25/07/2026
পদত্যাগৰ পূৰ্বে শিক্ষামন্ত্রী ধৰ্মেন্দ্র প্রধানে দেশৰ শিক্ষাৰ্থীসকলক "মোৰ যুৱ বন্ধুসকল" বুলি সম্বোধন কৰি লেখা দীঘলীয়া পত্রখনৰ অসমীয়া অনুবাদ :
মোৰ যুৱ বন্ধুসকল,
যোৱা চাৰি দশকৰো অধিক সময় ধৰি মই ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শিক্ষা সংস্কাৰৰ বাবে নিজকে উৎসৰ্গা কৰি আহিছোঁ। মোৰ সদায় এই বিশ্বাস আছিল যে এখন শক্তিশালী, অন্তৰ্ভুক্তিমূলক আৰু স্বচ্ছ শিক্ষা ব্যৱস্থাই এখন শক্তিশালী ৰাষ্ট্ৰৰ মূল ভেটি।
দেশৰ যুৱ প্ৰজন্মৰ আকাংক্ষা, অনুভূতি আৰু তেওঁলোকৰ ন্যায্য আশা-আকাংক্ষাক মই গভীৰভাৱে সন্মান কৰোঁ। ভাৰতৰ যুৱ প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক দায়িত্ব। মাননীয় প্ৰধানমন্ত্ৰীজীৰ দূৰদৰ্শী নেতৃত্বত দেশসেৱাৰ সুযোগ লাভ কৰাৰ বাবে মই তেওঁৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
কিন্তু ৩ মে' ২০২৬ তাৰিখে অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাত কিছুমান অনিয়ম ধৰা পৰিছিল। ভাৰত চৰকাৰে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰি এই তদন্ত CBI-ক অৰ্পণ কৰে আৰু পৰীক্ষাখন বাতিল কৰি পুনৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে। লগতে, অহা বছৰৰ পৰা এই পৰীক্ষা CBT (Computer-Based Test) পদ্ধতিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই সময়ছোৱাত আমাৰ মুখ্য অগ্ৰাধিকাৰ আছিল যাতে ২০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হয়। সেই উদ্দেশ্যে whole of government approach-ৰ অধীনত কাম কৰা হৈছিল। ইয়াত ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ, বিশেষকৈ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পিতৃ-মাতৃৰ সহযোগিতাত ২১ জুন ২০২৬ তাৰিখে পৰীক্ষাখন সফলতাৰে সম্পন্ন হয়।
প্ৰথম দিনৰ পৰাই মই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু এই পৰিস্থিতিৰ পৰা কেতিয়াও আঁতৰি যোৱা নাছিলোঁ। মোৰ দৃঢ় সংকল্প আছিল যে পৰীক্ষা মাফিয়াৰ বাবে কোনো মেধাৱী শিক্ষাৰ্থীৰ ভৱিষ্যৎ নষ্ট হ'বলৈ দিয়া নহ'ব আৰু কোনো শিক্ষাৰ্থীৰ ওপৰত অন্যায় হ'বলৈও দিয়া নহ'ব।
১৬ জুলাই ঘোষণা কৰা NEET-UG-ৰ ফলাফল সন্তোষজনক আছিল। ইয়াৰ ফলত দৰিদ্ৰ পৰিয়ালৰ বহু মেধাৱী শিক্ষাৰ্থীয়েও সফলতা লাভ কৰিবলৈ সক্ষম হয়।
কিন্তু এই সময়ছোৱাতো কিছুমান দায়িত্বশীল পদত অধিষ্ঠিত ব্যক্তিয়ে বহু শিক্ষাৰ্থীক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে বাধা সৃষ্টি কৰাৰ চেষ্টা কৰিছিল। এই ঘটনাই মোক অত্যন্ত মর্মাহত কৰিছে।
মই সদায়েই আমাৰ গণতন্ত্ৰৰ শক্তিৰ ওপৰত অটল বিশ্বাস ৰাখি আহিছোঁ আৰু যুৱসমাজৰ আকাংক্ষা, সপোন আৰু আশা-আকাংক্ষাৰ প্ৰতি গভীৰ সন্মান জনাই আহিছোঁ। তেওঁলোক কেৱল ভাৰতৰ ভৱিষ্যৎ নহয়, বৰং এক নতুন আৰু উন্নত ভাৰতৰ বাহক, নিৰ্মাতা আৰু ভৱিষ্যৎ গঢ়ি তোলা শিল্পীও।
যোৱা ১০ দিনৰ ঘটনাক্ৰম দেখি মোৰ মন দুখিত হৈছে। এই বিষয়টো মোৰ বাবে ব্যক্তিগত সন্মানৰ বিষয় নহয়।
ভাৰতৰ যুৱশক্তিয়েই এই দেশৰ প্ৰকৃত শক্তি।
দেশৰ যুৱশক্তিক কোনো ষড়যন্ত্ৰৰ জালত আবদ্ধ হ'বলৈ মই কেতিয়াও নিদিওঁ—এইয়েই মোৰ দৃঢ় সংকল্প।
যন্তৰ-মন্তৰত আৰু দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ যাতে দেশবিৰোধী শক্তিয়ে গ্ৰহণ কৰিব নোৱাৰে, দেশৰ ঐক্য অটুট থাকে, ভাৰতৰ এজনো শিক্ষাৰ্থীৰ ভৱিষ্যৎ যাতে আইনী জটিলতাত আবদ্ধ নহয়, আমাৰ ল'ৰা-ছোৱালীয়ে যাতে নিজৰ সময় পঢ়া-শুনা আৰু কেৰিয়াৰ গঢ়াত ব্যয় কৰে—এই সকলো দিশ বিবেচনা কৰি মই মোৰ পদত্যাগপত্ৰ মাননীয় প্ৰধানমন্ত্ৰীজীৰ ওচৰলৈ প্ৰেৰণ কৰিছোঁ।
মাননীয় প্ৰধানমন্ত্ৰীজীৰ দিশ-নিৰ্দেশনা, বিশ্বাস আৰু অবিৰত সহযোগিতাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। লগতে, মন্ত্ৰীসভাৰ মোৰ সকলো সন্মানীয় সহকৰ্মী, মন্ত্ৰালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰী, আৰু যিসকল ব্যক্তিৰ সৈতে একেলগে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ, তেওঁলোকৰ প্ৰতিও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰসেৱাই মোৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, আৰু ইয়াৰ বাবে মই সদায়েই উৎসৰ্গিত হৈ থাকিম।
প্ৰভু শ্ৰীজগন্নাথজীৰ আশীৰ্বাদত ভৱিষ্যতেও ভাৰতমাতা, ওড়িশাৰ জনসাধাৰণ আৰু দেশৰ যুৱসমাজৰ আশা-আকাংক্ষা পূৰণৰ বাবে সম্ভৱপৰ সকলো প্ৰকাৰে নিজকে উৎসৰ্গা কৰি যাম।
আপোনালোকৰ,
ধৰ্মেন্দ্ৰ প্ৰধান