15/09/2025
প্রথম চৰকাৰ গঠন কৰাৰ সময়ত ১৫ লাখ টকা যেনেকৈ ঝুমলা আছিল, জনজাতিকৰণ যেনেকৈ ঝুমলা, শ্রমিক মজুৰি যেনেকৈ ঝুমলা ৭৫ বছৰ সম্পূর্ণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ এৰা কথাষাৰো এক প্রকাৰ ঝুমলাৰ বাহিৰে একো নহয় |
বিজেপিৰ আভ্যন্তৰীণ আদর্শগত বিষয়ত উত্তৰ দিবলৈ গৈ দলটোৰ বিৰুদ্ধে সৰৱ APCC সভাপতি সাংসদ গগৈ | উল্লেখযোগ্য যে, ৭৫ বছৰ হলে গেৰুৱা শিৱিৰৰ যিকোনো কার্যকর্তাই এৰিব লাগে দায়িত্বভাৰ | অহা, ১৭ চেপ্তেম্বৰত নৰেন্দ্র মোদীৰ সম্পূর্ণ হব ৭৫ বছৰ | তেনেক্ষেত্রত আদৰ্শৰ সৈতে পূর্বে কেতিয়াও কম্প্রমাইজ নকৰা BJP ৰ এই সমস্যাক লৈ এনেধৰণৰ মন্তব্য APCC সভাপতি গৌৰৱ গগৈৰ ৷