28/10/2025
Northeast Vision - सा-सानजा नोजोर ।। ফকিৰাগ্ৰামত ব্যাপক উলহ মালহৰে উদযাপন কৰিলে ষট পূজা ।
ষট পূজা এটি সাংস্কৃতিক উৎসৱ ষট পূজা এই উৎসৱ বিশেষকৈ ভাৰতৰ বিহাৰ উত্তৰ প্ৰদেশৰ ভাৰতৰ সাৰুৱা সাংস্কৃতিক ইয়াৰ অবদানো অন্যতম ভাৰতৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন কৰা দেখা যায় সূৰ্য্য এই পূজাৰ আৰোধ্য দেৱতা সূৰ্য্য যিহেতু সূৰ্য্যৰ তাপ আৰু পোহৰ অবিহনে কোনো বীজৰ অংকুৰিত নহয় সেয়েহে সূৰ্য্যক সৰ্বশক্তিমান বুলি জ্ঞান কৰি কার্তিক মাহত এই পূজাৰ আৰম্ভণি হয় । এই সময়ক ষট পঞ্চমী বোলা হয় এই তিথিত ভক্ত সকলে বিভিন্ন নিতি নিয়মৰ মাজেৰে পালন কৰি আবেলি নৈৰ ঘাটত সূৰ্য দুবলৈকে কুঁহিয়াৰ,ৰবাব টেঙা, মূলা শাক, বিভিন্ন মিষ্টন আদিৰে সূৰ্য্য দেৱতাক আৰধানা কৰে। সূৰ্য্য উদয়ৰ প্ৰাক ক্ষণত নতুন বস্ত্ৰ পৰিধান কৰি সূৰ্য্যলৈ দৃষ্টি নিক্ষেপ কৰি নিজকে পানীত ডুবাই সকলোৰে অভিষ্ট সিদ্ধিৰ কামনাৰে ভক্ত সকলে প্ৰাৰ্থনা কৰে। তাৰে লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত সূৰ্য্য দেৱতাক উপাসনা কৰাৰ উদ্দেশ্যে ষট পূজা ব্যাপক উলহ মালহেৰে উদযাপন কৰে।