Protiti প্ৰতীতি

Protiti প্ৰতীতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Protiti প্ৰতীতি, Media/News Company, M. G Road , jorhat 1, Jorhat.

'প্ৰতীতি' আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ উদ্যোগত আজি পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ...
02/11/2025

'প্ৰতীতি' আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ উদ্যোগত আজি পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন থিতাতে লিখা গল্প প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এই প্ৰতিযোগিতাত অৰ্দ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰকৃতি বিষয়ক গল্প ৰচনা কৰে। অংশগ্ৰহণকাৰী ছাত্ৰ - ছাত্ৰী সকললৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে প্ৰতিযোগিতাখন সফল কৰি তোলাত সহযোগ কৰা পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ শিক্ষক - শিক্ষয়ত্ৰী সকল, বিদ্যালয় খনৰ শৈক্ষিক সঞ্চালক ৰঞ্জিত বৰা ডাঙৰীয়া আৰু উপাধ্যক্ষা ৰুণজ্যোতি বুঢ়াগোহাঁই বৰা ডাঙৰীয়ানীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

24/10/2025
অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ দেহাৱসান…
24/10/2025

অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ দেহাৱসান…

বিগত ৫ টা বছৰৰ দৰে এইবাৰো ফেচবুক পেজ প্ৰতীতিয়ে  সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ১২ জন ব্যক্তিক প্ৰতীতিৰ বৰেণ্য ব্য...
12/10/2025

বিগত ৫ টা বছৰৰ দৰে এইবাৰো ফেচবুক পেজ প্ৰতীতিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ১২ জন ব্যক্তিক প্ৰতীতিৰ বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান কৰে। হোটেল কিংডম পেলেচত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অনন্ত নাৰায়ণ বৰঠাকুৰ,বিজ্ঞান লেখিকা,শিক্ষাবিদ ড° অদিতি বেজবৰুৱা, জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ,ক্ৰীড়া সংগঠক মহেন্দ্ৰ দত্ত,সমাজ সংগঠক দেৱজিৎ বৰদলৈ,পুথি প্ৰকাশক তথা বিক্ৰেতা নিৰোদ চাংকাকতী,শিক্ষাবিদ শ্যামলীমা বৰা,লেখিকা জয়শ্ৰী শইকীয়া,নাট্যকাৰ,অভিনেতা শিক্ষাবিদ মুক্তাৰুল হুছেইন,লেখিকা বিজুমণি হাজৰিকা,প্ৰতিদিন টাইমৰ উজনি অসম ব্যুৰ' পৰমানন্দ বৰা আৰু যুৱ ব্যৱসায়ী সমিত দত্তক এই বঁটা প্ৰদান কৰা হয় । তদুপৰি ১০ জন শিক্ষক ক্ৰমে সীমান্তৱৰ্তী জনজাতীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিকাশ শইকীয়া,নগাধূলি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ জুৰী ৰাজখোৱা,ৰয়েল একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ৰিপাংকৰ শইকীয়া,বলিয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ নিৰ্জুৰেখা গগৈ,পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ ৰুণজ্যোতি বুঢ়াগোহাঁই বৰা,নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰণৱজ্যোতি দত্ত, হেমলাই হাইস্কুলৰ বিজয় বৰুৱা,বৰখঙীয়া হাইস্কুলৰ বিদ্যুত ভূষণ বৰা, বিদ্যা সাৰথি জাতীয় বিদ্যালয়ৰ নৰেন চন্দ্ৰ বৰা,কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ দিগন্ত চাংমাইক সম্বৰ্ধনা জনোৱা হয়। । আনহাতে অহৰ্নিশে ৰাইজৰ হকে কাম কৰি অহা যোৰহাটৰ অগ্নি আৰু আপদকালীন বিভাগ,অসামৰিক প্ৰতিৰক্ষা বিভাগ, লায়ঞ্চ চকু চিকিৎসালয়ৰ লগতে জিলাখনৰ আগশাৰীৰ শিক্ষানুষ্ঠানএনকেম চিনিয়ৰ চেকেণ্ডাৰী স্কুলক বিশেষভাৱে সন্মানিত কৰা হয়। আৰম্ভণিতে সদ্য প্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গ দেৱৰ 'মায়াৱিনী' গীতেৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কন্ঠশিল্পী আৰু বঁটা প্ৰাপক শংকুৰাজ কোঁৱৰে। যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা তথা অভিনেত্ৰী গায়ত্ৰী দেৱীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে
বিশিষ্ট সাহিত্যিক,অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া
ইন্দ্ৰজিৎ কুমাৰ বৰুৱা,
অসম মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত সচিব কমলজ্যোতি গগৈ,
দৈনিক জনমভূমিৰ ডেক্স ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁই,
অসম কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ সৌমিত্ৰ গোস্বামী। সদৌশেষত আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাক অনুষ্ঠানটো সুকলমে পাৰ কৰাই নিয়াত আমাৰ প্ৰতীতি পে'জৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Address

M. G Road , Jorhat 1
Jorhat
785001

Alerts

Be the first to know and let us send you an email when Protiti প্ৰতীতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Protiti প্ৰতীতি:

Share