14/03/2025
সম্পাদকীয় কলম :
মহিলা উদ্যমীতা সফলতা বিফলতা :
কাহিনী ১;
নগেন পথাৰৰ পৰা আহি ঘৰৰ চোতালত দেখাপালে ঘৈণীয়েকে বাইক এখনত অহা ডেকা এজনৰ লগত হাঁহি মাতি কথা পাতিছে ৷খং টো টিঙিচকৈ উঠিল ৷বোলো তোক মই আজি তিনিবাৰ দেখা পালো ৷তাই ধুনীয়া দেখি মই নথকা অৱস্থাত ----
ডেকা জন পাচলৈ দৌৰি কলে “ককাইদেউ আপোনাৰ বাইদেৱে এবছৰে আমাৰ RGVM বেংকৰ লোন ঘুৰাই দিয়া নাই ৷CIBIL একেবাৰে বেয়া হৈ আছে ৷আজি যি পাৰে দিয়ক বুলিহে আহিছো ---”
“কিহৰ চিভিল টিভিল বেয়া ? চৰকাৰে লোনৰ টকা ঘুৰাই দিব যা ৷আমি এটকাও দিবলৈ নাই ---”
“ককাইদেউ টকা ল’ব আপোনাৰ পৰিবাৰে ৷ঘুৰাই দিব চৰকাৰে ! ই কেনেকুৱা কথা ? ’’
হাতৰ দা খন দাং খালত বপুৰা বাইক ষ্টাৰ্ট কৰি পলাল’’
কাহিনী ২: জেতুকীৰ ঘৰত মহিলা ১০/১২ গৰাকী পুৱাই হাজিৰ ৷কাকো একো গুৰুত্ব নিদিয়াকৈ কাউৰীৰ বাঁহৰ দৰে চিঞৰ বাখৰ কৰি ভিতৰৰ পৰা টিভি/চিলিণ্ডাৰ/চকী/চাইকেল সকলো উলিয়াই আনিছে ৷জেতুকীৰ গীৰিহঁতৰ অৱস্থা কাঢ়িল ৷কাৰণ মাইকীমানুহৰ গাত হাত দিলেই চিধাই ৰেপ কেছ ত পেলাই দিব !! পাছত হে গাওঁ মানুহৰ মাজত বু বু বা বা --জেতুকীয়ে গোটৰ পৰা ধাৰ লোৱা টকা কেইটাৰে মোবাইল ফোন কিনিলে ৷ছোৱালীৰ তোলনি বিয়াত খৰচ কৰিলে ৷কিন্তু ঋণ লৈছিল ছাগলী পুহিম বুলিহে !!
এনেধৰণৰ বহু কাহিনী আজিকালি মহিলা গোট সকলৰ মাজত চলি আহিছে ৷কভিদ ৰ দিনত NRLM (চৰকাৰী গোটৰ হৰ্তাকৰ্তা !)/বন্ধন বেংক/RGVM/নৰ্থ ইষ্ট ফাইনঞ্চিয়েল ইত্যাদি ১০/১২ টা স্মল ফাইনেঞ্চ বেংকৰ পৰা মহিলা সকল গোট হৈ ঋণ লৈছিল ৷বেংক বোৰে জানে একগোট হোৱা মহিলাৰ সামুহিক ঋণ দিলে পইচা ঘুৰাই পাব ৷কাৰণ এগৰাকীয়ে নিদিলেই আন সকলে হেঁচা দিব ৷বেংকৰ তাগিদা দিয়া বেপাৰ টো কমিব !!
কিন্তু মাত্ৰ ১০% গোটে প্ৰকৃত উৎপাদন আৰু ব্যৱসায় কৰাৰ পাছত ৯০% ই ঋণ ৰ টকা খিনিৰ সৎ ব্যৱহাৰ নকৰে ৷চৰকাৰী অনুদান ঋণ লৈ বা ব্যক্তিগত স্মল ফাইনেঞ্চিয়েল বেংকৰ ঋণ লৈ বহুতে মাহে ২০% সুদত টকা ধাৰে দিয়া কাবুলীৱালাও হয় বুলি আমি জানো ৷
অৱশ্যে ইয়াৰ কাৰণো আছে ---
১:মহিলা সকলৰ বাবে উপযুক্ত সাময়িক প্ৰশিক্ষণৰ সুবিধা নাই ৷চৰকাৰী সংশ্লিষ্ট বিভাগবোৰৰ প্ৰশিক্ষণ পাল মৰা ধৰণৰ ৷
২:উৎপাদন কৰাৰ পাছত বিপনন ব্যৱসায় সম্পৰ্কীয় জ্ঞান বহুতৰ সীমিত ৷
৩:ঘৰুৱা কামকাজৰ বাবে ব্যৱসায়ত যথেষ্টখিনি সময় দিব নোৱাৰে ৷
৪:স্হিৰ মন আৰু উদ্যম কম ৷
৫:চৰকাৰী পইচাবোৰ এনেই ওপৰতে পোৱা বাবে সৎব্যৱহাৰ কম
ইত্যাদি ইত্যাদি ---
মন কৰিব লগীয়া যে বাংলাদেশৰ মঃ ইউনুচ ডাঙৰীয়াৰ সফল যোজনা Self Help Group ৰ আৰ্হিত ভাৰততো নাবাৰ্ডে আৰম্ভ কৰিছিল SHG আৰ্হি ৷পাছলৈ এইটো NRLM অৰ্থাৎ national rural Livehood mission ৰ দ্বাৰা পৰিচালিত হৈ আহিছে ৷
ভাৰতত বৰ্তমান চৰকাৰী পঞ্জীয়ন থকা প্ৰায় ৯০.৯০ লাখ মহিলা SHG আছে ৷ইয়াৰে সৰ্বাধিক অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰত আছে ৷অসমৰ মুঠ মহিলা SHG ৰ সংখ্যা প্ৰায় ৩,৫০,৩৭১ টা ৷অৱশ্যে এই সংখ্যা বৃদ্ধি হৈ থাকে ৷
প্ৰায় এটা বছৰৰ হোহোকাপিছলাৰ শেষত অসম চৰকাৰে অহা ১এ পৰা পৰ্যায়ক্ৰমে প্ৰায় ২৭ লাখ মহিলাক ১০ হাজাৰ টকীয়া ৰাজ সাহায্য ঋণ আকাৰত দিব বুলি জানিব পৰা হৈছে ৷বিহালী সমষ্টিত অলপতে হৈ যোৱা উপনিৰ্বাচনত গৌৰৱ গগৈ টিম ক হৰুউৰাৰ পাছত বিজেপি চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছিল যে এই ১০ হাজাৰ টকীয়া ঋণ সাহায্য প্ৰথমে বিহালী সমষ্টিৰ পৰাই আৰম্ভ কৰিব !সেয়ে প্ৰথম ২৩ হাজাৰ খন চেক ৰেডী কৰা হৈছে ৷তাৰ পাছত সকলোৱে পাব এই সপোনৰ সুবিধা ৷গছপুলিও বহু লাখ ৰোৱা হল ইয়াৰ সুবাদত মহিলা সকলৰ দ্বাৰা ৷ডাঙৰ দীঘল হোৱাৰ খবৰ অৱশ্যে আমাৰ হাতত নাই ৷উক্ত সাহায্যৰ পাছতে সফলতাৰ ভিত্তিত পুনৰ পাব ২৫হাজাৰ টকা ৷যিটোৰ ১২৫০০ টকা চৰকাৰে দিব আৰু বাকী ১২৫০০ টকা বেংকৰ পৰা দিয়া হব ৷
কিন্তু চৰকাৰে এইটো স্পষ্ট কৰিব লাগে যে SIBIL score বেয়া বা ৭০০ ৰ তলত থকা সকলে এই সুবিধা বেংকৰ পৰা পাবনে নাই ?
গ্ৰাম্যাঞ্চলৰ ৭০% মহিলা গোটৰে sibil বন্ধন বেংক আৰু অন্যান্য সকলে বেয়া কৰি থৈছে ৷এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা বেংক আইনৰ হৰ্তাকৰ্তাৰে আলোচনা কৰি কিবা এটা কৰা উচিত ৷নহলে মহিলা সকল সদায় নিৰ্বাচনৰ আগে আগে চৰকাৰে দিয়া টোপতে বন্দী হৈ থাকিব লাগিব ৷
ব্যৱসায় কৰিবলৈ ৰাজসাহায্যৰে আৰু চাবচিডি ৰে নহব ৷ই মানুহ বোৰক এলেহুৱা কৰে ৷হিতাধিকাৰী আচনিবোৰ ভাল ৷কিন্তু ইয়াৰ দ্বাৰাও এচাম এলেহুৱা হৈছে ৷উজনিৰ পথাৰ চন পৰি থাকে ৷নামনিত মিঞাৰ পথাৰ ৰজনজনাই থাকে !
শেষত কব খোজো-
👍দাতাই দিয়ে বিধাতাই নিদিয়ে ৷
👍বিধাতাৰ লিখন ৷
👍কৰ্মই ধৰ্ম ৷
কোনতো ৰাইজে বিচাৰে নিজা কথা