Kheroni News

Kheroni News BREAKING NEWS, LOCAL STORIES, REAL IMPACT! Stay ahead with the latest news, updates, and must-know stories from [KHERONI,WEST KARBI ANGLONG ,ASSAM]!
(2)

We bring you fast, reliable, and community-driven news—because every story matters.

07/05/2026

🌟 পশ্চিম কাৰ্বি আংলংৰ গৌৰৱ তুস্মিতা দাস 🌟

খেৰনী চাৰিআলিৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী তুস্মিতা দাসে পুনৰ উজ্বল কৰিলে পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে সমগ্ৰ অঞ্চলটোৰ নাম। 💐

নমিতা দাস আৰু দিলিপ দাসৰ কন্যা তুস্মিতা, ফৰেষ্ট বজাৰত অৱস্থিত ৰানাইমা হায়াৰ ছেকেণ্ডৰী স্কুলৰ Class VII ৰ ছাত্ৰী। অতি কম বয়সতেই মডেলিং, নৃত্য আৰু ফেশ্বন শ্ব’ৰ জগতত একৰ পিছত এক সফলতা লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

✨ সাম্প্ৰতিকভাৱে তিনিচুকীয়াত অনুষ্ঠিত হোৱা Assam Eco Beauty Award 2025 ত—🏆 নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান🏆 Assam Next Top Model ত প্ৰথম স্থান🏆 Assam Eco Beauty Award 2025 লাভ কৰি সুনাম কঢ়িয়াই আনে।

ইয়াৰ লগতে তেজপুৰ আৰু পশ্চিম বেংগলৰ শিলিগুৰিত অনুষ্ঠিত হোৱা Christmas Special Kids Runway Show, Christmas Special Award Show আৰু Top Modelling Fashion Show ত অংশগ্ৰহণ কৰি পুনৰ প্ৰথম স্থান লাভ কৰে তুস্মিতাই। 👑

তেওঁৰ এই অসাধাৰণ সফলতাত পৰিয়াল, বিদ্যালয় আৰু সমগ্ৰ অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। আজি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে তুস্মিতাক অসমীয়া গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এটি চাইকেল উপহাৰ হিচাপে প্ৰদান কৰে। 🚲❤️

🌸 তুস্মিতা দাসৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভকামনা থাকিল।পশ্চিম কাৰ্বি আংলংৰ এই কণমানি প্ৰতিভাই আগন্তুক দিনত ৰাজ্য আৰু দেশৰ নাম অধিক উজ্বল কৰি তুলিব বুলি আশা কৰা হৈছে। 🌟

07/05/2026

🌟 পশ্চিম কাৰ্বি আংলংৰ গৌৰৱ — চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৰুমা বসুমতাৰীৰ বৃহৎ সফলতা 🌟
📍 ফৰেষ্ট বজাৰৰ কণমানি কন্যা ৰুমা বসুমতাৰীয়ে মডেলিং জগতত একের পিছত এক সাফল্য লাভ কৰি জিলাখন তথা সমগ্ৰ অঞ্চলটোৰ নাম উজ্বল কৰি তুলিছে।
Date: 07.05.2026
খেৰনী ফৰেষ্ট বজাৰৰ সুনালি বৰদলৈ আৰু কৰিম বসুমতাৰীৰ কন্যা তথা ৰানাইমা হায়াৰ ছেকেণ্ডৰী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৰুমা বসুমতাৰীয়ে এতিয়া ৰাজ্যৰ লগতে বহিঃৰাজ্যতো নিজৰ প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
✨ তিনিচুকীয়াত অনুষ্ঠিত Assam Eco Beauty Award 2025 ত — 🏆 নৃত্যত প্ৰথম স্থান
🏆 Assam Next Top Model ত প্ৰথম স্থান
🏆 Assam Eco Beauty Award 2025 লাভ কৰি সুনাম অৰ্জন কৰে।
ইয়াৰ লগতে ৱেষ্ট বেংগলৰ শিলিগুৰিত অনুষ্ঠিত Christmas Special Kids Runway Show, Christmas Special Award Show আৰু Top Modelling Competition ত উজ্বল পাৰফৰ্মেন্স আগবঢ়ায়।
আনহাতে, যোৱা ৭ এপ্ৰিলত মুম্বাইৰ Film City ত অনুষ্ঠিত Fashion Modelling Show ত প্ৰথম স্থান লাভ কৰি পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনে এই কণমানি প্ৰতিভাই। 🌸
আজিও ৰুমা বসুমতাৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অসমীয়া গামোছা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে এটি চাইকেল উপহাৰ দি উৎসাহিত কৰে। 🚲❤️
👏 পশ্চিম কাৰ্বি আংলংৰ এই কণমানি কন্যালৈ অসংখ্য শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা।

🗳️ অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ অন্তিম পৰ্যায়ৰ ফলাফলত📍 Rongkhang ত স্পষ্ট ছবি—🔥 Tuliram Ronghang (Bharatiya Janata Party...
04/05/2026

🗳️ অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ অন্তিম পৰ্যায়ৰ ফলাফলত
📍 Rongkhang ত স্পষ্ট ছবি—
🔥 Tuliram Ronghang (Bharatiya Janata Party)
👉 83,248 ভোট লাভেৰে
👉 প্ৰায় 60 হাজাৰ অধিক ভোটত আগবাঢ়ি শক্তিশালী নেতৃত্ব প্ৰদৰ্শন কৰিছে।
⛔ পিছত আছে—
▪️ Augustine Enghee (Indian National Congress) – 23,005 ভোট
▪️ Wilson Terang – 1,239 ভোট
▪️ Pratima Engheepi – 1,227 ভোট
📊 EVM ৰাউণ্ড: 18/18 সম্পূৰ্ণ
📌 ফলাফল প্ৰায় নিশ্চিত বুলি ধৰা হৈছে
💬 এইবাৰ ৰংখাংত পুনৰ বিজেপিৰ শক্তিশালী দখল!
জনতাৰ ৰায়ে কি নতুন ৰাজনৈতিক দিশ দেখুৱাব?
👉 আপোনাৰ মতামত কমেণ্টত জনাওক 👇

04/05/2026

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনী চাৰিআলী – লংকা – উমৰাংছু মূখ্য পথৰ এই দুৰৱস্থা এতিয়া সকলোৰে আগত স্পষ্ট। ভাঙি-চুৰি গ’ল পথ, গাত গাত গহ্বৰ—যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা।
🚨 প্ৰশ্ন হৈছে —
👉 কোনো বিপদ ঘটাৰ পাছতহে কি সজাগ হ’ব দায়িত্বশীল বিভাগসমূহ?
👉 এই পথেদি দৈনিক যাত্ৰা কৰা সাধাৰণ লোকৰ জীৱনৰ দায়িত্ব ল’ব কোনে?
📢 স্থানীয় ৰাইজৰ দাবী —
এতিয়াই এই পথৰ উন্নয়নৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰক, নহ’লে এটা ডাঙৰ দুৰ্ঘটনা এদিন নিশ্চিত!
⚠️ প্ৰশাসনক সজাগ হওঁক — জীৱনক খেল নকৰিব!

04/05/2026

📍 Kheroni Chariali:
Adarsh Senior Secondary School has achieved an impressive result in the Higher Secondary Final Examination 2026, showcasing academic excellence once again.
📊 Overall Performance:
👉 Total Students Appeared: 285
👉 Total Passed: 284
👉 Overall Pass Percentage: 99%+
📚 Arts Stream:
✔ Appeared: 246 | Passed: 245
✔ Pass Percentage: 99.59%
✔ 1st Division: 122 | 2nd Division: 99 | 3rd Division: 24
💼 Commerce Stream:
✔ Appeared: 39 | Passed: 39
✔ Pass Percentage: 100%
✔ 1st Division: 38 | 2nd Division: 01
🏆 Top Performers:
🌟 Arts Topper: Sonam Kumari Singh – 90.6% (453 Marks)
🌟 Commerce Topper: Lal Bahadur Chetry – 87.4% (437 Marks)
👏 The school authority and teaching staff have expressed खुशी over the outstanding performance. The result reflects the dedication and hard work of both students and teachers.
📢 Congratulations to all successful students.
📍 Report: Kheroni News

03/05/2026

আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এইবাৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬ত উজ্জ্বল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
📊 মুঠ ফলাফল:
👉 মুঠ পৰীক্ষার্থী: ২৮৫ জন
👉 উত্তীৰ্ণ: ২৮৪ জন
👉 উত্তীৰ্ণৰ হাৰ: ৯৯%+
📚 কলা শাখা:
✔ পৰীক্ষার্থী: ২৪৬ | উত্তীৰ্ণ: ২৪৫
✔ উত্তীৰ্ণৰ হাৰ: ৯৯.৫৯%
✔ প্ৰথম বিভাগ: ১২২ | দ্বিতীয় বিভাগ: ৯৯ | তৃতীয় বিভাগ: ২৪
💼 বাণিজ্য শাখা:
✔ পৰীক্ষার্থী: ৩৯ | উত্তীৰ্ণ: ৩৯
✔ উত্তীৰ্ণৰ হাৰ: ১০০% 🎯
✔ প্ৰথম বিভাগ: ৩৮ | দ্বিতীয় বিভাগ: ০১
🏆 শীৰ্ষস্থান দখলকাৰী:
🌟 কলা শাখা: সোনম কুমাৰী সিং – ৯০.৬% (৪৫৩ নম্বৰ)
🌟 বাণিজ্য শাখা: লাল বাহাদুৰ চেত্ৰী – ৮৭.৪% (৪৩৭ নম্বৰ)
👏 বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এই সফলতাত সন্তোষ প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই এই সফলতা সম্ভৱ হৈছে বুলি মন্তব্য কৰে।
📢 সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জনোৱা হৈছে।
📍 প্ৰতিবেদন: খেৰণি নিউজ

01/05/2026

পশ্চিম কাৰ্বি আংলং জিলাৰ লাংথা প্ৰেমক্লাম আদংৰ এজন চকুৰে নেদেখা (অন্ধ) যুৱক ৰাহুল বে এতিয়া চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ কষ্টকৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে।
পূৰ্বৰ সময়ত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ’লেও, দুৰ্ভাগ্যজনকভাৱে এইজন বিশেষ সক্ষম যুৱকৰ ওচৰলৈ সেই সুবিধাবোৰ নাপালেহি। এতিয়া তেওঁ নিজৰ জীৱন-জীৱিকাৰ বাবে সংগ্ৰাম কৰি আছে।
➡️ এই পৰিস্থিতিত ৰাহুল বেই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱৰ ওচৰত সহায়ৰ আবেদন জনাইছে। তেওঁ চৰকাৰৰ ফালৰ পৰা কিছু আৰ্থিক সহায় লাভ কৰি নিজৰ লগতে পৰিয়ালৰ জীৱন উন্নত কৰাৰ আশা প্ৰকাশ কৰিছে।
💬 এই ঘটনাই পুনৰ এবাৰ প্ৰশ্ন তোলে—
চৰকাৰী আঁচনি সঁচাকৈ সকলো লোকৰ ওচৰ পাইছেনে?
🙏 সমাজৰ সকলো স্তৰৰ লোক আৰু দায়িত্বশীল কৰ্তৃপক্ষৰ ওচৰত আবেদন—
এনে দৰিদ্ৰ আৰু বিশেষ সক্ষম লোকসকলৰ কাষত থিয় হওঁ আহক।

30/04/2026

🎓✨ Kheroni HS Result 2026 ✨🎓
খেৰণি পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, খেৰণিৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত উজ্বল সফলতা! 🌟
📊 এইবাৰৰ ফলাফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট প্ৰদৰ্শন কৰি অঞ্চলখনৰ নাম উজ্বল কৰিলে।
🏆 বিশেষ কৃতিত্বপ্ৰাপ্ত ছাত্ৰীসকলঃ
🥇 সরিতা শর্মা – 91.4%
🥈 দীপা চৌহান – 63.6%
🥉 গোমা শর্মা – 68%
👏 বিদ্যালয় পৰিয়ালৰ লগতে অভিভাৱক আৰু শিক্ষকসকললৈ আন্তৰিক অভিনন্দন।
🌼 সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ আগন্তুক জীৱনৰ বাবে শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা।
📍 Kheroni | West Karbi Anglong | Assam
🎉

29/04/2026

📍 পশ্চিম কাৰ্বি আংলংৰ ঐতিহ্যৰ গৌৰৱময় ক্ষণ
🎉 মাইজিয়াহাডি গাঁও শতবাৰ্ষিকী জয়ন্তী উদযাপন 🎉
📅 Date: 29.04.2026
পশ্চিম কাৰ্বি আংলং জিলাৰ ঐতিহাসিক মাইজিয়াহাডি গাঁওখনে আজি শতবাৰ্ষিকী জয়ন্তী উলহ-মালহেৰে উদযাপন কৰিলে। 1920 চনত স্থাপিত এই গাঁওখনৰ ১০০ বছৰীয়া যাত্ৰা গৌৰৱ, ঐতিহ্য আৰু একতাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে।
🕖 ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলনৰ মাজেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
🪔 তাৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠানত দ্বীপ প্ৰজ্বলন আৰু মালা অৰ্পণৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
🎤 পুৱা ১০ বজাত গাঁওখনৰ চৰকাৰী গাঁওবুঢ়া দেৱ চৰণ জহৰিয়ে উদ্ধোধনী ফলক উন্মোচন কৰে।
🗣️ ১০:৩০ বজাত এখন গাম্ভীৰ্যপূর্ণ মুকলি সভাৰ আয়োজন কৰা হয়, য’ত স্থানীয় লোকসকলৰ ব্যাপক উপস্থিতি দেখা যায়।
💫 শতবাৰ্ষিকী উদযাপনটো গাঁওখনৰ একতা, সংস্কৃতি আৰু উন্নয়নৰ প্ৰতিফলন হিচাপে পৰিগণিত হৈছে।
📸 এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ আপুনিও শেয়াৰ কৰক আৰু মন্তব্য কৰক

Address

Karbi Anglong

Alerts

Be the first to know and let us send you an email when Kheroni News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share