01/09/2024
অনুসন্ধান
মায়ং
ভাষা
সম্পাদনা ইন্দ্রজাল। 20-8-2024 Sunday
মায়ং অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়৷