
15/09/2025
মধ্যযুগতে চুতীয়া ৰাজ্যই থলুৱা আগ্নেয়াস্ত্ৰ প্ৰযুক্তিৰ ইতিহাস ৰচনা কৰিছিল : ৰাজহমন্ত্ৰী কেশৱ মহন্ত
গুৱাহাটী,১৫ ছেপ্টেম্বৰ : প্ৰথম মোগল সম্ৰাট বাবৰতকৈও আগতেই ভাৰতত যুদ্ধ-বিগ্ৰহত গোলা-বাৰুদৰ ব্যৱহাৰ কৰি থলুৱা আগ্নেয়াস্ত্ৰ প্ৰযুক্তিৰ ইতিহাস গঢ়িছিল মধ্যযুগৰ অসমৰ চুতীয়া ৰাজ্যই। নতুন দিল্লীত চুতীয়া উন্নয়ন পৰিষদৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আয়োজিত 'ভাৰতীয় উপমহাদেশত আগ্নেয়াস্ত্ৰ প্ৰযুক্তি আৰু চুতীয়া ৰাজ্যৰ অৱদান' শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই অসমৰ ইতিহাসৰ এই গৌৰৱময় দিশটোক তথ্যসহ ৰাষ্ট্ৰীয় স্তৰত উপস্থাপনেৰে দেশৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ অধ্যায় ৰূপে প্ৰতিষ্ঠাৰ পোষকতা কৰিছে অসমৰ ৰাজহ আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰৰ পুৰাতত্ব সঞ্চালকালয় আৰু ভৈয়াম জনজাতি তথা পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ সহযোগত নতুন দিল্লীৰ 'ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰ'ত আয়োজিত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখনৰ আজিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লয় ৰাজহমন্ত্ৰী মহন্তই। অসম চৰকাৰৰ বুৰঞ্জী তথা পুৰাতত্ব দপ্তৰৰ দায়িত্বত থকা পৰিবহন মন্ত্ৰী যোগেন মহনেও মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত 'ভাৰতৰ পুৰাতত্ব জৰীপ'ৰ (এ এছ আই) উপ-সঞ্চালকপ্ৰধান ড০ আলোক ত্ৰিপাঠী, চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি আহৰণত কাৰিকৰী বিশেষজ্ঞৰ ভূমিকা পালন কৰা এ এছ আইৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড০ কে চি নৌৰিয়েল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ ডম্বৰুধৰ নাথ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়ায়ো সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজমন্ত্ৰী মহন্তই কয়, 'ঐতিহাসিক চুতীয়া ৰাজ্যই মধ্যযুগতে অসমত থলুৱা আগ্নেয়াস্ত্ৰ প্ৰযুক্তিৰ উদ্ভাৱন আৰু ব্যৱহাৰেৰে বাৰুদ-ভিত্তিক সামৰিক পৰম্পৰাৰ সূচনা কৰিছিল।' দ্বাদশ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ ভিতৰত শদিয়া অঞ্চলক প্ৰাণকেন্দ্ৰ ৰূপে লৈ গঢ়ি উঠা ঐতিহাসিক চুতীয়া ৰাজ্য অসমৰ মধ্যযুগীয় প্ৰভাৱশালী শক্তিসমূহৰ অন্যতম আছিল বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে চুতীয়া ৰাজ্যই উত্তৰ-পূব অঞ্চলৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। চুতীয়া ৰাজ্য সমসাময়িক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত সাংস্কৃতিক আৰু প্ৰযুক্তিগত বিকাশৰো প্ৰতীক আছিল বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী মহন্তই কয়, 'চুতীয়া ৰাজ্যই সেই তাহানিতে থলুৱা আগ্নেয়াস্ত্ৰ প্ৰযুক্তিৰ ইতিহাস গঢ় দিয়াতো অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ভাৰতত প্ৰথমবাৰলৈ যুদ্ধত গোলা-বাৰুদ ব্যৱহাৰ কৰা বুলি স্বীকৃত হৈ অহা বাবৰৰ ভাৰত আক্ৰমণৰ পূৰ্বেই অসমত চুতীয়া ৰাজ্যই বাৰুদ ভিত্তিক থলুৱা প্ৰযুক্তি বিকশিত কৰি ব্যৱহাৰো যে কৰিছিল, সেই কথা অসম বুৰঞ্জীৰ তথ্যই স্পষ্ট কৰে।' ঐতিহাসিক চুতীয়া ৰাজ্যৰ কৃৰ্তিত্ব-সফলতাৰ বিভিন্ন দিশ ঐতিহাসিক তথা বৌদ্ধিক মহলত বিশেষভাৱে চৰ্চিত, স্বীকৃত হৈ আহিছে যদিও চুতীসকলৰ গোলা-বাৰুদ ভিত্তিক সামৰিক পৰম্পৰাৰ বিষয়টো প্ৰায় উপেক্ষিত হৈ অহা বুলি মন্ত্ৰী মহন্তই আক্ষেপ কৰে। তেওঁ কয, 'শিল্প, সংস্কৃতি, আৰু শাসন ব্যৱস্থাৰ ক্ষেত্ৰত ঐতিহাসিক চুতীয়া ৰাজ্যৰ অৱদান ইতিমধ্যে সকলোতে স্বীকৃত হৈছে যদিও সাধাৰণতে সেই শাসনকালৰে এটা অতি মহত্বপূৰ্ণ দিশ উপেক্ষিত হৈ আহিছে। চুতীয়া ৰাজ্যই থলুৱা আগ্নেয়াস্ত্ৰ প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰত ঐতিহাসিক ভূমিকা লৈ থৈ যোৱাৰ বিষয়টো আজিলৈকে উপযুক্ত স্তৰত সঠিক ভাৱে আলোচনা নোহোৱাটো অসমৰ বাবে অতি দুৰ্ভাগ্যজনক।' এই প্ৰসংগতে মন্ত্ৰী মহন্তই ১৫২৬ চনৰ পানীপটৰ প্ৰথম যুদ্ধৰ জড়িয়তে ভাৰতত প্ৰথমবাৰলৈ যুদ্ধত গোলা-বাৰুদ ব্যৱহাৰ কৰা বুলি স্বীকৃত হৈ অহা ভাৰতত মোগল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ প্ৰসংগৰ সৈতে ১৫২৩ চনৰ আহোম আৰু চুতীয়া ৰাজ্যৰ মাজৰ অন্তিম যুদ্ধৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে, 'বাবৰৰ সেই ভাৰত আক্ৰমণৰ পূৰ্বেই অসমত বাৰুদ ভিত্তিক প্ৰযুক্তি ব্যৱহৃত হোৱাই নহয়, উদ্ভাৱনো যে হৈছিল, সেই কথা অসম বুৰঞ্জীৰ তথ্যই স্পষ্ট কৰে। দৰাচলতে ১৫২৬ চনত পানীপটৰ প্ৰথম যুদ্ধৰ ৩ বছৰ আগতেই ১৫২৩ চনত আহোম আৰু চুতীয়া ৰাজ্যৰ মাজত হোৱা অন্তিমখন যুদ্ধত চুতীয়াসকলৰ হাতত ‘হিলৈ’ নামৰ টোপ থকা বুলি অসমৰ বুৰঞ্জীত লিপিবদ্ধ হৈ আছে।' অনুষ্ঠানত ভালেকেইগৰাকী বুৰঞ্জীবিদ, গৱেষকৰ লগতে অসম চৰকাৰৰ থলুৱা জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সচিব মানস নাথ, পুৰাতত্ব সঞ্চালক ড০ দীপিৰেখা কুলী, ভৈয়াম জনজাতি আৰু পিচপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালক কুলশ্ৰী নাথ, সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি বিপুল হাজৰিকা, মুখ্য উপদেষ্টা অমিয় কুমাৰ বৰা, সদৌ চুতীয়া মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰা, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ চুতীয়া যুৱ সন্মিলনৰ সভাপতি কুশল ভৰালী, সদৌ চুতীয়া যুৱ পৰিষদৰ সভাপতি শ্যামলজ্যোতি বৰা, সদৌ চুতীয়া জাতি যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি নৰেশ্বৰ শইকীয়া, কুণ্ডিল সেনাৰ উপ-সভাপতি হৰেণ শইকীয়া, দেউৰি চুতীয়া সাহিত্য সভাৰ সম্পাদক যতীন হাজৰিকা, চুতীয়া জাতীয় গৱেষণা পৰিষদৰ কাৰ্যকৰী সভাপতি ড০ ৰমেশ চন্দ্ৰ চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষদ্বয় জ্যোতিপ্ৰসাদ চুতীয়া, কৈলাশৰাজ খনিকৰ আৰু চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সম্পাদক মনোজ দাসেও অংশগ্ৰহণ কৰে।