mr__dimpu_09

mr__dimpu_09 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from mr__dimpu_09, Video Creator, Gar Ali, Jorhat.

14/02/2026
09/11/2025
08/11/2025
02/11/2025

সিংহ যুৱক ললিত ককাইদেউ আৰু মই - ২
-------------------------------------------------------------
ললিত ককাইদেউয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগাই দি ছাত্ৰাৱাসলৈ লৈ যোৱাৰ বাবেই সেই সময়ৰ অসম আন্দোলনৰ গুৰি ধৰোঁতা প্ৰায়বোৰ ছাত্ৰ নেতাৰ সৈতে আমাৰ সুসম্পৰ্ক স্থাপন হয়।তেতিয়া আন্দোলনকাৰীৰ ওপৰত সামৰিক বাহিনীৰ বৰ্বৰতা।বহুবোৰ নেতাক আটক কৰা হয় যদিও আমি পলাই সাৰি গ'লো কেইবাবাৰো়।আচলতে শ্বিলংত পঢ়ি থকা সময়তে মই সমৰ কলা(martial art)ৰ প্ৰশিক্ষণ লৈ black belt আহৰণ কৰিছিলোঁ।এই কলাৰ শিক্ষণ মোৰ বাবে আন্দোলনৰ সময়ত বহুত সহায় হৈছিল।সামৰিক বাহিনীৰ লগত মোকাবিলা কৰোঁতে়,নিমিখতে ওখ দেৱাল পাৰ হোৱা,ৰাতি ৰাতি পথাৰৰ মাজে মাজে সৰকি যোৱা আদি কামবোৰ নিমিসতে কৰিব পাৰিছিলোঁ।ললিত ককাইদেউৰো শৰীৰ অতি সুন্দৰ গঢ়ৰ আছিল।অদম্য সাহস।আন্দোলনৰ বহু দু:সাহসিক কাৰ্য ৰূপায়নৰ দায়িত্বভাৰ আমাৰ দুয়োজনৰ ওপৰতে পৰে।ললিত ককাইদেউৰ নিৰ্দেশত তেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া আৰু ভৃগু ফুকনকে আদি কৰি কেইবাজনো ছাত্ৰ নেতাৰ প্ৰাণ বচোৱাত সমৰ কলাৰ প্ৰশিক্ষণে আমাক সহায় কৰিছিল।ললিত ককাইদেউৰ সিংহ সদৃশ সাহস,উদাক্ত ভাষণে সামৰিক বাহিনীৰ বৰ্বৰতাৰ মাজতো ডেকা তেজক জগাই ৰাখিছিল।উতলাই ৰাখিছিল। ইতিমধ্যে শাসন যন্ত্ৰৰ পৃষ্ঠপোষকতাত অসমৰ কেইবাটাও অঞ্চলত মহিলা প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ আৰম্ভ হৈছিল।আমাক নাপাই আমাৰ পৰিয়াল, চুবুৰীয়া কাকো এৰা নাচিল।ললিত ককাইদেউ আৰু আমাৰ অতি আপোন আমগুৰি,গৌৰীসাগৰ,দিখৌমুখ,চাৰিং,শিৱসাগৰ,টীয়ক,কাকজান, ভগামুখ,লাদৈগড়, চতাই আৰু ইয়াৰ উপকণ্ঠ ঠাইৰ জীয়ৰী-বোৱাৰীৰ ওপৰত অমানবীয় অত্যাচাৰ হৈছিল।দুগৰাকী মান মহিলা প্ৰতিবাদকাৰীৰ কাপোৰ পৰ্যন্ত ফালি দিয়াৰ ঘটনা সন্মুখলৈ আহিছিল। আমাৰ অন্তৰবোৰ কান্দি উঠিছিল। শাসক যন্ত্ৰৰ এই বৰ্বৰ কৰ্মৰ খবৰ পাই আমাৰ সময়ৰ সিংহ সদৃশ হৃদয়ৰ যুৱকজনক উচুপি উঠা দেখা পাইছিলোঁ প্ৰথমবাৰৰ বাবে।

লাহে লাহে আন্দালনৰ তীব্ৰতাই কেন্দ্ৰীয় চৰকাৰক থৰক বৰক কৰি তুলিছিল।সামৰিক বাহিনীৰ দমন উৎপীড়নেও আন্দোলনৰ জুইক প্ৰশমন কৰিব নোৱাৰাত কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ দিশ আৰম্ভ হয়়।স্বাক্ষৰিত হয় ঐতিহাসিক অসম চুক্তি়।১৯৮৫ চনৰ নিৰ্বাচন সমাগত হয় আৰু অসমবাসীৰ আহ্বানত আন্দোলনকাৰী যুৱসমাজৰ নেতৃত্বত জন্ম লাভ কৰে অসমীয়াৰ প্ৰাণৰ অসম গণ পৰিষদৰ।আহি পৰে ৮৫ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ কথা। বিভিন্ন সমষ্টিত বিভিন্নজনক প্ৰাৰ্থীত্বৰ দিয়াৰ কথা অসম গণ পৰিষদৰ নতুন নেতৃত্বই বিবেচনা কৰে। আমগুৰিৰ পৰাও এজন ছাত্ৰ নেতাৰ নাম তেখেতসকলে বিবেচনা কৰে। ইতিমধ্যে আন্দোলন শেষ আৰু আমিও গুৱাহাটীতে থাকি দুমাহ মান ভালদৰে class কৰি নিৰ্বাচনৰ পিছতেই হ'বলগীয়া স্নাতকোত্তৰ final পৰীক্ষাতো ভালকৈ দিয়াৰ কথা ভাবিলোঁ।আহিল নহৈ ললিত ককাইদেউ বোলে "তই ইয়াৰপৰা যাব লাগিব। ল'ৰাবোৰে তোকহে বিচাৰে। ওপৰৰ পৰা আনৰ কথা কওঁতে ডেকাৰ পৰা বুঢ়ালৈ সকলো গৰম।তই ব'ল।" মই ক'লো " আন্দোলন কৰিলো চুক্তি হ'ল বাকী এতিয়া আপোনালোকে গুৰি ধৰক। মই MSc. টো সম্পূৰ্ণ কৰোঁ।" "নিৰ্বাচন জিকি MSc. কৰিবি। মই গোটেইখিনিকে কৈ আহিছো তোক লৈ গৈ আছোঁ বুলি আৰু সকলোৱে লগ হয় তোক টিকত দিবলৈ দাবী তুলিম।" ললিত ককাইদেউয়ে লগতে পৰাগ চাৰৰো উদ্ধৃতি দি একেবাৰে বান্ধিয়ে পেলালে়।এবাৰ গাঁৱৰ পৰা গুৱাহাটীলৈ আনি জীৱন বচালে আৰু এইবাৰ ৰাইজৰ বাবে কাম কৰাৰ সুযোগ এটা দি গাঁৱলৈ পঠাইছে।ললিত ককাইদেউৰ কথা পেলাব নোৱাৰিলোঁ।

আগলৈ.........

অসম গণ পৰিষদ - Asom Gana Parishad -AGP
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Himanta Biswa Sarma

12/05/2025

Ful Bur val lage ❤️🌹

07/05/2025

Happy Diwali 🤡🥴

Address

Gar Ali
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when mr__dimpu_09 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category