GranthaBojar - গ্ৰন্থ বজাৰ

GranthaBojar - গ্ৰন্থ বজাৰ GranthaBojar is a Assam based book distribution company situated in Jorhat.

নীলিমৰ নতুন সংস্কৰণ_
01/03/2025

নীলিমৰ নতুন সংস্কৰণ_

01/03/2025
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ panache 6.0 ত আয়োজন কৰা কবিতা প্ৰতিযোগিতাত  লিখা কবিতা।
13/11/2024

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ panache 6.0 ত আয়োজন কৰা কবিতা প্ৰতিযোগিতাত লিখা কবিতা।

সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান 'কবি স্মৰণ'°°°°°°°°°°°°°°°°°°°°°°°°°আজি এক বিশেষ দিন,আজি স্মৰণৰ দিন,আজি কবিৰ দি...
07/11/2024

সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান 'কবি স্মৰণ'
°°°°°°°°°°°°°°°°°°°°°°°°°
আজি এক বিশেষ দিন,
আজি স্মৰণৰ দিন,
আজি কবিৰ দিন....
কবিৰ বাবে, কবিতাৰ বাবে।

আজি (৭ নবেম্বৰ, ২০২৪ তাৰিখ) সদৌ অসম কবি সন্মিলনে যোৰহাট জিলা কবি সন্মিলন আৰু যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ উদ্যোগত আৰু জিলাৰ অন্যান্য শাখাৰ সহযোগ এক বিশেষ অনুষ্ঠান 'কবি স্মৰণ' আয়োজন কৰে। অনুষ্ঠানটি অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়, যোৰহাটৰ মুকলি মঞ্চত।
কবি স্মৰণ শীৰ্ষক অনুষ্ঠানত এশতাধিক বিশিষ্ট কবিক তেখেতসকলৰ কবিতা পাঠ কৰি আৰু এগছি বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰা হয়।

মই যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ সদস্য হিচাপে নৱকান্ত বৰুৱা দেৱৰ এটি কবিতা পাঠ কৰি কবিজনালৈ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধা জ্ঞাপন কৰাৰ সুযোগ লাভ কৰোঁ। নৱকান্ত বৰুৱা দেৱৰ লগতে আজি স্মৰণীয় সকলো বিশিষ্ট কবি, সাহিত্যিকক শ্ৰদ্ধা যাচিছোঁ। যোৰহাট মহানগৰ শাখা কবি সন্মিলনে এই সুযোগ দিয়া বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মোৰ বাবে এই বিশেষ দিনটো আৰু বিশেষ হৈ উঠে কেবা গৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্যই। অনুষ্ঠানটোত বহু চিনাকি-অচিনাকি ব্যক্তিৰ লগতে বিশিষ্ট লেখক ইছমাইল হুছেইন ডাঙৰীয়া, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া বাইদেউ সদৌ অসম কবি সন্মিলনৰ বিভিন্ন শাখাৰ সম্পাদক আৰু আন সদস্য-সদস্যাৰ কথা বতৰা হয়।
**********************
#সদৌ_অসম_কবি_সন্মিলন
#যোৰহাট
#মুকতাৰ_আলী

*শৰতৰে ৰাতি*---------------------✍️ _মুকতাৰ আলী_ 📍 _যোৰহাট চিকিৎসা মহাবিদ্যালয়_📆 _দিনাংক : ইং ১ নবেম্বৰ, ২০২৪_শৰতৰে ৰাত...
01/11/2024

*শৰতৰে ৰাতি*
---------------------
✍️ _মুকতাৰ আলী_
📍 _যোৰহাট চিকিৎসা মহাবিদ্যালয়_
📆 _দিনাংক : ইং ১ নবেম্বৰ, ২০২৪_

শৰতৰে ৰাতি
নিয়ঁৰ গৰকি আহিলা
ৰুণজুন ৰুণজুন;
প্ৰেমৰ বীজ সিঁচি দিলা
সাৰুৱা বুকুতে,
আলফুল হাতৰে যতন ল'লা
গুপুতে
নজনাকে।

হেমাহি হৃদয়
থমকি থমকি আগুৱায়
তোমাৰ কাষৰলে;
সেমেকা সপোনে শিহৰায়
নিয়ঁৰ ভেদি
বাট পোহৰায়,
ধিমিক ধামাক
এটি দুটি তৰাৰ পোহৰত।

মায়াৰ শিকলিডাৰি
ন-ৰূপে গঢ় লয়
সপোন দেখুৱায়
অনন্ত শৰতৰ,
নিয়ঁৰে সেমেকি উঠা
নিৰৱ মৰমৰ।
*************

শৰতৰে ৰাতি-------------------✍️ মুকতাৰ আলী_ 📍 যোৰহাট চিকিৎসা মহাবিদ্যালয়📆 দিনাংক : ইং ১ নবেম্বৰ, ২০২৪শৰতৰে ৰাতিনিয়ঁৰ গৰ...
01/11/2024

শৰতৰে ৰাতি
-------------------

✍️ মুকতাৰ আলী_
📍 যোৰহাট চিকিৎসা মহাবিদ্যালয়
📆 দিনাংক : ইং ১ নবেম্বৰ, ২০২৪

শৰতৰে ৰাতি
নিয়ঁৰ গৰকি আহিলা
ৰুণজুন ৰুণজুন;
প্ৰেমৰ বীজ সিঁচি দিলা
সাৰুৱা বুকুতে,
আলফুল হাতৰে যতন ল'লা
গুপুতে
নজনাকে।

হেমাহি হৃদয়
থমকি থমকি আগুৱায়
তোমাৰ কাষৰলে;
সেমেকা সপোনে শিহৰায়
নিয়ঁৰ ভেদি
বাট পোহৰায়,
ধিমিক ধামাক
এটি দুটি তৰাৰ পোহৰত।

মায়াৰ শিকলিডাৰি
ন-ৰূপে গঢ় লয়
সপোন দেখুৱায়
অনন্ত শৰতৰ,
নিয়ঁৰে সেমেকি উঠা
নিৰৱ মৰমৰ।
*************

26/10/2024

কোনে নো বুজিব

✍️মুকতাৰ আলী
📍যোৰহাট চিকিৎসা মহাবিদ্যালয়
📆দিনাংক : ২৬ অক্টোবৰ, ২০২৪

কোনে নো বুজিব
কিমান মৰম
তোমাৰ বাবে
তুমি নুবুজিলে...?
হিয়াৰে ভিতৰত
একুৰা জুই
কামনাবোৰ দাহ হয় তাতে।

এন্ধাৰত আহি
সপোন ৰচি
পোহৰাই এন্ধাৰুৱা আলয়,
মিছাতে কিয় আছ্ জীয়াই
কাচঁঘৰ ভাঙি পৰিল
সময় হাঁহি হাঁহি কয়।

ঠুনুকা হৃদয় মোৰ
তুমি নুবুজিলা,
সপোন ভঙা দুচকুত
বৰষা ঢালিলা।

সেই বৰষাৰ টোপালত
তোমাৰ ছবি ভাঁহে
নুবুজা মৰমৰ
জলধাৰাত বৈ যায়,
আকৌ আহে
আকৌ যায়
নিৰন্তৰ কন্দুৱায়।

*******

সকলোকে তিনিটা বিহুৰ অন্যতম কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ❤️🙏
17/10/2024

সকলোকে তিনিটা বিহুৰ অন্যতম কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ❤️🙏

"স্মৃতিৰ ল'ৰালি" ✍️মুকতাৰ আলী 📍ধুবুৰী, অসম📆দিনাংক : ১৬ অক্টোবৰ, ২০২৪ শত স্মৃতিৰ ভাজতএটি পৃষ্ঠা মেলি চালোঁ ল'ৰালিৰ ধেমালি...
16/10/2024

"স্মৃতিৰ ল'ৰালি"

✍️মুকতাৰ আলী
📍ধুবুৰী, অসম
📆দিনাংক : ১৬ অক্টোবৰ, ২০২৪

শত স্মৃতিৰ ভাজত
এটি পৃষ্ঠা মেলি চালোঁ
ল'ৰালিৰ ধেমালিৰ,
অজলা চতুৰালিৰ।

পূৱা মাকৰ আঁচল টনা
একোচ গালি মৰম সনা।

এসাঁজ খাই
এসাঁজ লগত লৈ
জাকে জাকে গৰু খেদি
গৰখীয়া হৈ
হাতত বাঁহী লৈ
মই যেন মুৰুলীধৰ
জীৱন নাটৰ অভিনেতা হৈ।

পাহাৰৰ মাজে মাজে
অসুৰীয়া গীত জুৰি,
সেউজীয়া ঘাঁহনিডৰাত
একেলগে বহি
কত যে সাধুকথা-গল্প
আৰু নিৰ্মল ধেমালি।

সেই ল'ৰালি এতিয়া
স্মৃতিৰ এখিলা শুকান পাতত
পৰি আছে বহু দূৰত,
নিৰ্মল হাঁহি-ধেমালি
হেৰুৱালোঁ
সময়ে জাপি দিয়া
নিষ্ঠুৰ দ্বায়িত্বত ।

ড° এ পি জে আব্দুল কালাম ছাৰক তেখেতৰ জন্ম জয়ন্তীত অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 🙏🙏"হে মহান" ------------    ✍️মুকতাৰ আলী    📍...
15/10/2024

ড° এ পি জে আব্দুল কালাম ছাৰক তেখেতৰ জন্ম জয়ন্তীত অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 🙏🙏

"হে মহান"
------------
✍️মুকতাৰ আলী
📍যোৰহাট চিকিৎসা মহাবিদ্যালয়
📆দিনাংক : ১৫ অক্টোবৰ, ২০২৪

হে মহৰ্ষি
তোমাক শত সহস্ৰ প্ৰনাম,
একালৰ যোদ্ধা তুমি
আজি মহান।

দৰিদ্ৰতাৰ সাগৰ সাঁতুৰি
ঘাত প্ৰতিঘাত আদৰি
সৌ ৰামেশ্বৰমৰ পৰা আহি
গঢ়িলা নৱ ভাৰত,
তোমাৰ দান
জয় গান
আছে গুঞ্জৰি হৈ বিশ্ব ব্যাপি।

হে মহান
ভাৰতীয়ৰ তুমি স্বাভিমান,
ন-জ্ঞানে ন-প্ৰাণে
গঢ়িলা তৰুণ-তৰুণী
প্ৰেৰণাৰ বন্তি হৈ ;
পৃথিৱীক মোহিলা
মিছাইল মানৱ হৈ।

হে মহাজ্ঞানী
আকৌ এবাৰ ওপজা
ভাৰতৰ বুজ লোৱা
যি তোমাৰ জনমভূমি
গৰ্বিত ভাৰতৰ ইতিহাস
আছে জ্বলি উমি উমি।

********

২০২৪ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰা দক্ষিণ কোৰিয়াৰ লেখক হান কাঙলৈ অভিনন্দন। ১৯৭০ চনত জন্মগ্ৰহণ কৰা কাঙে সাহিত্যিক পটভূ...
13/10/2024

২০২৪ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰা দক্ষিণ কোৰিয়াৰ লেখক হান কাঙলৈ অভিনন্দন।

১৯৭০ চনত জন্মগ্ৰহণ কৰা কাঙে সাহিত্যিক পটভূমিৰ পৰা আহিছে আৰু তেওঁ নিজকে লেখা, শিল্প আৰু সংগীতৰ প্ৰতি উৎসৰ্গা কৰিছে। তেওঁৰ “আঘাত, স্মৃতি আৰু মানৱ জীৱনৰ ভংগুৰতাৰ বিষয়বস্তুৰ ওপৰত গভীৰভাৱে সোমাই যোৱা শক্তিশালী আৰু উত্তেজক গদ্যৰ বাবে” পৰিচিত।

তেওঁৰ আটাইতকৈ প্ৰশংসিত ৰচনা হৈছে "The Vegetarian" নামৰ আত্মাক আলোড়িত কৰা উপন্যাস যিয়ে পৰিচয়, লিংগ আৰু শৰীৰৰ বিষয়বস্তু অন্বেষণ কৰে। আন উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত "দ্য হোৱাইট বুক", "হিউমেন এক্টছ", আৰু "নো ফেয়াৰৱেল" আদি উল্লেখযোগ্য।

তেওঁৰ ৰচনাসমূহ অসংখ্য ভাষালৈ অনুবাদ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে।

কাং আমাৰ সকলোৰে বাবে এক প্ৰেৰণা।

মানৱতাৰ প্ৰতি আমি কি অৱদান আগবঢ়াব পাৰো সেই বিষয়ে আমাৰ মনলৈ এক প্ৰত্যাহ্বান।

কাঙৰ দৰে বিশ্ব পৰিৱৰ্তনকাৰীক ডাঙৰ-দীঘল কৰিবলৈ– অৰ্থপূৰ্ণ কাম কৰা আৰু পৃথিৱীখনক প্ৰভাৱিত কৰা মানুহে – সেইবাবেই আমি যি কাম কৰোঁ তাৰ প্ৰতি আবেগিক!

আপুনি হয়তো কাঙৰ দৰে নোবেল বঁটা লাভ নকৰিবও পাৰে (সকলোৱে নাপাব), কিন্তু এটা গ্ল'বেল এডুকেচনে আপোনাৰ জীৱন আৰু মনটোক আপুনি কল্পনা কৰিব পৰা ধৰণে ৰূপান্তৰিত কৰিব... আৰু আপোনাক গুণগত বিশ্বব্যাপী প্ৰভাৱৰ বাবে সজ্জিত কৰিব।................
(Collected and Translated)

Address

Jail Road
Jorhat
785001

Alerts

Be the first to know and let us send you an email when GranthaBojar - গ্ৰন্থ বজাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GranthaBojar - গ্ৰন্থ বজাৰ:

Share