Asom Prohori

Asom Prohori Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Asom Prohori, Media, Jorhat.

🙏জয় অগ্নিনাভ বাবা...বাবাই সকলোকে মঙ্গল কৰক 🔱🔱🔱
25/08/2025

🙏জয় অগ্নিনাভ বাবা...বাবাই সকলোকে মঙ্গল কৰক 🔱🔱🔱

অভিনেতাৰ সৈতে ৪ মিনিটৰ চুম্বন, ভাগৰি পৰিছিল কৰিশ্মা! কঁপি উঠিছিল…কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই দৰ্শকক ইখনৰ পিছত সিখনকৈ হিট ছব...
17/08/2025

অভিনেতাৰ সৈতে ৪ মিনিটৰ চুম্বন, ভাগৰি পৰিছিল কৰিশ্মা! কঁপি উঠিছিল…
কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই দৰ্শকক ইখনৰ পিছত সিখনকৈ হিট ছবি দি আহিছে কৰিশ্মাই। বলীউডত নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা কাপুৰ পৰিয়ালৰ প্ৰথমগৰাকী কন্যা আছিল কৰিশ্মা।
চলি আছিল ৰাজা হিন্দুস্তানী চিনেমাখনৰ ৰোমান্টিক দৃশ্য। বলীউডৰ এটা আইকনিক কিচিং চিনৰ কথা আহিলে ৰাজা হিন্দুস্তানীৰ কৰিশ্মা আৰু আমিৰৰ চুম্বৰ দৃশ্য প্ৰথমে মনলৈ আহে। যিয়ে চিনেমাখনত ধুমুহাৰ সৃষ্টি কৰিছিল। বৰষুণেৰে তিতি থকা ৰোমান্টিক চুমাটোৱে, যিয়ে কেইমুহূৰ্তমানৰ বাবে পৰ্দাত এক বেলেগ আকৰ্ষণৰ সৃষ্টি কৰিছিল।
ধুমুহাৰ গতিৰে এতিয়াও ভাইৰেল হৈ থকা সেই চাৰি মিনিটৰ চুমাটোৰ বাবে একেৰাহে তিনিদিন শ্বুট কৰা হৈছিল। বিশ্বাস কৰিবলৈ টান যদিও এয়া সঁচা। ফেব্ৰুৱাৰী মাহত উটিত কৰা হৈছিল এই দৃশ্যগ্ৰহণ। । এই চুমা খোৱাৰ দৃশ্যটো বাৰে বাৰে লোৱা হৈছিল কাৰণ চুটি কাপোৰযোৰ সঠিকভাৱে দৃশ্যটোৰ সৈতে মিলা নাছিল। পৰিচালকজন সন্তুষ্ট হোৱা নাছিল।
শীতকাল আছিল, বৰষুণত তিতি উটিত শ্বুটিং কৰি থাকোঁতে দুয়োজনে অলপ সময়ৰ পিছত কঁপি উঠিছিল। কিন্তু পৰিচালকজন ৰ’বলৈ অনিচ্ছুক আছিল। বিপৰীতে তেওঁলোকৰ সন্মুখত ফেন চলাই দিছিল। ফলত দুয়োগৰাকী চেলিব্ৰিটিৰ অৱস্থা অধিক বেয়া হৈ পৰিল। এটা সময়ত দুয়োজনে ভাগৰুৱা হৈ ভাবিবলৈ ধৰিলে, কেতিয়া এই চুমা খোৱাৰ দৃশ্যটোৰ শ্বুটিং শেষ হ’ব! কিন্তু সেই কঠোৰ পৰিশ্ৰমৰ বাবেই এই দৃশ্য আজিও বলীউডত আইকনিক হৈ আছে।
কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই দৰ্শকক ইখনৰ পিছত সিখনকৈ হিট ছবি দি আহিছে কৰিশ্মাই। বলীউডত নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা কাপুৰ পৰিয়ালৰ প্ৰথমগৰাকী কন্যা আছিল কৰিশ্মা । তেওঁ প্ৰথমে পৰিয়ালৰ নিয়মৰ বিৰুদ্ধে গৈ ছবিজগতত খোজ দিছিল। যিটো আজিও আলোচনাৰ বিষয়। এটা সময়ত কাপুৰ পৰিয়ালৰ কোনো মহিলাক অভিনয় কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু সকলো সলনি হৈ গ’ল যেতিয়া কৰিশ্মা কাপুৰে প্ৰথমবাৰৰ বাবে বলীউডত ভৰি দিলে। সম্প্ৰতি অভিনয় জগতলৈ ঘূৰি আহিছে কৰিশ্মা।

🟥⬛️🟥 আজৱ কাণ্ড  🛑 তলত যে বাবা টাইপৰ লোক জনক দেখিছে এখেত উত্তৰ প্ৰদেশৰ ছামলিৰ মান্তি হাছানপুৰ গাৱঁৰ এটা মন্দিৰৰ পুৰোহিত। ...
17/08/2025

🟥⬛️🟥 আজৱ কাণ্ড

🛑 তলত যে বাবা টাইপৰ লোক জনক দেখিছে এখেত উত্তৰ প্ৰদেশৰ ছামলিৰ মান্তি হাছানপুৰ গাৱঁৰ এটা মন্দিৰৰ পুৰোহিত। নাম বালক নাথ। ঘৰে ঘৰে পূজা পাঠ কৰে। বাবাৰ কামত খোচ হৈ গাৱঁৰ লোকে এডোখৰ মাটি বাবাক দান কৰিলে আৰু এটা মন্দিৰ সাজি দিলে। বাবা মন্দিৰতে থাকে। এনেকৈ 15 বছৰ ভালদৰেই পাৰ হল। কিন্ত অৱশেষত যোগী মহাৰাজৰ পুলিচৰ জালত এই বাবা পৰি গল। উদ্ধাৰ হল তিনিখন আধাৰ কাৰ্ড আৰু এখন পান কাৰ্ড। ধৰা পৰিল নাম ইমামুদ্দিন আনছাৰি নুৰ । অৰিজিনেল বাংলাদেশৰ। বাংলাদেশৰ পৰা আহি আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউন্ট সকলো বনাই ভাৰতীয় হৈ আছিল। তাৰ পিছত মন্দিৰৰ পুৰোহিত। কিমান ওপৰৰ খিলন্দাৰ হব পাৰে ইহত। অনুমান কৰক। কি সুন্দৰ অভিনয়। এনে অভিনয় যে 15 বছৰত গাৱঁৰ এজন লোকেও সন্দেহ কৰাৰ কোনো সুৰুঙা বিচাৰি নাপালে। এই কাহিনী পঢ়ি হতবাক হৈ গলো। কোনে ট্ৰেইনিং দিয়ে ইহতক। আৰু তিনিখনকৈ আধাৰ কাৰ্ড। এই আধাৰ কাৰ্ড এদিন গৈ ভাৰতৰ বাবে জটিল সমস্যা হবগৈ। এই কাৰ্ড খন বন্ধ কৰা উচিত দেশৰ নিৰাপত্তাৰ স্বাৰ্থত। এই কাহিনী এক উদাহৰণহে। আৰু কিমান ছদ্মবেশী আমাৰ চৌপাশে আছে কোনে জানে। ভাৰতৰ বাবে এইটো নতুন সমস্যা হৈ থিয় দিছে। সতৰ্ক থাকক। 🔷️

©️ Manikuntal Saikia

14/08/2025

পুতেকে দেউতাকক সুধিলে :
" Dad, what is politics?"
সহজ ভাষাত কেনেকৈ বুজাও দেউতাকে ভাবিলে।
বুজোৱাৰ চেষ্টা কৰিলে : Politics এনেকুৱা ধৰা .....
মই তোমাৰ প্ৰয়োজন পূৰ কৰোঁ। গতিকে মই পুঁজিপতি।
তুমি হৈছা দেশৰ জনতা।
মায়ে মই উপাৰ্জন কৰা পইচাখিনি লগত ৰাখে , গতিকে মা হ'ল চৰকাৰ।
এই আন্টিয়ে যে তোমাৰ ভাইটিক চোৱা-চিতা কৰে, এওঁ হৈছে শ্ৰমিক শ্ৰেণী।
তোমাৰ ভাইটি হৈছে দেশৰ ভৱিষ্যত!
বুজিলা নে?
কি বুজিলে ধৰিব নোৱাৰি পুতেক বিচনাত শুবলৈ গ'ল।
ৰাতি ভায়েকে কন্দা আৰম্ভ কৰিলে। হাগি মূতি কান্দি আছে।
মাকৰ ওচৰলৈ গ'ল। মাকে নাক বজাই শুই আছে। নজগায় পুতেক দেউতাকৰ কোঠালৈ গ'ল। তাত দেখে দেউতাকে ভায়েকৰ চোৱা-চিতা কৰা মহিলা গৰাকীৰ সৈতে পিৰীতি কৰি আছে। তেওঁলোকক আমনি নিদি পুতেক আকৌ বিচনাত শুবলৈ গ'ল।
ৰাতিপুৱা পুতেক দেউতাকৰ ওচৰলৈ আহিল।
- "দেউতা, মই politics কি বুজি পালোঁ।"
দেউতাকে ক'লে : "তোমাৰ সৰল মনেৰে কি বুজিলা কোৱা।"

পুতেকে ব্যাখ্যা কৰিলে:
"যেতিয়া চৰকাৰে নাক বজাই শুই আছিল,
তেতিয়া পুঁজিপতিয়ে শ্ৰমিকক শোষণ কৰি আছিল।
দেশৰ জনতাই নিৰ্বিকাৰ হৈ চাই আছিল।
আৰু দেশৰ ভৱিষ্যতে এক কদৰ্য পৰিস্থিতিৰ সৈতে যুঁজি আছিল..."

(এটা ইংৰাজী stand up comedy video ৰ ভাঙনি)

২৭ বছৰ বয়সত যেতিয়া আপুনি চাকৰি বিচাৰি থাকে তেতিয়া আপোনাৰ বয়সৰ কোনোবা এজন সেই বেংকত মেনেজাৰ হিচাপে বহি থাকে। যেতিয়া ...
14/08/2025

২৭ বছৰ বয়সত যেতিয়া আপুনি চাকৰি বিচাৰি থাকে তেতিয়া আপোনাৰ বয়সৰ কোনোবা এজন সেই বেংকত মেনেজাৰ হিচাপে বহি থাকে। যেতিয়া আপোনাৰ কেৰিয়াৰ আৰম্ভও হোৱা নাই, তেতিয়া কিছুমান মানুহে নিজৰ টকাৰে কিনা দামী গাড়ী চলাই আপোনাৰ সন্মুখত পাৰ হৈ গৈছে।

প্ৰথমে আহে কঠোৰ পৰিশ্ৰমৰ কথা - যিসকল আপোনাৰ আগত আছে তেওঁলোক আপোনাৰ তুলনাত অধিক কঠোৰ পৰিশ্ৰমী। সহজভাৱে লওক। টোপনিৰ আনন্দ আৰু ভোৰ দেখাৰ আনন্দ একেলগে বিচাৰি পোৱা নাযায়। কেৱল কঠোৰ পৰিশ্ৰমে সকলো কামেই নকৰে। গতিকে যদি হ’লহেঁতেন তেন্তে গাধটো জংঘলৰ ৰজা হ’লহেঁতেন। কেৱল কঠোৰ পৰিশ্ৰম নহয়, ইয়াৰ পুৰস্কাৰ পোৱাটোৱেই ডাঙৰ কথা। অতিৰিক্ত ঘণ্টা কাম নকৰিলে অতিৰিক্ত মাইলৰ আগত কেনেকৈ থাকিব পাৰি? প্ৰতিজনৰে দিনটোত ২৪ ঘন্টা সময় থাকে। আপুনি যি অতিৰিক্ত কৰে সেইটোৱেই নিৰ্ধাৰণ কৰিব আপুনি কি অতিৰিক্ত পাব। বেলেগ কিবা এটা কৰিব নোৱাৰিলে বেলেগ একো নাপাব। বিল গেটছ ৰাতিটোৰ ভিতৰতে বিল গেটছ হোৱা নাছিল। কেৱল বিশ্ববিদ্যালয় বাদ দি ষ্টিভ জবছ বা জুকাৰবাৰ্গ হ’ব নোৱাৰে।

স্কুল কলেজ নোযোৱাকৈ ৰবীন্দ্ৰনাথ হ'ব নোৱাৰে।
কিতাপ বান্ধি ৰখাৰ দোকানত কাম কৰি সকলোৱে মাইকেল ফেৰাডে হ’ব নোৱাৰে, বেছিভাগেই গোটেই জীৱন কিতাপ বান্ধি কটায়।

ছাত্ৰ জীৱনত কোনোবাই কি কলে চিন্তা নকৰিব। প্ৰগ্ৰেম কৰিব নোৱাৰা ল’ৰাটো এতিয়া চফটৱেৰ ফাৰ্মৰ মালিক। যিজনৰ সপোন কেতিয়াও কোনেও ভবা নাছিল, তেওঁ এতিয়া হাজাৰ হাজাৰ মানুহক সপোন দেখিবলৈ শিকাইছে। যিজনৰ কেৰিয়াৰৰ কোনো ধাৰণা নাছিল তেওঁ প্ৰথমে পি এইচ ডি কৰিবলৈ আমেৰিকালৈ গৈছিল। অতি উৎসাহেৰে সকলো পৰীক্ষাত ফেইল কৰা ল’ৰাটো এতিয়া এজন সফল ব্যৱসায়ী। আপুনি কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে সেইটো আন কাৰোবাক সিদ্ধান্ত ল’বলৈ নিদিব।

চৰকাৰী বিশ্ববিদ্যালয় এখনত সুযোগ নাপালে নেকি? প্ৰাইভেটত পঢ়ি আছে নেকি? সকলোৱে কৈছে যে তোমাৰ জীৱন শেষ হ'ল? মই কওঁ, হেৰা! তোমাৰ জীৱনটো এতিয়াও আৰম্ভ হোৱা নাই। কিমান দূৰলৈ যাবা, আৰু কোনে সিদ্ধান্ত ল’ব পাৰে? তেওঁলোকৰ জীৱন নে আপোনাৰ? কিয় ডাক্তৰ বা অভিযন্তা হ’ব লাগিব? যি ঠাইতে পঢ়াই নকৰক আপোনাৰ অগ্ৰগতি নিজৰ ওপৰত নিৰ্ভৰ কৰে। কেৱল ('অ' ছিট' 'ছ'ৰী বেবী' 'চেটিং ডেটিং')ৰ সৈতে জীৱনটো জীয়াই নাথাকিব। আপুনি নিৰ্ভৰশীল ব্যক্তিজনৰ অবিহনে আপোনাৰ অৱস্থান কল্পনা কৰক। বিশ্ববিদ্যালয়লৈ আহি ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা গাড়ীখন নিজৰ টকাৰে কিনিলে নেকি?

এদিন পৃথিৱীৰ বাটত যাব লাগিব। তাৰ পিছত এতিয়াই যি কৰিব লাগে কৰিবলৈ আৰম্ভ কৰক। জীৱনত ডাঙৰ হ’বলৈ হ’লে ভাল কিতাপ কিছুমান পঢ়িব লাগিব, ভাল চিনেমা কিছুমান চাব লাগিব, ভাল ভাল গান শুনিব লাগিব, ভাল ঠাই কিছুমানলৈ যাব লাগিব, ভাল মানুহৰ লগত কথা পাতিব লাগিব, ভাল কাম কিছুমান কৰিব লাগিব! জীৱনটো কেৱল হাঁহি হাঁহি কটাবলৈ নহয়।

এদিন যেতিয়া জীৱনৰ মুখামুখি হ’ব লাগিব, তেতিয়া দেখিব যে আপোনাৰ ভৰিৰ তলৰ পৰা মাটি আঁতৰি গৈছে, আৰু আকাশখন তললৈ নামিছে। দক্ষতা বিকাশৰ বাবে সময় দিব লাগিব। এই সকলোবোৰ এদিন বা এৰাতিতে নহয়।

স্কুল বা কলেজত পঢ়ি থাকোঁতে, প্ৰথম ল’ৰা বন্ধু যেতিয়া ষ্টডি টেবুলত মুখ তললৈ পৰি আছিল, তেতিয়া আপুনি তেওঁক চাই হাঁহিছিল। এতিয়া সময়! কঠোৰ পৰিশ্ৰম কৰক, লক্ষ্য মনত ৰাখক, আপুনি বিফল হ'ব কিন্তু ৰৈ নাথাকিব, আগবাঢ়ি যাওক-- যদি আপুনি ১০০০ বাৰ বিফল হয়, তেন্তে ইয়াৰ পৰা ১০০০ টা শিক্ষা লওক, তেতিয়া সফলতা লাভ কৰক।

ভাল লাগিল share কৰিব

প্ৰথমে একেলগে কোচিং তাৰ পিছত DSP আৰু শেষত দুয়ো চিৰদিনলৈ এক।প্ৰেমৰ যাত্ৰাবোৰ সদায় এনেকুৱাই হ'ব।    B.A পাছ কৰিয়ে দিব্যা আ...
13/08/2025

প্ৰথমে একেলগে কোচিং তাৰ পিছত DSP আৰু শেষত দুয়ো চিৰদিনলৈ এক।প্ৰেমৰ যাত্ৰাবোৰ সদায় এনেকুৱাই হ'ব।
B.A পাছ কৰিয়ে দিব্যা আৰু আদ্যিত দুয়ো এটা কোচিং চেন্টাৰত MPPSC ৰ কোচিঙৰ বাবে আহি প্ৰথম চিনাকী হৈছিল।সপোন দুয়োৰে একেই আছিল।প্ৰশাসনিক বিষয়া হোৱাৰ।প্ৰথমে দুয়োৰে মাজত চিনাকী আৰু তাৰ পিছত লাহে লাহে দুয়োৰে মাজত আৰম্ভ হ'ল প্ৰেমৰ যাত্ৰা।
২০১৫ চনত MPPSC আদিত্যই পাছ কৰি মধ্যপ্ৰদেশতে লাভ কৰিলে DSP ৰ চাকৰি।কিন্তু ৰৈ গৈছিল প্ৰেমিকা দিব্যা।
লাহে লাহে দুয়োৰে সময় আহিল এক হোৱাৰ।কিন্তু এক হোৱাৰ সময়ত আকৌ আহিল এটা ডাঙৰ প্ৰত্যাহ্বান।দুয়োৰে পৰিয়ালে জাতিগত বিভেদতাৰ বাবে এই সৰ্ম্পকক আকোঁৱালী ল’বলৈ সাজু নহয়।তেতিয়াও হাৰ নামানি এই প্ৰেমক সফল ৰূপ দিয়ালৈ ধৈৰ্য ধৰিলে।অৱশেষত পৰিস্থিতিয়েও হাৰ মানিলে আৰু দুয়ো এক হ'ল।প্ৰেম এনেকুৱাই।
দুয়োৰে প্ৰেমত আচৰিত শক্তি, বিশ্বাস আছিল একেলগে সফল হোৱাৰ।সেই বিশ্বাসৰ বলতে বিয়াৰ পিছতেই MPPSC পৰীক্ষাত পাছ কৰি প্ৰেমিকা দিব্যাও DSP হ'ল
এইয়া মধ্যপ্ৰদেশৰ DSP দিব্যা আৰু DSP আদ্যিতৰ যাত্ৰাৰ কাহিনী।সচাই দুটি নিস্বাৰ্থ, সচাঁ মনৰ মিলন হ’লে পৃথিৱীত অসম্ভৱ বুলি একোৱে নাথাকে।
Copy from - Dadul Dutta

জয় নৃসিংহ মুৰাৰী 🙏
13/08/2025

জয় নৃসিংহ মুৰাৰী 🙏

🚫কোনে কয় শৰীৰৰ ভোক কেৱল পুৰুষৰ হে থাকে?কোনে কয় শৰীৰ লোভ কেৱল এজন পুৰুষৰ মনত থাকে?নহয় শৰীৰৰ ভোক দুয়োফালে সমানে থাকে।তাতকৈ...
12/08/2025

🚫কোনে কয় শৰীৰৰ ভোক কেৱল পুৰুষৰ হে থাকে?
কোনে কয় শৰীৰ লোভ কেৱল এজন পুৰুষৰ মনত থাকে?

নহয় শৰীৰৰ ভোক দুয়োফালে সমানে থাকে।

তাতকৈ ডাঙৰ সত্যতা টকাৰ ক্ষমতা বহুত বেছি
পৃথিৱীৰ সকলো বস্তুৱে বিক্ৰী হয় মাথো উচিত মূল্য পাব লাগে।

নহলেনো ৬০০০টকাত গাভৰু শৰীৰৰ দৰদাম চলেনে?
নিজৰ চখত শৰীৰ বিক্ৰী কৰেনে?
বেশ্যা আৰু চখৰ মাজত হাজাৰ পাৰ্থক্য আছে।

বাধ্যতাত শৰীৰ বিক্ৰী বেশ্যা নাম পোৱা আৰু
ঘৰত কাম কৰিম বুলি এটা Luxurious life জীয়াই থাকিবলৈ
সহজ উপায় শৰীৰ বিক্ৰী কৰা নাৰীৰ মাজত পাৰ্থক্য আছে।

যেতিয়ালৈ এজনী নাৰীয়ে স্ব-ইচ্ছাৰে নিজৰ শৰীৰ বিক্ৰী নকৰে
তেনেহলে পৃথিৱীৰ কোনো এজন পুৰুষে নাৰীৰ শৰীৰ কিনিব নোৱাৰে।

যৌনতাৰ আগত প্ৰেম শূণ্য
বৰ্তমান প্ৰেম মাথো এক শব্দহে যিটো কাহিনী ,চিনেমাত হে ভাল লাগে বাস্তৱত প্ৰেম এতিয়া যৌনতাৰ প্ৰথম খোজ।

লয়েল মানুহ থোৱাহে আপোনাৰ Loyalties
এদিন মায়ানগৰীত আহি চাই যাব।

নিজৰ প্ৰেমিকৰ লগত বিয়া হোৱাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰেয়সীয়ে
বন্ধ কোঠাত অন্য পুৰুষৰ দুবাহুৰ মাজত টকাৰ ওচৰত বিক্ৰী হৈ আছে।(সকলো নহয় কিন্তু প্ৰায়)

নিজৰ পত্নী,সন্তানক ঘৰত থৈ বিশেষ কাম থকা বুলি কোৱা
বিশ্বাসী পুৰুষজনে অন্য স্ত্ৰী'ৰ লগত যৌনতা,বন্ধ কোঠাত এদিনৰ প্ৰেমত মগ্ন হৈ পৰিছে।(সকলো নহয় কিন্তু প্ৰায়)

আপোনাৰ লয়েল প্ৰেমিক/প্ৰেমিকাই অন্যৰ লগত
সামাজিক মাধ্যমৰ মেছেজত যৌনতাৰ আলাপত ব্যস্ত
থোৱাহে Loyalties হাঁহি উঠে এই লয়েল মানুহ কোন লয়েল?

হয় ধৰা নপৰালৈ সকলো লয়েল মইয়ো লয়েল কিন্তু বাস্তৱত??

ধৰা নপৰালৈ চিঞঁৰি কম হয় মই লয়েল কিন্তু ধৰা পৰাৰ পিচত?

এইবোৰ প্ৰেম/ভালপোৱা আজিৰ দিনত মূল্যহীন
হয় যদি আপুনি ধনী আপুনি ধুনীয়া তেতিয়া বেলেগ কথা।

হাঁহি উঠে…কিমান দেখিছো লয়েল প্ৰেমিক/প্ৰেমিকা অন্যৰ টকাৰ ওচৰত বিক্ৰী হোৱা ।

৬০০০টকাত বিক্ৰী হোৱা জনীয়ে কাৰোবাৰ বাবে লয়েল
৬০০০ টকাত নাৰী দেহ কিনা জনো কাৰোবাৰ বাবে লয়েল।

নমস্কাৰ চিধা মানুহ চিধা কথা কওঁ…বিক্ৰী হোৱা দেখিছো
সঁচা ভালপোৱা কংক্ৰিটৰ চহৰত টকাৰ ওচৰত।

সঁচাকৈ যিবোৰ নাৰী/পুৰুষৰ মনত প্ৰেমৰ মূল্য আছে
সঁচাকৈ তেওঁলোক লয়েল সেই ভাল মানুহবোৰ সদায়ে অকলশৰীয়া নিসংগতাৰ কৱলত পৰি প্ৰতিদিনে মৰি আছে।

ভিৰৰ মাজতো অকলশৰীয়া তেওঁলোক।

ফ'টো কিয় দিছা বুলি প্ৰশ্ন নকৰিব
যদি ৬০০০টকাৰ দৰদাম কল ৰেকৰ্ড অপেন সংবাদ মাধ্যমে
ব্ৰেকিং নিউজ কৰিব পাৰে তেনেহলে ফ'টো খনত নগ্নতা বিচাৰি আহি ভদ্ৰতাৰ পৰিচয় নিদিব,ধন্যবাদ।

🙏🙏
📌সদায়ে নতুন নতুন লিখনি পাই থাকিবলৈ পেজটো মন গলে ফ'ল কৰি দিব।
আপোনাৰ অলপ সহায়ে নতুন উৎসাহ যোগায়,ধন্যবাদ।🥰

✍️ধ্ৰুৱজ্যোতি দাস।

হালধিবাৰীৰ বুঢ়ী মাই মন্দিৰৰ জাগ্ৰত শিলভাগি। য'ত  আছে বহু অলৌকিক শক্তি। এই শিলভাগিতে জিৰণি লয় বুঢী মা আয়ে। যি ভাগি শিল পথ...
10/08/2025

হালধিবাৰীৰ বুঢ়ী মাই মন্দিৰৰ জাগ্ৰত শিলভাগি। য'ত আছে বহু অলৌকিক শক্তি। এই শিলভাগিতে জিৰণি লয় বুঢী মা আয়ে। যি ভাগি শিল পথ নিৰ্মাণ কৰোতে আতৰাব পৰাও নাছিল, ভাঙিবও পৰা নাছিল। সেৱা জনালো। সকলোকে আশীৰ্বাদ দি থাকিব।

04/08/2025
সততে নেদেখা 'মা উগ্ৰতাৰা' । সাত-আঠ বছৰ পূৰ্বে উজান বজাৰৰ মা উগ্ৰতাৰৰ জাগ্ৰত এই ভাগ মূৰ্তি চুৰ হৈছিল দেৱালয়ৰ পৰাই । কিন্ত...
04/08/2025

সততে নেদেখা 'মা উগ্ৰতাৰা' । সাত-আঠ বছৰ পূৰ্বে উজান বজাৰৰ মা উগ্ৰতাৰৰ জাগ্ৰত এই ভাগ মূৰ্তি চুৰ হৈছিল দেৱালয়ৰ পৰাই । কিন্তু আৰক্ষীয়ে অশেষ কষ্টৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। চোৰৰ কবলৰ পৰা ছমাহৰ অন্তত পুনৰ উদ্ধাৰ কৰাৰ মুহুৰ্তৰ বিৰল ফটো এইখন। শেষত পুনৰ প্ৰতিষ্ঠা কৰা হয় দেৱালয়ত । সম্ভৱত আৰক্ষী বিষয়া সুৰজিত সিং পানেচাৰৰ প্ৰচেষ্টাত উদ্ধাৰ হৈছিল শতিকা পুৰণি 'মা'ৰ মূৰ্তি ভাগ । 🙏🙏🙏

ঐতিহাসিক যোৰহাটৰ বাবে আন এক সুখবৰ। সদ্যঘোষিত ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যোৰহাটৰ জীয়ৰী শিল্পীকা বৰদলৈয়ে সফলতাৰ...
03/08/2025

ঐতিহাসিক যোৰহাটৰ বাবে আন এক সুখবৰ। সদ্যঘোষিত ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যোৰহাটৰ জীয়ৰী শিল্পীকা বৰদলৈয়ে সফলতাৰে কঢ়িয়াই আনিছে স্বৰ্ণ কমল বঁটা। পৰিচালক হিচাপে প্ৰথম ছবিতেই তেওঁৰ নন-ফিচাৰ তথ্যচিত্ৰ ‘Mau: The Spirit Dreams of Cheraw’য়ে শ্ৰেষ্ঠত্বৰ শাখাত এই পুৰস্কাৰ লাভ কৰে। মিজো সংস্কৃতিৰ সৌন্দৰ্য্য আৰু গভীৰতাক প্ৰতিফলিত কৰা এই ছবিখনে শিল্পীকাৰ পৰিচালন দক্ষতাৰ পৰিচয় দিয়ে। বিশিষ্ট নাট্যশিল্পী, নৃত্যশিল্পী তথা ওস্তাদ বিছমিল্লাহ খাঁ যুৱ সংগীত নাটক একাডেমী বঁটা প্ৰাপক শিল্পীকা বৰদলৈৰ এই কৃতিত্বই যোৰহাট তথা অসমৰ নাম উজ্জ্বল কৰিছে। তেওঁৰ এই অভূতপূৰ্ব সাফল্যৰ বাবে আমি গৌৰৱান্বিত আৰু তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

Address

Jorhat

Alerts

Be the first to know and let us send you an email when Asom Prohori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category