Rajdeep Raj

Rajdeep Raj Video creator Jobs

ফেচবুকৰ কমেণ্টবক্সৰ পৰা ইনবক্স'লৈ, ইনবক্সৰ পৰা হোৱাটছ এপ'লৈ ।হোৱাটছ এপৰ পৰা ডাইৰেক্ট মোৰ হৃদয়ৰ পদূলিলৈ !!!এনেকৈয়ে - তুম...
29/03/2017

ফেচবুকৰ কমেণ্টবক্সৰ পৰা ইনবক্স'লৈ,

ইনবক্সৰ পৰা হোৱাটছ এপ'লৈ ।

হোৱাটছ এপৰ পৰা ডাইৰেক্ট মোৰ হৃদয়ৰ পদূলিলৈ !!!
এনেকৈয়ে - তুমি এখোজ-দুখোজ কৰি মোৰ বুকুলৈ আহিছা ,
গোপনে গোপনে , অজানিতে !!!

তোমাৰ মোৰ অজ্ঞাতেই হয়টো আমি দুয়ো
গৈ আছোঁ , কোনোবা সপোনৰ দেশলৈ !!
তোমাৰ এটি মেছেজত মোৰ সপোনবোৰ জী উঠে ! আৰু
মোৰ মেছেজত তোমাৰ !!!
আমি সপোনবোৰ ভগাই লৈছো , দুয়োৰে মাজত !!! আৰু
এনেকৈয়ে
মৰমৰ বান্ধোনত আবদ্ধ হৈ পৰিছো দুয়ো ,
গোপনে , অজানিতে !!!

@ৰাজদীপ ৰাজ ।

 #সচাঁ প্ৰেমিক.........সচাঁ প্ৰেমিক আমিবোৰ আচলতে বুৰ্বক ।ভালপোৱা গৰাকীকে জীৱনৰ সৰ্বস্ব বুলি ভাবি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ...
03/02/2017

#সচাঁ প্ৰেমিক.........

সচাঁ প্ৰেমিক আমিবোৰ আচলতে বুৰ্বক ।
ভালপোৱা গৰাকীকে জীৱনৰ সৰ্বস্ব বুলি ভাবি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাইৰ লগতে লাগি থাকো , তাইক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰোঁ । তাইৰ ভাললগা ধৰণেই কামবোৰ কৰি যাওঁ ।
তথাপিও ভালপোৱাৰ খেলখনত আমি সচাঁ প্ৰেমিকবোৰ এদিন ৰান-আউট হৈ যাওঁ ।
আমাৰ বুকুৰ সীমাহীন মৰম-ভালপোৱাবোৰ নেওচি সিহঁত আন কাৰোবাৰ বুকুৰ আপোন হৈ পৰে ।
বুকুৰ কাৰেং ভাঙি কলিজাত আঘাত হানি সিহঁত আতৰি যায় আমাৰ পৰা ।
আতৰি যোৱাৰ লগতে সিহঁতে আকৌ আমাৰ দৰে সচাঁ প্ৰেমিকবোৰক বিষাদ নামৰ কিবা এবিধ ফ্ৰীতে দি যায় ।
আৰু তেতিয়া আমাৰ জীৱনটো স্তব্ধ হৈ পৰে । ভালপোৱাৰ স্মৃতিবোৰে টেটুচেপা দিব খোজে ।
বিশৃংখলহৈ পৰে জীৱনটো ।
ডায়েৰীখনো অচলহৈ টেবুলৰ কোনোবা এটা কোণত পৰি ৰয় । সচাঁ প্ৰেমিক হবলৈ গৈ আমিবোৰে নিজেই নিজৰ সুখী জীৱনটো নষ্ট কৰি দিওঁ ।
অৱশেষত আমি সচাঁ প্ৰেমিকবোৰ হৈ পৰো কোনোৱা ৱাইন চ'পৰ ৰেগুলাৰ কাষ্ট'মাৰ ।

আচলতে আমি সচাঁ প্ৰেমিকবোৰ বুৰ্বক !
ভালপোৱা গৰাকীকে জীৱনৰ সৰ্বস্ব বুলি ভাবো ।

@ৰাজদীপ ৰাজ ।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Rajdeep Raj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category