Jorhat News And Entertainment

Jorhat News And Entertainment শুদ্ধ আৰু সত্যৰ সন্ধানত।।

26/08/2026

যোৰহাটৰ সোণ চুৰি ঘটনাৰ লগত জড়িত YASH আগৰৱালাৰ গাৰ্লফ্ৰেণ্ড পূবালী দত্তৰ অজ্ঞাত স্থানৰ পৰা ভিডিঅ প্ৰেৰণ

26/08/2026

যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
ড্ৰাগছ সহ এটা পিষ্টল জব্দ ।

আটকাধীন যুৱকজন গোলাঘাটৰ বাসিন্দা আজাদুৰ ৰহমান বুলি জানিব পৰা গৈছে।

21/08/2026

যোৰহাটৰ বহতিয়া গাঁৱৰ এটা ভাড়া ঘৰৰ পৰা নাৰী দে*হ ব্যৱ*সায়ী চক্ৰ উৎখাত!
নিশা উ*ত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যোৰহাটৰ বহতীয়া গাঁৱত
আৰক্ষীক খবৰ দিয়াৰ পাছতেই এটা ভাড়া ঘৰৰ পৰা তিনি যুৱতী আৰু এজন যুৱকক আটক কৰে আৰক্ষীয়ে।
ভাড়াঘৰত পোৱা গৈছে আ*পত্তিজনক সামগ্ৰী।

17/08/2026

"চলন্ত মেজিকৰ ভিতৰত মোৰ গোপন অংগত স্পৰ্শ কৰিবলৈ বিচাৰিছে" যোৰহাটত দিন দুপৰতে চাঞ্চল্যকৰ ঘটনা। চলন্ত মেজিকত মহিলা অধিবক্তাৰ শ্লীলতা হানিৰ অপচেষ্টা। মহিলা অধিবক্তাক গোপন অংগত স্পৰ্শ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ৰাজীৱ গগৈৰ বিৰুদ্ধে। মহিলা অধিবক্তাৰ এজাহাৰৰ পিছতেই অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ অভিযান।

11/08/2026

বানাক্ৰান্ত পৰিয়ালক সাক্ষাৎ অসম ৰাজ্যিক জমিয়ত উলেমাৰ

বানাক্ৰান্ত লোকক আৰ্থিক ভাৱে সহায়ৰ আশ্বাস জমিয়ত উলেমাৰ

07/08/2026

যোৰহাটৰ চিনামৰা স্হিত সন্মিলন কক্ষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদমাধ্যমক সম্বোধন মুখ্যমন্ত্ৰীৰ...

03/08/2026

যোৰহাটৰ চটাই চেনিজানত "জে আই ফিটনেছ" নামৰ শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি।।
ফিটনেছ চেন্টাৰটো শুভ উদ্বোধন কৰে যোৰহাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা শৰীৰ চৰ্চাবিদ প্ৰশান্ত বৰাই।।

02/08/2026

JORHAT BREAKING যোৰহাটৰ শ'লমৰা মালৌপামত অঘটন। এগৰাকী বিবাহিত মহিলাই দুব*ছৰীয়া সন্তান সহ ভোগদৈ নৈত জাঁ*প দিয়ে। নৈত জাঁ**প দিয়া মহিলা গৰাকীৰ নাম কৃষ্ণা বৰা। ঘটনাস্থলীত আৰক্ষী উপস্থিত । SDRF ৰ অভিযান অব্যাহত।

29/07/2026

📌বিশেষ জাননী-

ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে, শেহতীয়া বানপানীৰ কবলত পৰি যিসকল লোকৰ দুচকীয়া বা চাৰিচকীয়া বাহন বিকল হৈ পৰিছে, তেওঁলোকক অতি সোনকালে নিজৰ বাহনসমূহৰ বিতং বিৱৰণ তলত উল্লেখিত আৰ্হিত প্ৰস্তুত কৰি ৱাটচ্আপ (WhatsApp) নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

আৱশ্যকীয় বিৱৰণৰ আৰ্হি-

🔸 পঞ্জীয়নভুক্ত মালিকৰ নাম (Registered Owner Name):
🔸 ফোন নম্বৰ (Phone No.):
🔸 বাহনৰ পঞ্জীয়ন নম্বৰ (Vehicle Registration No.):
🔸 ⁠শ্ৰেণী (Class):
🔸 বৰ্গ (Category): (ব্যক্তিগত / ব্যৱসায়িক)
🔸 ঠিকনা (Address):
ডাকঘৰ (Post Office):
🔸 জিলা (District): যোৰহাট

📤 বিৱৰণ প্ৰেৰণ কৰিবলগীয়া ৱাটচ্আপ নম্বৰ: 7002132207/ ৭০০২১৩২২০৭

27/07/2026

যোৰহাটত দ্য স্কাইলাইন চেণ্ট্ৰেল হোটেলৰ শুভ উদ্বোধন

শুভাৰম্ভণি অনুষ্ঠানত ড° পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে মত-বিনিময় অনুষ্ঠান সম্পন্ন

যোৰহাট চহৰৰ কে. কে. হেণ্ডিক পথত অৱস্থিত হোটেল ‘দ্য স্কাইলাইন চেণ্ট্ৰেল’ৰ আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভ উদ্বোধন কৰা হয়। হোটেলখনৰ শুভ উদ্বোধনৰ লগতে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পৰম পূজনীয় ড° পীতাম্বৰ দেৱ গোস্বামী ডাঙৰীয়াৰ শেহতীয়া লণ্ডন ভ্ৰমণৰ অভিজ্ঞতা সন্দৰ্ভত এক ৰাজহুৱা মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। আজি সত্ৰীয়া গায়ন-বায়নৰ মাংগলিক ধ্বনিৰে সত্ৰাধিকাৰ প্ৰভুক হোটেল প্ৰাংগণলৈ আদৰণি জনোৱাৰ পাছতে ‘দ্য স্কাইলাইন চেণ্ট্ৰেল’ৰ ফিটা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক হোটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে এটি বৰগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয়। উক্ত অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ শেহতীয়া লণ্ডন ভ্ৰমণৰ অভিজ্ঞতাভিত্তিক ভাষণ।সমবেত ৰাইজে সত্ৰাধিকাৰ প্ৰভুকো ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে নৱনিৰ্মিত নগৰৰ মাজমজিয়াৰ হোটেলখনত লাভ কৰিব অত্যাধুনিক সা-সুবিধা।

Address

Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Jorhat News And Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share