23/09/2025
সোণোৱালী জুবিনময় এটা যুগৰ অৱসান ঘটিল।
সংগীতৰ যাদুকৰ হাৰ্টথ্ৰ'ব আৰু নাই। আকাশ ভালপোৱা মানুহজন আজি সাগৰত শুই গ'ল - এই বেদনা কেনেদৰে প্ৰকাশ কৰিম, শোকবাৰ্তা দিবলৈ মই আজি ভাষাহীন।
সমগ্ৰ অসমবাসীৰ বাবে এই খবৰ অকল্পনীয় আৰু অসহনীয়। অসম আৰু অসমীয়াৰ প্ৰতিটো সুখ-দুখৰ সমভাগী আছিল জুবিন, প্ৰতিটো প্ৰজন্মৰ হিয়াৰ আমঠু, মুকুটাৰ মণি আছিল জুবিন।
শ্ৰীভূমি জিলাৰ লগতো আছিল জুবিনৰ এৰাব নোৱাৰা এক সম্পৰ্ক, য'ত তেওঁ শৈশৱৰ বহু সময় অতিবাহিত কৰিছিল। জুবিনৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি। এই শূণ্য ঠাইখিনি আৰু কেতিয়াও পূৰণ নহয়।
কালজয়ী ব্যক্তিসত্তা শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছো। নেদেখাজনে এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকলক শক্তি প্ৰদান কৰক।
বিদায় জুবিন.....!!