03/12/2025
, ""সুপ্ৰভাত""
জীৱনৰ প্ৰতিটো মূহুৰ্ত্তৰ অসহ্যকৰ
বেদনাদায়ক স্মৃতিৰে বাৰু,
সপোনবোৰ মহতিয়াই নিয়া
ফাগুনৰ বাউলী বতাহত,
তাৰেই ঠিকনা বিচাৰি অপেক্ষাৰতত
মই,,,,,,,,
সেই অবুজন মনৰ আকাংক্ষাত।
অচিনাকী পথৰ অমিয়া সুৰে,
লাহে লাহে আহি
কাণে কাণে ক'লে ,
যদি নোৱাৰা তেন্তে নাহিবা,
আধা লিখা কবিতাত-- তুমি,,-
শেষ হ'বলে নাহিবা!
পাৰা যদি নতুন কবিতা হৈ
দেখা দিবা,
অস্ত যোৱা বেলিৰ সলনি
সজল পুৱাক হৈ আহিবা।
এতিয়া ও যেন হৃদয়তে আছে,
সেই আধৰুৱা সপোন বোৰৰ দস্তাবেজ।
যেন ,,,,,,,,,,, , !
তুমি আহি মোক সাৱটি ল'বা,
অন্ধকাৰাচ্ছন্ন হৃদয়ৰ কোঠাত
এচেৰেঙা ৰ'দালি হৈ পোহৰ বিলাবলৈ !
আৰু খেলিমেলি মোৰ প্ৰতিটো নিশা
আটোম্-টোকাৰিকৈ সামৰি ল'বা।।
মাজে মাজে,,,,,,, ,,,,,
সপোনবোৰৰ বাট বিচাৰি
একাঁ বেঁকা পথৰ মাজত
নিজকে হেৰুৱাই পেলাওঁ!
ৰুদ্ধ হ'ব ধৰা আশাবোৰ সামৰি
পুুনৰ উভতনি পথৰ যাত্ৰী হৈ পৰো ।
সজল পুৱাৰ এচেৰেঙা ৰ'দৰ জিলিঙনি
যেন বিক্ষত হৃদয়ৰ এমুঠি সুখৰ বাতৰি।
দুবৰিবনৰ দলিচাখনত
মুকুতাৰ দৰে নিয়ৰৰ কণা,
যেন শেঁতা পৰা ওঁঠত
এটি মিচিকীয়া হাঁহি
ৰঙ তুলিকাৰে অঁকা।
আঘোনৰ আবেলিৰ সেই হেঙুলীয়া বেলি
চটিয়াই যায় একাঁজলি আশাৰ ৰেঙনি।
কাহিনীৰ দৰে নিমিষতে যেন
বিশাল পৃথিৱীৰ
ঢুকি নোপোৱা সপোনবোৰ ধৰিম--
কেতিয়াবা বীৰ হৈ!
আৰু কেতিয়াবা খলনায়ক হৈ!