Nobo Alooron

Nobo Alooron Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nobo Alooron, Digital creator, J. B Jorhat, Jorhat.

30/08/2025

*নৱ-আলোড়নৰ সৌজন্যত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৱাকালিৰে পৰা প্ৰদৰ্শিত হোৱা হেঙুল থিয়েটাৰৰ প্ৰথম নিশাৰ নাট্য প্ৰদৰ্শনত ৰাইজৰ বিপুল সঁহাৰিৰ পাছত আজিৰ নিবেদন এই বৰ্ষৰ "হেঙুল"ৰ বৰ্ষশ্ৰেষ্ঠ তথা বহু প্ৰত্যাশিত নাটক প্ৰণৱ বৰুৱাৰ " পাগল থানা " ৰ প্ৰথম দৰ্শনী সন্ধ্যা ৫:৩০ বজা আৰু দ্বিতীয় দৰ্শনী নিশা ৮:৩০ বজাৰ লগে লগে আৰম্ভ হ'ব ।*

*টিকট বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা " পাগল থানা " ৰ প্ৰথম দৰ্শনীৰ ৮০% টিকট ইতিমধ্যে বিক্ৰী হৈছে*
*২য় দৰ্শনীৰ টিকটো ইতিমধ্যে অস্থায়ী টিকটঘৰত দি থকা হৈছে*
*সেয়েহে অতি শীঘ্ৰে আপোনাক আপোনাৰ টিকট টি সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ*
*ধন্যবাদ*

29/08/2025

অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ জনপ্ৰিয় নাট্যদল হেঙুল থিয়েটাৰে ৩৮ সংখ্যক নাট‌্যবৰ্ষৰ আৰম্ভণি সাংস্কৃতিক নগৰী যোৰহাটত আজিৰ পৰা কৰিবলৈ আগবাঢ়িছে । যোৰহাটৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান নৱ আলোড়নৰ সৌজন্যত আজি সন্ধ্যা ৬ বজাত অভিজিত ভট্টাচাৰ্যৰ বহু প্ৰত্যাশিত নাটক "এচিড " ৰে যোৰহাটবাসীৰ মাজলৈ আহিব হেঙুল থিয়েটাৰ । আমাৰ বিশ্বাস প্ৰতিবছৰৰ দৰেই যোৰহাটৰ গৌৰৱ "হেঙুল" ক যোৰহাটীয়া ৰাইজে আদৰি ল'ব ।🎭

24/08/2025

Hengooltheatre Mariani

Get ready for the ultimate entertainment experience of Hengool theater 🎭 2025Tickets are ready Grab your ticket Quickly ...
07/08/2025

Get ready for the ultimate entertainment experience of Hengool theater 🎭 2025
Tickets are ready
Grab your ticket Quickly 📌


Hengooltheatre Mariani

অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ জনপ্ৰিয় নাট্যদল হেঙুল থিয়েটাৰে এইবাৰ ৩৮ তম বৰ্ষত উপনীত হৈছে। প্ৰথম শ্ৰেণীৰ নাট্যদল হিচাপে অস...
05/08/2025

অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ জনপ্ৰিয় নাট্যদল হেঙুল থিয়েটাৰে এইবাৰ ৩৮ তম বৰ্ষত উপনীত হৈছে। প্ৰথম শ্ৰেণীৰ নাট্যদল হিচাপে অসমৰ সকলো প্ৰান্ততে নাট্যপ্ৰেমীৰ সমাদৰ লাভ কৰা " হেঙুল থিয়েটাৰ " যোৰহাটবাসীৰ গৌৰৱ তথা সংস্কৃতিবান মনৰ প্ৰতীক । " হেঙুল " ৰ এই গৌৰৱময় যাত্ৰাৰ পুনৰবাৰ অংশীদাৰ হোৱাৰ মানসেৰে যোৰহাটৰ অন্যতম সামাজিক - সাংস্কৃতিক অনুষ্ঠান " নৱ - আলোড়ন "ৰ সৌজন্যত অহা ২৯, ৩০ আৰু ৩১ আগষ্ট ২০২৫ তাৰিখে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এই প্ৰতিষ্ঠিত নাট্যদলটোক নাট্য প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । প্ৰতিবৰ্ষতে উৎকৃষ্ট মানদণ্ডৰ নাটক ৰাইজক উপহাৰ দিয়া হেঙুল থিয়েটাৰে এইবাৰো স্বকীয়তা ৰক্ষাৰে তিনিখন সুন্দৰ নাটক ৰাইজৰ সন্মূখত প্ৰদৰ্শন কৰাৰ বাবে আগবাঢ়িছে । আমাৰ আশা সাংস্কৃতিক নগৰী যোৰহাটত হেঙুল থিয়েটাৰ পূৰ্বৰ দৰেই সমাদৃত হ'ব আৰু আমাৰ বিশ্বাস হেঙুল থিয়েটাৰৰ যোৰহাটবাসীক আশাহত নকৰে ।

Address

J. B Jorhat
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Nobo Alooron posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share