10/03/2026
আজি ভাৰতীয় জনতা পাৰ্টী যোৰহাট জিলা বিজেপি কাৰ্যালয়ত যোৰহাট জিলাৰ অন্তৰ্গত চাহ জনগোষ্ঠী মৰ্চা, অনন্য পিছপৰা শ্ৰেণী মৰ্চা, অনুসূচিত জনজাতি মৰ্চা, অনুসূচিত জাতি মৰ্চা আদিৰ ৰাজ্যিক বিষয়ববীয়া,জিলাৰ বিষয়ববীয়া আৰু মণ্ডলৰ সভাপতি আৰু সাধাৰণ সম্পাদক সকলক লৈ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ,যোৰহাট জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি মোহন ৰাও ডাঙৰীয়া আতধৰা সভাত যোৰহাট জিলা সন্মানীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া,চাৰিওটা মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী, মধ্যপ্ৰদেশৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী সন্মানীয় ৰাকেশ সিং জী, ৰাজ্যিক অবিচি মৰ্চাৰ সভাপতি সন্মানীয় চুবাশ দত্ত ডাঙৰীয়া, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা উক্ত কাৰ্য্যকৰ্মণীকাৰ তদাৰক কুমুদ কছাৰী ডাঙৰীয়া আৰু যোৰহাট জিলা সাধাৰণ সম্পাদক ক্ৰমে অঞ্জন গগৈ,অৰুপ বৰদলৈ ডাঙৰীয়া উপস্থিত থাকে।