Assam 03 pratapkhata

Assam 03 pratapkhata Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam 03 pratapkhata, Media/News Company, Pratap khata, Kokrajhar.

15/07/2026

এক চৰম দুৰ্ভাগ্যজনক তথা উদ্বেগজনক খবৰ। একাংশ লোকৰ চৰম স্বাৰ্থপৰতাৰ বাবেই এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে হাজাৰ হাজাৰ কৃষকৰ। মাত্ৰ চাৰিৰ পৰা পাঁচঘৰ মানুহৰ মইমতালিৰ বাবেই এতিয়া জলমগ্ন হৈ পৰিছে ২ হাজাৰ বিঘাতকৈও অধিক কৃষি ভূমি।
এই জঘন্য ঘটনা সংঘটিত হৈছে বাহাদুৰপাৰা, অতিয়ামাৰী, ভাকুৱামাৰি আৰু যোগদই মুছলিম পাৰা অঞ্চলত। অঞ্চলটোৰ মাজেৰে বৈ যোৱা এটা প্ৰাকৃতিক নালা একাংশ লোকে বন্ধ কৰি দিয়াৰ ফলতেই এতিয়া সৃষ্টি হৈছে এই ভয়াৱহ পৰিস্থিতিৰবাহাদুৰপাৰা, অতিয়ামাৰী, ভাকুৱামাৰি আৰু যোগদই মুছলিম পাৰা অঞ্চলৰ প্ৰায় ২ হাজাৰ বিঘাতকৈও অধিক পলসুৱা কৃষি ভূমি এতিয়া কৃতিম বানৰ কৱলত। যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় শ শ খেতিয়কে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ পানী নিষ্কাষণৰ একমাত্ৰ মাধ্যম স্বৰূপ নালাটো মাত্ৰ ৪ ৰ পৰা ৫ ঘৰ মানুহে নিজৰ স্বাৰ্থৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। পানী ওলাই যোৱাৰ পথ বন্ধ হৈ পৰাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ পানী পথাৰতে আৱদ্ধ হৈ পৰিছে আৰু এক বৃহৎ কৃষি অঞ্চল জলমগ্ন হৈ পৰিছে।

15/07/2026
15/07/2026

এয়া হৈছে গোলকগঞ্জৰ গঙ্গাধৰ নদীৰ দৃশ্য।"

12/07/2026

গৌৰীপুৰত দুজন সাংবাদিকৰ ওপৰত আক্ৰমণৰ 24ঘণ্টাৰ ভিতৰত কৰিব লাগিব গ্ৰেপ্তাৰ এই কথা বিভিন্ন দল সংগঠন আৰু ৰাইজৰ

10/07/2026

হয়, যোগদৈ অঞ্চলৰ জনসাধাৰণৰ বাবে এক সুখবৰ। অঞ্চলটোত আজিৰে পৰা যাত্ৰা আৰম্ভ কৰিব ‘ৰহিদুল বাইক ৰিপেয়াৰিং চেণ্টাৰ’ঙে। এতিয়াৰে পৰা স্থানীয় বাইক আৰোহীসকলে নিজৰ মটৰচাইকেল বা স্কুটীখনৰ যিকোনো সৰু-বৰ সমস্যাৰ সমাধান অতি সহজে আৰু বিশ্বাসযোগ্যভাৱে নিজৰ অঞ্চলতে লাভ কৰিব পাৰিব। পূৰ্বৰ দৰে এতিয়া আৰু যান্ত্ৰিক বিজুতিৰ বাবে বহু দূৰলৈ যোৱাৰ প্ৰয়োজন নহ’ব যি কোনো বাতৰি বাবে যোগাযোগ কৰক 6000647961

10/07/2026

তামাৰহাটত এতিয়া ওভাৰলোড শিল ভৰ্তি ডাম্পাৰৰ তীব্ৰ দৌৰাত্ম। একাংশ অসাধু চক্ৰই প্ৰশাসনৰ চকুৰ সমুখতেই দিনে-নিশাই চলাই গৈছে শিলৰ এই ৰমৰমীয়া অবৈধ বেহা। শ্ৰীৰামপুৰৰ পৰা তামাৰহাট হৈ ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথেদি ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ দৈনিক সৰবৰাহ হৈছে টন কে টন শিল।
এই ওভাৰলোড ডাম্পাৰসমূহৰ অহৰহ চলাচলৰ বাবে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথছোৱা ঠায়ে ঠায়ে বহি গৈছে, যাৰ ফলত যিকোনো মুহূৰ্ততে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। ইফালে দ্ৰুতবেগী ডাম্পাৰবোৰৰ পৰা উৰি অহা ধূলি-বালিৰ বাবে পথচাৰী আৰু স্থানীয় ৰাইজ চকুৱে-মুখে নেদেখা অৱস্থাৰ সৃষ্টি হৈছে। ত্ৰিপাল নোলোৱাকৈ বিপদজ্জনকভাৱে কঢ়িয়াই নিয়া শিলবোৰ মাজে মাজে ৰাস্তাত ছিটিকি পৰি পিছফালৰ সৰু গাড়ী আৰু বাইক আৰোহীসকলক অতিষ্ঠ কৰি তুলিছে।
আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে— বিভাগীয় নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই চকুৰ সন্মুখেৰেই এইদৰে ওভাৰলোড গাড়ীবোৰ দিনে-নিশাই পাৰ হৈ গৈ থকাৰ পিছতো ধুবুৰী বন বিভাগ আৰু পৰিবহণ বিভাগে কিয় কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই? তেোঁলোকৰ এই ৰহস্যজনক নিমাতিত্বই এতিয়া সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এতিয়া লক্ষণীয় হ’ব, এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ধুবুৰী জিলা প্ৰশাসন, বন বিভাগ আৰু পৰিবহণ বিভাগে এই অবৈধ আৰু বিপদজ্জনক ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে? নে পূৰ্বৰ দৰেই কেৱল নিৰ্বাক দৰ্শকৰ ভূমিকা পালন কৰিয়েই দায়িত্ব সামৰিব?

05/07/2026

চুবুৰীয়া ৰাজ্যত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছতে মুছলমানৰ উপাসনা স্থলীক মন্দিৰ বুলি দাবী কৰিছে একাংশ হিন্দুত্ববাদীয়ে ৷

05/07/2026

ধুবৰীত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান; তামাহাট আৰক্ষীৰ জালত এজন যুৱক
​স্থান: ধুবৰী

04/07/2026

Honouring Fishery Department EM Lakhi Das at his Office Btc, Chairman of Dist. Fishery Development Board BTC Swrang Brahma and Members Shiv Shankar Saha and Gomjat Ali Shiek and Others

02/07/2026

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নয়াহাটৰ পৰা ডুবাচুৰি সংযোগী গড়কাপ্তানী পথৰ দৃশ্য এয়া। যি কোনো বাতৰি বাবে যোগাযোগ কৰক 6000647961

Address

Pratap Khata
Kokrajhar
783337

Website

Alerts

Be the first to know and let us send you an email when Assam 03 pratapkhata posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share