29/07/2025
মহীয়সী
সৃষ্টিবোৰ কিমান যে ঐশ্বৰিক। হৃদয়ৰ আঁৰত আন এটি হৃদয়ৰ স্পন্দন, একেই শৰীৰ, একেই ৰক্ত, লহ-পহকৈ বাঢ়ি যোৱা এটি জীৱ – এয়াইতো সৃষ্টিৰ উৎস। প্ৰথম স্পন্দনতে অলক্ষিতে হৈ যায় নিবিড় প্ৰেম, জন্মদি-জন্মান্তৰৰ; আহ! কি অদ্ভুত আবেগ। আই–জননী এক জীৱন্ত মন্দিৰ; প্ৰেম, সহনশীলতা আৰু আশাৰ।
প্ৰকৃতিয়ে মানুহক দিয়া আটাইবোৰ উপহাৰৰ ভিতৰত সৃষ্টিয়ে হৈছে সবাতোকৈ ধুনীয়া। সেয়েহে কিজানি এগৰাকী নাৰীৰ জীৱনৰ সৰ্বোচ্চ ভাল লগা মুহূৰ্তটোৱে হৈছে মাতৃত্বৰ, সৃষ্টিৰ। নকৈ নোৱাৰো যে পুৰুষসকল এই ক্ষেত্ৰত এক দেৱোপম উপলব্ধিৰ পৰা বঞ্চিত।
কেতিয়াবা ভাব হয় যে যুগান্তৰৰ পৰা চলি অহা পুৰুষপ্ৰধান সমাজত এই মহীয়সী নাৰীৰ কষ্ট আৰু সহনশীলতাক বহু ক্ষেত্ৰত উপেক্ষা কৰা হৈছিল। আৰ্তনাদেৰে ইতিহাসৰ পৃষ্ঠাত স্বাভিমানী পুৰুষে যিমান ধ্বংস-বিনাশ কৰিছিল, তাতকৈ বহু বেছি সৃষ্টি নিৰৱে এই পৃথিৱীত নাৰীয়ে কৰিছে।
পিছে এই নিৰৱতাৰ শক্তি বিশাল। যুদ্ধৰ শেষো নিৰৱতাৰেই হয়।
ইতিহাস এৰি বৰ্তমানতো যেন নাৰী ক’ৰবাত নহয় ক’ৰবাত উপেক্ষিতা, নহয়নে? মহীয়সী নাৰীদেৱীৰ চৰণত পূজা-ভোগ অৰ্পণ কৰি ঘৰলৈ উভতি কিয় অত্যাচাৰ কৰো অৱলা নাৰী বুলি? নিশাৰ এন্ধাৰত কিয় সুৰক্ষিত নহয় আই-মাতৃসকল? ছোৱালীজনীক যদি ক’বলৈ দ্বিধা নকৰো – “আই, নিশা হ’লে অকলে বাহিৰলৈ নাযাবি। দানৱৰূপী মানৱৰ কোনো ভৰসা নাই।” তেন্তে দ্বিধাহীনভাৱে নিজৰ ল’ৰাজনক কিয় ক’ব নোৱাৰো – “নিজৰ আচাৰ-ব্যৱহাৰত সদায় সংযত হ’বি।”
যুগ আৰু কেলেণ্ডাৰ সলনি হ’লেও আমি সলনি হোৱা নাই নেকি? আজিও আমি আমাৰ কৰ্মৰে ভৱিষ্যতৰ ইতিহাস লিখি আছোঁ, আৰু এই ইতিহাস অনাগত সুদূৰ ভৱিষ্যতত আমাক অন্বেষণ কৰিবলৈ ব্যৱহাৰ হ’ব। পুৰণি ইতিহাসৰ দানৱৰূপী পুৰুষক ইতিকিং কৰা আজিৰ পুৰুষে ভৱিষ্যতেও উপহাসৰ সন্মুখীন ন’হবনে?
আজিৰ যুগতো তাহানিৰ বহু কথাই ষ্টেৰিঅ’টাইপ হৈয়ে ৰৈছে। নাৰী এগৰাকীয়ে নাৰী হিচাপে কৰা কৰ্মৰাজিৰ (মা, গৃহিণী) বাবে প্ৰশংসা পোৱাটো আজিও বিৰল। আনহাতে সমাজে নাৰীকো লৈ আহিছে পুৰুষৰ কৰ্মৰাজিৰ মাজলৈ প্ৰতিদ্বন্দ্বী হিচাপে। যিহেতু সৃষ্টিত পুৰুষ নিষ্ক্ৰিয়, সেয়েহে কিজানি নাৰীৰ এই অৱদানক হয়তো সামাজিকভাৱে স্বাভাৱিক বুলি গণ্য কৰি আওকাণ কৰা হয়, অথবা “আই-মাতৃ” বুলি কৈ আবেগ-প্ৰবণতাৰে জাপি দিয়া হয়। কাৰণ সমাজ ব্যস্ত ৰাজনীতি, বেপাৰ, অথবা চাকৰিৰ প্ৰতিযোগিতাত। এইবোৰত পিছে আজিৰ যুগত সমান্তৰাল প্ৰতিদ্বন্দ্বী নাৰীও আছে, আৰু ই এক নথৈ গৌৰৱৰ বিষয়। কিন্তু ইয়াৰ ফলত নাৰী এগৰাকীৰ সমাজত পালন কৰিবলগীয়া ভূমিকা অনেক, আৰু তাতকৈ ডাঙৰ কথা – এই প্ৰতিটো ভূমিকাত নাৰীক সূক্ষ্ম বিচাৰেৰে (judge) পৰীক্ষা কৰা হয় এই সমাজৰ দ্বাৰা। লক্ষণীয় যে বহু ক্ষেত্ৰত নাৰীয়ে নাৰীৰ বিৰুদ্ধাচৰণ কৰাৰ স্পষ্ট উদাহৰণ দেখা যায়। ন’হ’লে, শাহু-বোৱাৰীৰ অনুকাহিনীবোৰ যুগে যুগে পুনৰাবৃত্তি হয়নে? যি কাৰণতে নহওক, বিয়াৰ পিছত যদি সন্তান নহয়, অথবা পলমকৈ হয়, তাৰ বাবে আজিও বিভিন্ন ধৰণে ভৰ্ছনাৰ সন্মুখীন হয় নাৰীয়ে।
ইমানবোৰ নিষ্পীড়নৰ পিছতো নাৰী নীৰৱ কিয়?
পুৰাণ খুচৰিলে বিচাৰি পোৱা যায় যে ধ্বনীৰ আগত হেনো আছিল মৌনতা। এই অশেষ মৌনতাৰ পৰা সোণালী ডিম্বৰ ৰূপত হিৰণ্যগৰ্ভ উৎপন্ন হৈছিল। এই হিৰণ্যগৰ্ভৰ পৰা ব্ৰহ্মাৰ জন্ম হ’ল। ব্ৰহ্মাই হ’ল সৃষ্টি। সৃষ্টিৰ আৰম্ভণি মৌনতাত হয়। সত্য সৃষ্টি হয় গভীৰ ধ্যান আৰু শান্তিৰ পৰা।
যদি এই নীৰৱতা মানে সৃষ্টিশীল সম্ভাৱনাৰ প্ৰতীক, তেন্তে সেই নাৰীক ক্ৰোধান্বিতা নকৰাই শ্ৰেয়।
ব্ৰহ্মাৰ তপস্যাতে ৰুদ্ৰ (শিৱ) জন্ম হয় (যেনে শিৱ পুৰাণৰ কিছু অংশত), আৰু এই শিৱৰ তাণ্ডৱত কিমান বিভীষিকা হ’ব – তাৰ উমান পোৱাটো টান্।
Jitu kumar