NIVAZ ASOM LIVE

NIVAZ ASOM LIVE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NIVAZ ASOM LIVE, Media/News Company, Mön Tawang.
(2)

Assamese News Channel
REGD NO: UDYAM-AS-03-0033640
ৰাইজৰ পক্ষত নির্ভয়ে আমি

যিকোনো ধৰণৰ বা বাতৰি , সাক্ষাত্‍কাৰ, কবিতা আবৃত্তি, বিহু নৃত্য, স্কুল,কলেজ, আৰ্ট, দোকান,কোম্পানী, সকলো ধৰনৰ ভিডিঅ' আমাৰ নিউজ চেনেলত প্ৰচাৰ কৰিব পাৰিব। যোগাযোগ নম্বৰ, 9864679902

21/07/2025

আজি গুৱাহাটী প্ৰেছ ক্লাবত জিটি হিন্দী বিষয়ৰ সংশ্লিষ্ট প্ৰাৰ্থীসকলে এখন সংবাদ মেল আয়োজন কৰে । জিটি হিন্দী বিষয়ৰ সংশ্লিষ্ট প্ৰাৰ্থীসকলে ২০২৫ চনৰ ৩১ জুলাই বা তাৰ আগতে, আৰু দ্বিতীয়খন মেধা তালিকা প্ৰকাশৰ পূৰ্বে জিটি হিন্দী ফলাফল তৎকালীনভাৱে ঘোষণা কৰাৰ বাবে দাবী জনায়।

অতি উদ্বেগেৰে আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰিছোঁ যে জিটি নিযুক্তিৰ অধীনত থকা আন সকলো বিষয়ৰ ফলাফল - কলা, বিজ্ঞান, গণিত, আৰু সংস্কৃতকে ধৰি ২৩ জুন ২০২৫ তাৰিখে ঘোষণা কৰা হ’লেও কেৱল হিন্দীৰ বাবে ফলাফল কোনো চৰকাৰী ব্যাখ্যা অবিহনে ৰখা হৈছে। এই পলমে হিন্দী বিষয়ৰ প্ৰাৰ্থীসকলৰ মাজত গুৰুতৰ দুখৰ সৃষ্টি কৰিছে।

জিটি হিন্দী ফলাফল ঘোষণা নকৰাৰ বাবে বহু প্ৰাৰ্থীয়ে শিক্ষকতাৰ পদ নিশ্চিত কৰাৰ স্বাৰ্থত কলাৰ দৰে অন্যান্য ধাৰাত আবেদন কৰিবলৈ বাধ্য হৈছে।

ইয়াৰ ফলত অপ্ৰয়োজনীয় ওভাৰলেপ আৰু প্ৰতিযোগিতাৰ সৃষ্টি হৈছে, যাৰ ফলত প্ৰকৃত হিন্দী প্ৰাৰ্থী আৰু কলা ষ্ট্ৰিমৰ প্ৰাৰ্থী উভয়কে অন্যায়ভাৱে প্ৰভাৱিত কৰিছে। যদিহে দ্বিতীয়খন মেৰিট লিষ্ট প্ৰকাশৰ পূৰ্বে জিটি হিন্দীৰ ফলাফল ঘোষণা নহয়, তেন্তে দুয়োটা গোটে সুযোগ হেৰুৱাবলগীয়া হোৱাৰ সম্ভাৱনা আছে, যিটো গভীৰভাৱে দুৰ্ভাগ্যজনক আৰু অন্যায় হ’ব।

তদুপৰি আমাৰ দৃষ্টিগোচৰ হৈছে যে ২০২৫ চনৰ ১০ অক্টোবৰৰ ভিতৰত নিযুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সকলো যোগ্য প্ৰাৰ্থীৰ বাবে স্বচ্ছতা, ন্যায়পৰায়ণতা, আৰু সম সুযোগ নিশ্চিত কৰিবলৈ হিন্দী ফলাফল সোনকালে প্ৰকাশ কৰাটো আৰু অধিক জৰুৰী হৈ পৰিছে।

আমি, সেয়েহে, এই বিষয়ত আপোনালোকৰ শিক্ষা বিভাগৰ লগতে মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাই পৰীক্ষাৰ্থী সকল। অধিক জটিলতাৰ পৰা হাত সাৰিবলৈ ২০২৫ চনৰ ৩১ জুলাইৰ আগতে ফলাফল ঘোষণা কৰাৰ দাবী জনায় পৰীক্ষাৰ্থী সকলে।

21/07/2025

পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত টুম্প্ৰেঙত ভূপেন্দ্ৰ সংগীত নৃত্য কৰ্মশালা আয়োজন
আজি বিয়লি তিনি বজাৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু টুম্প্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভা আৰু তপস্যা ডেঞ্চ একাডেমি , টুম্প্ৰেঙৰ যুটীয়া সহযোগত বিভিন্ন বিদ্যালয়ৰ ৬ বছৰৰ পৰা ১৪ বছৰৰ ছাত্ৰ—ছাত্ৰীৰ মাজত গ্ৰীষ্মকালীন ভূপেন্দ্ৰ সংগীত নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাটো টুম্প্ৰেঙত অনুষ্ঠিত হ’ব ৷

21/07/2025

ডিগবৈ বগাপানীত ব'ল ব'মত যোৱা ভক্তক খুন্দিয়ালে স্কুটীয়ে আৰোহীয়ে :
শাওন মাহৰ প্ৰথমটো ব'লব'ম ৰ যাত্ৰাত দুৰ্ঘটনা । ডিগবৈৰ বগাপানী অঞ্চলত দুই যুৱকে মদ্য প্ৰাণ কৰি দ্ৰুত গতিত স্কুটী চলাই আহি খুন্দিয়ালে ব'ল ব'ম ত যোৱা মহিলা এগৰাকীক ।

20/07/2025

নম্ৰতা ইংতিপী হত্যাকাণ্ডৰ প্ৰতিবাদ অব্যাহত কাৰ্বি আংলঙত
ডকমকাত AJYCP ৰ মৌন সমদল
অসমৰ মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ হস্তক্ষেপ দাবী
নম্ৰতাৰ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ আৰু অভিযুক্তৰ কঠোৰতম শাস্তিৰ দাবীত শনিবাৰে নিশা কাৰ্বি আংলঙৰ ডকমকা নগৰত এক মৌন সমদল বাহিৰ কৰা হয় । চেৰাকানি আঞ্চলিক সমিতিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে । পাছত, নম‌্ৰতাৰ প্ৰতিচ্ছবিৰ সন্মুখত হাতে হাতে মম লৈ নম্ৰতাৰ আত্মাৰ সৎ গতি কামনাৰে মৌন প্ৰাৰ্থনা কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাংগঠনিক সম্পাদক নৱজ্যোতি ডেকাই দোষীৰ কঠোৰতম শাস্তি দাবী কৰে । অন্যহাতে, ডিফুত কে এন ৱাই চি আৰু কে এছ ৱাই চিয়ে যুটীয়া ভাৱে ঘটনা সন্দৰ্ভত ডিফু সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

20/07/2025

লাখ লাখ বলবম* *যাত্ৰীৰে* *ভৰি পৰিছে* *বাবাধাম দেওঘৰ নগৰী*
জাৰখাণ্ড প্ৰদেশৰ দেওঘৰ জিলাত অৱস্থিত বাবা বৈদ্যনাথ ধামত চলি থকা বলবম যাত্ৰাত সমগ্ৰ ভাৰত বৰ্ষৰ লগতে বিশ্বৰ আৰু কেবাখন দেশৰ পৰাও সনাতনী ভক্তৰে ভৰি পৰিছে বাবা নগৰী দেওঘৰ, যোৱা ৯ জুলাইৰ পৰা আৰম্ভ হোৱা বলবম যাত্ৰা আগষ্ট মাহৰ ৯ তাৰীখলৈ চলিব । বিহাৰৰ চুলতানগঞ্জত থকা উত্তৰ বাহিনী গংগা নদীৰ পৰা পবিত্র গংগা জল লৈ ভক্ত সকলে খালি ভৰিৰে প্ৰায় ১৫০ কিলোমিটাৰ খোজ কাৰী আহি দেওঘৰত থকা মহাদেৱৰ ৯ নম্বৰ জ্যোতি লিংগত জল অৰ্পণ কৰিব বাবা বৈদ্যনাথ ধামত জল অৰ্পণ কৰি ভক্ত সকলে বাচুকিনাথ নাথ বাবাৰ লিংগত জল অৰ্পণ কৰিব । আজি নলবাৰী মহাৰুদ্ৰ কাৱাৰীয়া সংঘৰ পৰা অহা কিছু ভক্তই বলবম যাত্ৰা সমন্ধে কিছু কথা সাংবাদ মাধ্যমত ব্যক্ত কৰে ।সংঘৰ ভক্ত ধৰ্মেশ্বৰ হালৈ ভাইটি, চন্দন হালৈ , বিৰাজ দাস, ৰাজীৱ চৌধুৰী আদি কৰি কিছু বলবম ছাত্ৰীযে বলবম যাত্ৰাৰ কিছু প্ৰাসংগিক কথা অৱগত কৰাই যে ,,
গংগা জল কাৱাৰত লোৱাৰ পৰা সম্পূৰ্ণ ব্ৰহ্মচাৰি নীতি নিয়মৰে চলিব লাগে এই বলবম যাত্ৰা বহুত কঠিন যদিও এই যাত্ৰা ভাৰতবৰ্ষৰ ভিতৰতে বেছি ভক্তৰ ভিৰ হোৱা যাত্ৰা । সকলোৰে মুখত কেৱল *বলবম বলবম ,,* বলবম
বলবম কা নাৰা হে বাবা এক* *চাহাৰা হে, বাবা নগৰী দূৰ হে* *জানা জৰুৰ হে

20/07/2025

প্ৰসিদ্ধ কথাশিল্পী, চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক ড০ নগেন শইকীয়া চিকিৎসাধীন : ভিন ভিন দল-সংগঠনৰ আশু-আৰোগ্য কামনা
ড০ শইকীয়া চাৰ সোনকালেই সুষ্ঠ হৈ উঠিব, আমাৰ দৃঢ় বিশ্বাস: দীপক শৰ্মা
গুৱাহাটী, ২০ জুলাই: ৰাজ্যখনৰ‌ বৰ্ষীয়ান বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, প্ৰসিদ্ধ কথাশিল্পী, সু-সাহিত্যিক, মিত‌ ভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড০ নগেন শইকীয়া চাৰ‌ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন ভিন দল-সংগঠন গভীৰ উদ্বিগ্ন হৈ পৰিছে। এক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- " সকলোৰে আদৰৰ, প্ৰতিজন মানুহৰে কল্যাণ বিচৰা এজন নিকা অন্তৰৰ মানুহ আছিল ড০ নগেন শইকীয়া চাৰ ।

20/07/2025

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ গুৱাহাটী পাঞ্জাবাৰীস্থিত পূৰবী দুগ্ধ উদ্যোগ চৌহদত পূৰবী দুগ্ধ উদ্যোগ সম্প্ৰসাৰণৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ লগতে
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ প্ৰতি লিটাৰ গাখীৰৰ ৰাজসাহায্যৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান।

19/07/2025

৪৯ নং জাৰামাৰী লাঙিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীৰ আজি প্ৰথম সভা।
নগাঁও জিলাৰ ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৯ নং জাৰামাৰী লাঙিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীৰ আজি প্ৰথম সভা অনুষ্ঠিত হৈ যায়।
কাৰ্যসূচী অনুসৰি, প্ৰথমে নৱনিৰ্বাচিত সভানেত্ৰীৰ আসন গ্ৰহণ ,সভাৰ উদ্দেশ্য ব্যাখ্যা, নতুন ৱাৰ্ড সদস্য -সদস্যা ,আঞ্চলিক সদস্যৰ আসন গ্ৰহণ আৰু আদৰণি পৰ্ব অনুষ্ঠিত হয়।

19/07/2025

আজি নিৰাময় ন্যাসৰ তৃতীয় বৰ্ষপুতি অনুষ্ঠান উদযাপন গুৱাহাটী প্ৰেছ ক্লাবত

19/07/2025

আছুৱে ঘেৰাও কৰিলে নলবাৰী জলসিঞ্চন বিভাগৰ অধীক্ষক কাৰ্যালয়৷
কৃষকক সকাহ দিয়াত জলসিঞ্চন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগত ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী নলবাৰীত

19/07/2025

গুৱাহাটীৰ উলুবাৰীত ৰহস্যজনক ভাৱে যুৱকৰ মৃ*তদেহ উদ্ধাৰ।
কালি ৰাতিপুৱা ৫ বজাত উলুবাৰীৰ দক্ষিণ শৰণীয়াত উদ্ধাৰ হৈছিল জালুকবাৰীৰ যুৱক বাবুল আলীৰ মৃত*দেহ।

Address

Mön Tawang

Alerts

Be the first to know and let us send you an email when NIVAZ ASOM LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NIVAZ ASOM LIVE:

Share