09/08/2025
মোৰ জীৱনৰ Real Hero জনৰ বাবে____
আজিৰ এই লিখনি তেওঁৰ নামত যাক মই লগ পাইছিলোঁ মোৰ জন্ম হোৱাৰ দিনাৰে পৰা।
সকলোৰে মুখত নিশ্চয় আপোনালোকে এই সম্পৰ্কৰ কথা শুনিছে, যিসকলৰ নাই সেইসকলেও কব এই মধুৰ সম্পৰ্কৰ কথা। আজি ভাবিলো মইও অলপ কওঁ, হয়টো অলপতে কৈ শেষ কৰিব পৰাটো সম্ভব নহয়.. এই সম্পৰ্কটোৰ বিষয়ে। তথাপি যিখিনি আজিলৈকে কাৰো সন্মুখত কোনোদিনে কোৱা নাই সেইখিনিকেই কওঁ শুনক__হয়টো আজিলৈকে তেওঁক এনেকুৱাকৈ কথা কেতিয়াও কোৱা হোৱা নাই, বাৰু তেওঁক বুলি কৈ কিবা ভাল লগা নাই তাক বুলিয়েই কওঁ; তাক আজিলৈকে কৈ পোৱা নাই যে তাক মই কিমান ভাল পাওঁ আৰু মই এইটোও জানো যে মই নকলেও সি বহুত ভালদৰে বুজি পায়, জানে। আৰু মইও জানো সেই কথা সি নকলেওঁ যে সিও মোক সিমানেই ভাল পায়।
সকলোৰে মুখত শুনি আহিছোঁ সৰুৰে পৰাই আৰু বহুতৰ দেখিছোঁ ও কিন্তু যি শুনিছোঁ বা দেখিছোঁ সেইটো হইটো আমি পোৱা নাই আৰু যদিও পাইছোঁ মোৰ সঁচাকৈ মনত একেবাৰে নাই। আৰু শুনিছোঁ দাদা-ভণ্টিৰ সম্পৰ্ক এটাত মৰমৰ সমানে সমানে কাজিয়াও থাকে যিটো হয়টো তাৰ আৰু মোৰ মাজত একেবাৰেই নাই। আপোনালোকে হয়টো ভাবিছে এইটো কেনেকুৱা কথা কিন্তু এইটো সঁচা সৰুৰে পৰা আমি এদিনো কাজিয়া কৰি নাপালোঁ কিন্তু যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰ পৰা মৰমবোৰ দুগুনে বাঢ়িছে। সেইবাবে হয়টো আমাৰ দুজনৰ সম্পৰ্কটো অলপমান পৃথক। সৰুৰে পৰা আমি দুজনে বেলেগে বেলেগে থাকিলো আৰু এতিয়াও আমি তেনেদৰেই আছোঁ। মাজতে মাত্ৰ কেতিয়াবাহে লগ পাও সেইয়াও বহুত দিনৰ মূৰত কেৱল অলপ সময়ৰ বাবে। সেইখিনি সময়ত নো কি কাজিয়া হ'ব নহয় জানো! কবলৈ গ'লে আমি ইজনে আনজনৰ লগত আজিলৈকে ভালদৰে কথাও পাতি পোৱা নাই তথাপি আমি ইজনে আনজনক ভালদৰেই বুজি পাওঁ মই নকলেও মোৰ প্ৰয়োজনীয় খিনিও সি জানে।
তাৰ আৰু মোৰ মাজত যদিওঁ বয়স তিনিবছৰৰ পাৰ্থক্য আছে তথাপি একো ক্ষেত্ৰতে মই তাৰ পৰা ওপৰত যাব বিচৰা নাই কোনোদিনে আনকি এইটো বস্তু মোক বেছিকৈ লাগিব বুলি জেদ কৰা নাই আৰু এইটো সিও কেতিয়াও কৰা নাই। কেতিয়াবা মৰমতে মোৰফালৰ পৰা বেছিকৈ দি দিও কেতিয়াবা তাৰ ফালৰ পৰা মোক দিয়ে। আৰু মই বিচাৰোঁ আমাৰ মৰমবোৰ সদায় এনেদৰেই ৰৈ যাওঁক চিৰদিনলৈ।
মোৰ কিন্তু তাৰ লগত কাজিয়া কৰিবলৈ মন যায় মাজে মাজে যেতিয়া বেলেগৰ কথাবোৰ শুনো। কিন্তু সেইয়া যে ভাবো হে নহয় গৈ। কেতিয়াবা মোৰ ও আচৰিত লাগে ভাবি সঁচাকৈ যি সম্পৰ্কত কাজিয়া থাকেই আমাৰ মাজত নায়েই।
আৰু সকলোৰে দৰে কিন্তু সি মোৰ দাদা নহয় বাপা হে সৰুৰে পৰা..... বহুতে কয় দাদা বুলি মাতিবিচোন কিন্তু সৰুৰে পৰা যিটো নামেৰে মাতি আহিছোঁ তাৰ নিচিনা মৰম জানো দাদা বুলি মাতিলে থাকিব? মৰম টো থাকিব সদায় কিন্তু কিবা আচহুৱা যেন নালাগিব জানো। সৰুৰে পৰা মাতি অহা নামটোৰ দৰে মৰম বেলেগ নামত থাকিব নোৱাৰে আৰু সিও হয়তো বাপা শব্দটোতেই ভাল পায় কাৰণ সকলোৰে গালি শুনি মই কেতিয়াবা দাদা বুলি মাতিছিলো কিন্তু সি মাতেই নিদিয়ে আৰু সেইকাৰণে সি মোৰ বাবে দাদা নহয় বাপা হৈয়ে থাকি গ'ল আৰু মই তাৰ মাইনা।
(এতিয়া তোক কওঁ শুন কেতিয়াও যে তোক কোৱা নাই -- মই মোৰ নিজতকৈও বেছি ভাল পাওঁ তোক কেৱল এইটো জনমতে নহয় মানুহ হৈ জন্ম লোৱা প্ৰতিতো জনমত মই তোৰ ভন্টি হ'ব বিচাৰোঁ। তোৰ দৰে দাদা পাবলৈ ভাগ্য লাগিব হয়তো মোৰ ভাগ্য বহুতেই ভাল সেইবাবে মই পাইছোঁ। এতিয়া যেনেদৰে আছ আগলৈও সদায় এনেদৰেই থাকিবি সলনি হৈ নাযাবি। আমাৰ দুটাৰ মৰম বোৰ সদায় এনেদৰেই থাকি যাওঁক কাৰো বেয়া চকু নালাগক। জীৱনত ভাল কাম কৰি যাবি পিছপিনে তোৰ ভনীয়েৰ সদায় থাকিব সাহস হৈ)।
ৰৈ যোৱাবোৰ আকৌ কেতিয়াবা ক'ম।।
Happy Rakshabandhan ❤️
Love you more My hero💗