29/05/2026
🔹️বৃহত্তৰ সৰুপটাৰ গুৱাহাটীবাসী সমাজৰ সৈতে মতবিনিময় অনুষ্ঠান ৷
🔹️সৰুপেটাত নতুনকৈ মিলন মন্দৰি নিৰ্মানৰ লগতে শিশু উদ্যান স্থাপন হ’বঃ বিধানসভাৰ অধ্যক্ষ ৰনজিৎ কুমাৰ দাস
গুৱাহাটী,২৯ মেঃ
ভৱানীপুৰ- সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপটাৰ ঐতিহাসিক মিলন মন্দিৰটো ভাঙি এটা অত্যাধুনিক প্ৰক্ষাগৃহ নিৰ্মান কৰা হ’ব৷য’ত নাটক, বিহু আদিৰ সাংস্কৃতিক চৰ্চাৰ লগতে সভা আদি অনুষ্ঠিত কৰিব পৰা যাব৷ অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ - সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে আজি গুৱাহাটীত তেওঁৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে৷
উল্লেখ্য যে আজি গুৱাহাটীস্থিত দাসৰ চৰকাৰী বাসভৱনত ‘বৃহত্তৰ সৰুপেটাৰ গুৱাহাটীবাসী সমাজ’ৰ এক প্ৰতিনিধি দলৰ সৈতে এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷অনুষ্ঠানত ’বৃহত্তৰ সৰুপেটাৰ গুৱাহাটীবাসী সমাজ’ৰ তৰফৰ ফালৰ পৰা নৱনিৰ্বাচিত বিধায়ক তথা অধ্যক্ষক দাসক সম্বৰ্দ্ধনা জনোৱা হয়৷সম্বৰ্দ্ধনা অনুষ্ঠানৰ পাছত বিধানসভাৰ অধ্যক্ষ ৰনজিৎ কুমাৰ দাসে ভৱানীপুৰ- সৰভোগ বিধানসভা সমষ্টিৰ সামগ্ৰীক বিকাশৰ সন্দৰ্ভত সমাজৰ প্ৰতিনিধি দলটোৰ সৈতে মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত সমাজৰ সভাপতি এন এন ৰানা পাটগিৰি, কাৰ্যকৰী সভাপতি ৰাতুল চৌধুৰী, সাধাৰণ সম্পাদক উৎপল কুমাৰ শৰ্মা, উপ- সভাপতি ৰাজু আগৰৱালা, অনুৰূপা চৌধুৰী, সাংস্কৃতিক সম্পাদক মহেশ হৰলালকা আৰু প্ৰচাৰ সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰী উপস্থিত আছিল৷তেওঁ সমাজৰ প্ৰতিনিধি দলটোক তিনিটা প্ৰতিশ্ৰুতি দিয়ে৷সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত সঘনাই তেওঁ প্ৰতিনিধি দলটোৰ সৈতে মতবিনিময়। অনুষ্ঠান আয়োজনৰো পোষকতা কৰে৷দাসে কয় যে সৰুপেটাৰ
ঐতিহাসিক মিলন মন্দিৰ ভাঙি নতুনকৈ নিৰ্মান, সৰুপেটাত এখন শিশু উদ্যান স্থাপন আৰু সৰুপেটাৰ পৰিদৰ্শন বঙলা সোনকালে নতুনকৈ নিৰ্মাণ কৰাত তেওঁ অগ্ৰাধিকাৰ দিব৷ আজি সমাজৰ তৰফৰ ফালৰ পৰা তেওঁক বৃহত্তৰ সৰুপেটা অঞ্চলত এখন মেডিকেল কলেজ স্থাপনৰ দাবী জনোৱা হয়৷এই সংক্ৰান্তত তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ আশ্বাস দিয়ে৷অধ্যক্ষ দাসে কয় যে বৃহত্তৰ সৰুপেটাৰ গুৱাহাটীবাসী সমাজৰ জৰিয়তে তেওঁ ৰাইজৰ বাবে কিছু কাম কৰিবলৈ চেষ্টা কৰিব৷ভৱানীপুৰ - সৰভোগ সমষ্টিৰ ৰাইজৰ সুবিধাৰ বাবে গুৱাহাটীত এটা আৱাস নিৰ্মাণৰো চেষ্টা কৰিব৷