঞা মুছলমানৰ অৱস্থা নিম্ন, ঘৃননীয় আৰু কুৎসিত। সময় থাকোতেই যদি এই পথভ্ৰষ্ট তথা বিপথগামী জাতিটোক অন্ধকাৰ কাল কুঠৰীৰ পৰা মুকলি কৰি অনা নহয় তেন্তে অনাগত দিনত আপচোচৰ কাৰণ হৈ থিয় দিব। উল্লেখ্য যে, মই নিজে এগৰাকী মিঞা মুছলমান হৈও আজি এইধৰনৰ চিন্তা ব্যক্ত কৰাটো দুৰ্ভাগ্যজনক যদিওঁ অসম, অসমীয়াৰ স্বাৰ্থৰক্ষা তথা সংখ্যালঘু মিঞা মুছলমানৰ উত্তৰণ আৰু তেওঁলোকক সামাজিক, ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ জাতিটোক সেই অন্ধকাৰ জগতখনৰ পৰা মুকলাই অনাৰ বাহিৰে অন্য কোনো বিকল্প নাই।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
ম'বাইলঃ ৯৭০৬৬-৬৬১৯২

Address

Nakhula Grant
Jagiroad
782410

Alerts

Be the first to know and let us send you an email when Julhas Ali Ahmed's pen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Julhas Ali Ahmed's pen:

Share