22/09/2025
*-* হৃদয় জিনা জুবিনলৈ-
-দক্ষিণ যোৰহাটত শ্ৰদ্ধাঞ্জলি *-*
!!::!! বকুলৰ পথাৰ আলিত ৰোপণ গছ পুলি !!::!!
•``• প্ৰান্তে প্ৰান্তে শোভাযাত্ৰা •``•
:: আত্মপ্ৰকাশ হাৰ্টথ্ৰ'ৱ বাৰ্তা ::
: দক্ষিণ যোৰহাট, ২২ ছেপ্টেম্বৰ :
: একো গীতেই গাবলৈ নৰখা, বহুতত সহায় কৰোঁতা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৃদয় জিনা জুবিন গাৰ্গলৈ দক্ষিণ যোৰহাটৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। নামনি তিমতিমীয়া নামঘৰৰ তোৰণৰ সমীপত নৱ প্ৰজন্মৰ উদ্যোগত হাৰ্টথ্ৰ'ৱজনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰে। স্থানীয় ৰাইজ, সাংস্কৃতিক কৰ্মী, বিভিন্ন সমিতি-অনুষ্ঠানৰ প্ৰতিনিধি সকলোৱে ইয়াত ভাগ লৈ শোক প্ৰকাশ কৰিছে। জুবিনৰ গীত পৰিৱেশন কৰিছে অনুৰাগীসকলে। যুৱসকলে প্ৰতিচ্ছবি সন্মুখত উজাগৰে কটাইছে। লিচুবাৰীতো অঞ্চলৰ লোক, ব্যৱসায়ী, সমিতি, অনুষ্ঠান সকলো মিলি সংগীতৰ সাগৰ জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। গীত, কবিতা পৰিৱেশনেৰে অনুৰাগী আৱেগিক হৈ পৰিছে। কুঁৱৰী পুখুৰী চাৰি আলিত অনুৰাগীসকলে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি। উলুতলীয়া-উত্তৰ হাতীচুঙী সংযোগী বকুলৰ পথাৰ আলিত উলুতলীয়া গাঁৱৰ যুৱ প্ৰজন্মৰ উদ্যোগত অতি জনপ্ৰিয় জুবিনৰ স্মৃতিত গছ পুলি ৰোপণেৰে স্মৃতি ধৰি ৰখাৰ প্ৰয়াস কৰে। চাউদাং জাতীয় পৰিষদ- অসমৰ যোৰহাট মহকুমা সমিতিৰ সৌজন্যত চৰ্দাৰ আলি কেবাং গাঁওস্থিত কাৰ্যালয়ত সংগীতৰ নৱযুগ প্ৰৱৰ্তিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰংপুৰ নগৰৰ ফালৰ পৰা আৰু ন-আলি ঢেকিয়াজুলি মুছলিম গাঁৱৰ পৰা শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। এনেদৰে দক্ষিণ যোৰহাটৰ ভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন অব্যাহত আছে।