30/04/2025
যি দৰে কৈশোৰৰ এটা বিশেষ পৰ্যায় থাকে, তেনেদৰে ৪০ বছৰ পাৰ হোৱাৰ পিছত জীৱনৰো এটা বিশেষ সময়ৰ নাম থাকিব লাগে হয়নে? এই বয়সত না বৃদ্ধ না কিশোৰ, এটা অদ্ভুত সময় নহয় জানো? সাধাৰণতে ১৫-২০ বছৰৰ পৰা সংসাৰ একোটা নৈমিত্তিক কাৰ্য্যত নিজকে সমৰ্পিত কৰি অহা এটা পাছৰ সময়....
দুটা বা এটা সন্তানৰ মা হৈ পৰিলেও মনৰ ভিতৰত এখন সেই কিশোৰী এজনীৰ মন এটা সদায় থাকি যায়। সেই কিশোৰী জনীক দমন কৰি ৰাখিবলৈ সদায় চেষ্টা চলে, কাৰণ সমাজে এই মনটোৰ বহিঃপ্ৰকাশ টো গ্ৰহন নকৰিব বুলিও শংকা !
কি পালো, কি নাপালো—এইবোৰ চিন্তা কৰাৰো সময় নথকা হৈ পৰে সংসাৰৰ ব্যস্ততাত এই সময়ত। কিমান ব্যস্ত থাকিব লগা হয়—সংসাৰ, ৰন্ধা-বঢ়া, নাইবা কৰ্মস্থলীত? দিনৰ শেষত কেতিয়াবা এই অনুভৱবোৰেই বুকুত বাজি উঠে। অনুভৱ হয়, কোনোবা এজন যদি শুনিবলৈ থাকিলহেতেন......অন্তত্বঃ মনটোৱে এটা শান্তি পালেহেতেন....
যিজনে মনৰ এই অনুভৱবোৰ নীৰৱে শুনিব, কোনো ধৰণৰ বিচাৰ-বিবেচনাৰ অবিহনে। হয়নে?
সংসাৰ, সন্তান পালন কৰি কৰি জীৱনটো এটা বেলেগ ধৰণৰ হৈ পৰে। কোনো কাৰো কথা শুনিবলৈ সময় নাই,সকলোয়ে নিজৰ জীৱনত ব্যস্ত...
৪০ পাৰ হোৱাৰ পাছতেই নাৰীয়ে এক বিশেষ মানসিক অৱস্থাৰ মাজলৈ আহে, সেইয়াই হ'ল নষ্টালজিয়া
মনত পৰে অতীত, শৈশৱ, যৌৱনৰ সেই চঞ্চল সময়, স্কুল-কলেজৰ সোণালী দিন, প্ৰথম দেখা হোৱা সেইদিনবোৰ, যিজনৰ বাবে অলপ সময়ৰ বাবে নিজৰ হৈছিল, যিয়ে কষ্ট দিছিল, যাক নিজে কষ্ট দিছিল—এই সকলোবোৰ কথা মনলৈ আহি থাকে....
সকলো কাম শেষ কৰি যেতিয়া আয়নাৰ সন্মুখত নিজকে চোৱা যায় নিজৰ চেহেৰাটোৰ প্ৰতি এটা বিষাদ ভাৱ অহাটোও এটা অভ্যাসলৈ পৰিণত হয়.... চুলি পাতল হৈ যোৱা, মুখত বলিৰেখা পৰা, এটা সময়ৰ সেই সুন্দৰ শৰীৰটো যেন বৰ্তমান এক সপোন... পেটৰ ওপৰত টান পৰাৰ দাগেৰে নিজৰ দেহটো বেয়া লাগিব ধৰিছে। সেই বিষণ্নতা ঢাকিবলৈহে সম্ভৱতঃ বাহ্যিক ৰুপটো লৈ মনোযোগ দিয়া হয়।
জীৱনৰ আধা সময় পাৰ হৈ যোৱা এই সময়ছোৱাত ভালপোৱাৰ এক গভীৰ আকাংক্ষা জন্মে। কিন্তু সেই ভালপোৱা বা সেই প্ৰেম নহয়। মনলৈ ভাৱ আহে, কোনোবাটো থাকক—যিয়ে একান্ত মনে শুনিব, যিয়ে আকৌ চাব। আকৌ আকর্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ মন যায়.......
নতুনকৈ নহয়, সেই পুৰণি মানুহটোকেই আকৌ নতুনকৈ চাবলৈ মন যায়। তেওঁৰ চকুত আকৌ তৰা হ’বলৈ মন যায়। সংসাৰ, বাস্তৱতাৰ সকলো এৰি কেতিয়াবা আপোন পাহৰা হৈ পৰিম যেন অনুভৱ হয়...
দুকুৰিৰ দেওনা পাৰ হ’লে মা দেউতাৰ কথাও বেছিকৈ মনত পৰে। সেই সোনালী দিনবোৰ, য’ত ইচ্ছা কৰিলে তেওঁলোকৰ বাবে সকলো কৰিব পাৰিছিল, এতিয়া নাপায়। কেৱল “সন্তানৰ মাক-বাপেক” বুলি চিনাকীৰে নিজৰ মাজতেই আৱেগ আৰু অধিকাৰ সমূহ সীমাবদ্ধ হৈ পৰে—এই ভাৱটোৱেও কেতিয়াবা আঘাট দিয়ে।
এই ধৰি লওক,বিবাহ হোৱা নাই, সন্তান নাই, ডিভোৰ্চ হৈছে— তেনেক্ষেত্ৰত ৪০ পাৰ হোৱা মহিলাৰ শুভাকাংক্ষীৰ অভাৱ নাই। কিন্তু যেতিয়া সন্তান হয়, তেতিয়া তেওঁৰ মনৰ অৱস্থা কোনোবাই নুশুনে। বিবাহৰ পিছত নতুন সংসাৰত কেনেকৈ নিজকে সহজ কৰি লৈছে, সেই কথানো কেইজনে জানিবলৈ বিছাৰে?
আজিকালি এক নতুন ট্ৰেণ্ড আৰম্ভ হৈছে—মহিলাৰ আৰ্থিক স্বাৱলম্বিতা। কিন্তু জীৱনৰ আধা বয়স পাৰ হোৱা মহিলাইহে বুজি পায়—এই স্বাধীনতাৰ সৈতে বহুত কি কি এৰিব লগা হৈছে,হয়তো ভাল ভাল সময়...
আৰ্থিকভাৱে স্বাৱলম্বী হ’লেই কি সমাজত স্বাধীনতা পায় জানো? মহিলাসকলে সমাজৰ দাসত্বৰ পৰা সম্পূৰ্ণকৈ মুকলি হ’ব পাৰে নে?
আজিও অবুজ এক সাঁথৰ......
৪০ পাৰ হোৱাৰ পাছৰ সময় খিনিত মনটোৱে কেতিয়াবা নিঃসঙ্গতা বিচাৰে—নিজৰ বাবে, নিজৰ দৰে। কিন্তু নিজৰ সংসাৰৰ তথা সন্তানৰ কথাবোৰৰ কথা ভাৱি মনটোৱে কান্দি উঠে.... মাকসকলে মৃত্যুক খুব ভয় কৰে—সন্তানৰ বাবে জীয়াই থাকিবলৈ বিছাৰে, যিমান দিন সিহঁতৰ প্ৰয়োজন হৈ থাকিব পাৰি.....
কেতিয়াব চিঞৰি কান্দিবৰ মন যায়, কিন্তু কোননো শুনিব, হয়নে???
এনে আবেগ বোৰৰ মাজত এটা দাদূল্যমান অৱস্থাত থাকোঁতেই জীৱনটো পাৰ হয়।
এই দৰেই ৪০ ৰ ওচৰলৈ আহি হৃদয়ৰ ৰং বোৰ অলপ অলপকৈ নীলা হ’বলৈ আৰম্ভ কৰে—প্ৰথমে পাতলকৈ, পিছত গাঢ়। এটা সময়ত সেই চঞ্চলা চপলা জনী গহিন হৈ যায়। এতিয়া তেওঁ নিঃশব্দৰ সৈতেই সমভাগী।
৪০ পাৰ হোৱা মহিলাসকলে নিজৰ জীৱনটোৰ সৈতে ব্যালেন্স কৰিবলৈ গৈ নিজৰ মনৰ ইচ্ছাবোৰকো পাহৰিব লগা হয়। কি কৰিলে ভাল লাগিব, মন কি বিচাৰে—সেইবোৰ পাহৰি যাবলগিয়া হয়
শৰীৰেও আগৰ দৰে সহযোগ নকৰে। ৯ মাহ পেটত সন্তান ৰাখি জন্ম দিয়াটো সহজ নহয়। চিজাৰিয়ান অপাৰেশ্যন, পিঠিত ইনজেকচন—শৰীৰটোৱেই যেন অলস হৈ পৰে। আধা সবল আধা দুৰ্বল ককালেৰে ৰান্ধা-বঢ়া কৰা, সন্তানৰ যত্ন লোৱা, ঘৰ-কাম—সকলো কৰিব লগা হয়। তথাপিও হয়তো কেতিয়াবা নিজৰ ঋনাত্মক কথাহে কাণত পৰে
জীৱনৰ এই সময় খিনিত—কাৰোবাৰ ওপৰত অধিকাৰ ৰাখিবলৈ দাবি ৰাখিবলৈ, দুৰ্বাৰ মনটো গ'লেও কিন্তু সকলো কথা ভাৱি গুনি মনটো অসহায় হৈ পৰে....
এই সময়ত এগৰাকী নাৰীয়ে বিছাৰে—এজন ব্যক্তিয়ে তেওঁৰ মনৰ যত্ন লওক, তেওঁক বুজিবলৈ চেষ্টা কৰক......
💞💞ভাল লাগিলে আমাৰ পেজটো follow কৰি দিবলৈ নেপাহৰিব🙏🙏
বিঃদ্ৰঃ পোষ্টটো ফেচবুকৰ পৰা কপি কৰি অনুবাদ কৰা হৈছে