23/05/2020
বিশ্ব বিখ্যাত ছবিখনৰ কথা মনত আছেনে? ছবিখনৰ নাম আছিল "The vulture & the little girl".ছবিখনত এটা শগুনে ভোকত মৃতপ্ৰায় এজনী সৰু ছোৱালীৰ মৃত্যুৰ অপেক্ষা কৰি আছিল । ফ’টোখন কেভিন কার্টাৰ নামৰ এজন দক্ষিণ আফ্রিকাৰ চিত্র সাংবাদিকে ১৯৯৩ৰ মার্চত চুডানৰ দুর্ভিক্ষৰ সময়ত তোলা । ছবিখনৰ কাৰনে তেখেতক "পুলিৎজাৰ" সন্মানেৰে সন্মানিত কৰা হৈছিল । কিন্তু কাৰ্টাৰে ইমান ডাঙৰ সন্মান পোৱাৰ পিছতো মাথো 33 বছৰ বয়সতে আত্মহত্যা কৰে।কিন্তু আত্মহত্যাৰ কাৰণ কি আছিল ?আচলতে যি সময়ত তেখেত সন্মান প্ৰাপ্তিৰ উদযাপনত ব্যস্ত আছিল, বিভিন্ন টিভি চেনেলে যেতিয়া তেখেতৰ পুৰস্কাৰ প্রাপ্তিৰ খবৰ সম্প্ৰচাৰ কৰি আছিল, সেই সময়ত ফোন ইন্টাৰভিউত কোনোবা এজন ব্যক্তিয়ে সুধিছিল যে শেষ পর্যন্ত ছোৱালীজনীৰ কি হৈছিল ?
কার্টাৰে উত্তৰ দিলে যে সেইটো তেখেতে কব নোৱাৰে কাৰণ তেতিয়া তেখেতৰ ফ্লাইট ধৰাৰ সময় হৈছিল ।
তেতিয়া তেখেতক পুনৰাই সোধা হৈছিল "সেই সময়ত তাত কেইটা শগুন আছিল ?"
কর্টাৰে কৈছিল "বোধহয় এটাই আছিল ।"
ফোনৰ আনফালে থকা ব্যক্তিজনে তেতিয়া কৈছিল "সেইদিনা তাত দুটা শগুন আছিল, তাৰে এজনৰ হাতত এটা কেমেৰা আছিল ।"
এই কথাষাৰৰ মর্ম উপলব্ধি কৰি কার্টাৰ ইমান বিচলিত হৈ পৰে যে, শেষত আত্মগ্লানি গ্রস্ত হৈ আত্মহত্যা কৰে ।
যিকোনো পৰস্থিতিতে কিবা পোৱাৰ বাবে মানৱতাবোধ থকাটো উচিত ! কার্টাৰ আজিও জীৱিত থাকিলহেতেন যদিহে তেখেতে ভোকত মৃতপ্রায় অসুস্থ ছোৱালীজনীক ইউনাইটেড মিছনৰ ফিডিং ছেন্টাৰলৈ লৈ গ'লহেতেন! ফিডিং ছেন্টাৰৰ দুৰত্ব মাত্র ১/২ মাইল আছিল, যলৈ হয়তো ছোৱালীজনীয়ে যাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল ।
আজি পুনৰ 26 বছৰৰ পিছত কেমেৰা হাতত লৈ সেই একেদৰে শগুনবোৰে গোটেই ভাৰতত ভোকাতুৰ হৈ ঘৰলৈ বুলি ওভোতা, হেজাৰ হেজাৰ কিলোমিটাৰ খোজ কাঢ়ি অহা শ্রমিকসকলৰ ছবি তোলাত ব্যস্ত । সৰু সৰু ল'ৰা-ছোৱালীবোৰ দেখিও যেন তেওঁলোকৰ কোনো অনুভূতি নাই !
এই শগুনবোৰ, শ্রমিকসকলৰ মৃত্যুক লৈ যিমান বেছি উদ্বিগ্ন তাতকৈ বেছি চিন্তা খবৰ যোগাৰ কৰাক লৈ, চেনেলৰ TRP বঢ়োৱাক লৈ । এওঁলোক মৃত শ্রমিকৰ মৃতদেহত মছলা ঢালি ব্রেকিং নিউজ যোগাৰ কৰাত ব্যস্ত ।
কেভিন কার্টাৰৰ আত্মসম্মানবোধ আছিল আৰু সেইকাৰণে আত্মহত্যা কৰিছিল । কিন্তু এই সাংবাদিক নামৰ শগুনবোৰে সন্মানৰ সৈতে আত্মা বিক্ৰী কৰি ব্রেকিং নিউজ বনোৱাত ব্যস্ত ।আলোচনাৰ নামত ষ্টুডিঅ'ত বহি কাউৰীৰ দৰে চিঞৰা। ধিক এনে সাংবাদিকতা!!