BTR Asomiya News

BTR Asomiya News Bodoland Asomiya Pratidin Paper Head Office Kokrajhar,BTR (Assam)

শ্বহীদ প্ৰণামো তোমাক 🙏মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ অমৰ শ্ব...
29/12/2025

শ্বহীদ প্ৰণামো তোমাক 🙏

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। অসমৰ জাতীয় জীৱনৰ প্ৰতি তেখেতসকলে আগবঢ়াই যোৱা অৱদান চিৰ স্মৰণীয় হৈ থাকিব।

মন্দিৰ, নামঘৰ আদি উপাসনাথলীসমূহ আমাৰ জাতিৰ প্ৰাণ৷ এই উপাসনীথলীসমূহৰ পৰিচৰ্যা, সুৰক্ষা আদিক আমি অগ্ৰাধিকাৰযুক্ত বিষয় হিচা...
29/12/2025

মন্দিৰ, নামঘৰ আদি উপাসনাথলীসমূহ আমাৰ জাতিৰ প্ৰাণ৷ এই উপাসনীথলীসমূহৰ পৰিচৰ্যা, সুৰক্ষা আদিক আমি অগ্ৰাধিকাৰযুক্ত বিষয় হিচাপে মান্যতা দি আহিছোঁ৷ নামঘৰ, সত্ৰ আদিৰ সুৰক্ষাৰ বাবে আমি ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ তাৰ ভিতৰত আমাৰ মন্দিৰ-নামঘৰলৈ আমাৰ চৰকাৰৰ দিনত ৪৩৩.৬৭ কোটি টকাৰ অনুদান দিছোঁ৷ উল্লেখ্য যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবেও ৩২৫.৫৫ কোটি টকা ধাৰ্য কৰা হৈছে৷

অসমৰ আটাইতকৈ শ্ৰেষ্ঠ 'ব্ৰেণ্ড এম্বেছাডৰ' ❤️
29/12/2025

অসমৰ আটাইতকৈ শ্ৰেষ্ঠ 'ব্ৰেণ্ড এম্বেছাডৰ' ❤️

আগন্তুক নৱবৰ্ষৰ ৯ জানুৱাৰীত এ ডি আৰ ই চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম৷ এক স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ...
29/12/2025

আগন্তুক নৱবৰ্ষৰ ৯ জানুৱাৰীত এ ডি আৰ ই চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম৷ এক স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে নিযুক্তিপ্ৰাপ্ত সকলোকে মই আগতীয়া অভিনন্দন জনালোঁ৷

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এ ডি আৰ ইৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ তলত দিয়া সময়সূচী অনুসৰি সৰুসজাই ...
29/12/2025

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এ ডি আৰ ইৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ তলত দিয়া সময়সূচী অনুসৰি সৰুসজাই ষ্টেডিয়ামত বিতৰণ কৰা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীসকলক নিৰ্দিষ্ট সময়ত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হ'ল৷ আটাইলৈ পুনৰবাৰ অভিনন্দন৷

অসমৰ বাবে আন এক অনন্য গৌৰৱৰ বাতৰি 📈ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ বিকাশৰ হাৰ ৪৫%, যি ৰাষ্ট্ৰীয় ...
29/12/2025

অসমৰ বাবে আন এক অনন্য গৌৰৱৰ বাতৰি 📈

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ বিকাশৰ হাৰ ৪৫%, যি ৰাষ্ট্ৰীয় গড় ২৯%তকৈ বহু ওপৰত।

স্থিৰ মূল্যত আমাৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP)ৰ এই বৃদ্ধিৰ ফলত অসম ৩.৪৯ লাখ কোটিৰ বৃহৎ অৰ্থনীতিৰ ৰূপ পাইছে। অসমক দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ দৃষ্টিভংগী ৰূপায়ণৰ দিশত ই এক শুভ বাৰ্তা। অসমৰ সৰ্বস্তৰৰ জনগণৰ কঠোৰ পৰিশ্ৰম এই বৃদ্ধিৰ সক্ৰিয় অংশীদাৰ। অসমক দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ এখন হিচাপে গঢ়াৰ দিশত আমাৰ প্ৰয়াস অব্যাহত থাকিব।

29/12/2025

বৃহৎ ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী অসমৰ বিমান ব্যৱস্থা✈️

মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সংহত টাৰ্মিনেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

আমাৰ সমাজৰ কোনো এখন ঘৰতেই অন্নমুঠি গ্ৰহণৰ ক্ষেত্ৰত সামান্যও অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ চাউলৰ পাছতে ইতিমধ্যে দাইল-...
27/11/2025

আমাৰ সমাজৰ কোনো এখন ঘৰতেই অন্নমুঠি গ্ৰহণৰ ক্ষেত্ৰত সামান্যও অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ চাউলৰ পাছতে ইতিমধ্যে দাইল-চেনি-নিমখ বিতৰণৰ আমি ব্যৱস্থা কৰিছোঁ।

আৰু এইবাৰ ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ বৃহৎ সকাহ দি আমি প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি মোৰ আশা।

✅ Rice
✅ Masoor Dal
✅ Sugar
✅ Salt

And now, ₹250 extra on every cooking gas cylinder for 20 lakh Orunodoi families!

We are leaving no stone unturned to ensure no one in Assam goes without basic essentials.

অসম কেবিনেট বৈঠক বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ আছিল, য'ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ: ✅ অসমৰ কেইটিমান প্ৰধান খিলঞ্জীয়া ...
27/11/2025

অসম কেবিনেট বৈঠক বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ আছিল, য'ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ:

✅ অসমৰ কেইটিমান প্ৰধান খিলঞ্জীয়া জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনত অনুমোদন
✅ বৃন্দাবনী বস্ত্ৰ সংগ্ৰহালয়ৰ বাবে বিশেষ পদক্ষেপ
✅ অসম জৰীপ আৰু বন্দৱস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলৰ বাবে নতুন সেৱা বিধি

meeting was historic in many ways wherein we resolved:

✅Steps initiated for Vrindavani Vastra Museum.
✅ Clearance to GoM Report on ST recognition for certain indigenous communities.
✅ New service rules for ASSTC teachers.

24/11/2025

আপুৰুগীয়া পৱিত্ৰ বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি স্বাক্ষৰকে মূল কৰি অতি ফলপ্ৰসূ কাৰ্যসূচীৰে সমৃদ্ধ হৈছিল লণ্ডন ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা!

অসমৰ আত্মা, শিল্পকলা আৰু ঐতিহ্যক প্ৰতিফলিত কৰা স্মাৰকসমূহ গণ্যমান্য অতিথিসকলক উপহাৰ স্বৰূপে প্ৰদান কৰিবলৈ পাই গৰ্বিত অনুভৱ কৰিছিলোঁ। আমাৰ সংস্কৃতিক বিশ্বমঞ্চলৈ লৈ যোৱাৰ বাবে মনত সদায় কঢ়িয়াই ফুৰা চিন্তাটিয়ে সাৰ্থকতা পোৱাকৈ এই ভ্ৰমণ আছিল স্মৰণীয়৷

অসমৰ ঔদ্যোগিক উন্নয়নৰ নতুন বাটকটীয়া হিচাপে জাগীৰোডে আত্মপ্ৰকাশ কৰিছে৷ জাগীৰোডৰ পৰা আৰম্ভ হৈছে উদ্যোগ আৰু সুযোগৰ এক নতুন ...
24/11/2025

অসমৰ ঔদ্যোগিক উন্নয়নৰ নতুন বাটকটীয়া হিচাপে জাগীৰোডে আত্মপ্ৰকাশ কৰিছে৷ জাগীৰোডৰ পৰা আৰম্ভ হৈছে উদ্যোগ আৰু সুযোগৰ এক নতুন যুগ। কিছুৱে আমাৰ উন্নয়নক সমালোচনা কৰে৷ আৰু আমি অসমৰ উন্নয়নৰ বাবে কৰ্মযজ্ঞত নতুনকৈ নিজক বিলীন কৰোঁ৷

24/11/2025

আমি বিৰোধী নেতাসকলৰ দৰে কথাৰ ফুলজাৰিত বিশ্বাস নকৰোঁ। যেতিয়াৰ পৰা ৰাইজৰ সেৱা কৰাৰ সুবিধা লাভ কৰিছোঁ, ৰাইজৰ কল্যাণার্থে লক্ষ্য নির্ধাৰণ কৰি সকলো বাধা নেওচি কার্য ৰূপায়ণেৰে মাথোঁ আগুৱাই গৈছোঁ। বিশেষত: ঐতিহ্য আৰু সংস্কৃতিৰ সুৰক্ষা আৰু প্রসাৰেৰে বিশ্ব দৰবাৰ তথা উত্তৰ প্রজন্মৰ মাজলৈ আমাৰ পৰিচয়সমূহক লৈ যোৱাৰ প্রয়াস কৰিছোঁ।

Address

Kokrajhar/Basugaon Road
Kokrajhar
783372

Telephone

+919365654302

Website

Alerts

Be the first to know and let us send you an email when BTR Asomiya News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BTR Asomiya News:

Share