Majuli-Diary

Majuli-Diary ভাল খৱৰ,সুপ্ত প্ৰতিভা, খেল-ধেমালি,স্বাস্থ্য,প্ৰকৃতি, সাহিত্য-সংস্কৃতি,শিশুৰ প্ৰতিভা,অ-গতানুগতিক বাতৰি

সকলো ধৰণৰ ভাল খৱৰ আমাৰ গ্ৰহণীয় । সুপ্ত প্ৰতিভা, খেল-ধেমালি, স্বাস্থ্য, প্ৰকৃতি, সাহিত্য-সংস্কৃতি, আপোনাৰ শিশুটিৰ যিকোনো প্ৰতিভা , অ-গতানুগতিক বাতৰি আদি এই পেজৰ জড়িয়তে প্ৰচাৰ কৰিব পাৰিব । আমালৈ ৯৮৫৪৭৮৫৩৩৬ হোৱাটচ্এপ নম্বৰ যোগে পঠাওক আপোনাৰ ভিডিঅ' ।

26/06/2025
26/06/2025
20/05/2025
14/03/2025
03/03/2025
03/02/2025

পথাৰ আমাৰ , বজাৰো আমাৰ শ্ল'গানেৰে আগবাঢ়িছে মাজুলীৰ বিৰিণাবাৰী গাঁৱৰ যুৱক ৰঞ্জিত কলিতা । যুৱকজনে জৈৱিকভাৱে কৰা থাইগ্ৰীণ বগৰীৰ খেতিয়ে ৰাইজৰ পৰা বুটলিছে সমাদৰ । আঁহকচোন যুৱক জনৰ মুখেৰেই শুনো তেওঁৰ কৃষিকৰ্মৰ বিষয়ে ।

03/02/2025

সমাজলৈ বিশেষ বাৰ্তা প্ৰদানেৰে মণ্ডপ নিৰ্মাণ কৰি মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেটনত সৰস্বতী পূজা পালন । প্ৰধান আচাৰ্য সূৰ্য কুমাৰ ভূঞাই এই সন্দৰ্ভত কি ক'লে শুনো আঁহক ।

03/02/2025

#বাগদেৱীৰ_অন্তিম_পৰশ_দিয়াত_ব্যস্ত_মাজুলী_মুদৈবিল_নৱৰতনপুৰৰ_শিল্পী__লক্ষ্যজিত_বৰাঃ

#মাজুলী_ডায়েৰীঃ উজনি মাজুলী মুদৈবিল নৱৰতনপুৰ গাঁৱৰ বাসিন্দা লক্ষ্যজিৎ বৰা(ফুনু)-ই শিল্প কৰ্মৰে স্বাৱলম্বী হৈ এতিয়া বহুতৰ কাৰণে এজন আৰ্দশ ব্যক্তি হৈ পৰিছে । সৰুৰ পৰাই শিল্প কৰ্মৰ প্ৰতি আগ্ৰহী লক্ষ্যজিৎ বৰাই আজি চল্লিশ বছৰ ধৰি বিশেষকৈ মূৰ্তি বনোৱা কামৰ সৈতে জড়িত হৈ আছে। মূৰ্তি নিৰ্মাণৰ উপৰিও মুখা বনোৱা, বিভিন্ন তোৰণ বনোৱাকে ধৰি বহু কেইটা শিল্প কৰ্মৰ সৈতে জড়িত। শিল্প কৰ্মৰ উপৰিও নতুন বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আচাৰ্য হিচাপে কৰ্মৰত। তেখেতক এই শিল্প কৰ্মত পত্নী আৰু তেখেতৰ ডাঙৰ জীয়ৰীয়েও সহায়ৰ হাত আগবঢ়ায়।

22/01/2025

বিদ্যালয়ৰ চৌহদৰ বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে সহবিদ্যায়তনিক শিক্ষাত আগবঢ়াই নিবলৈ মাজুলীৰ আউনীআটী হাইস্কুলে আজি আয়োজন কৰে ছাত্ৰ-ছাত্ৰীৰ এখন বাণিজ্য মেলা। মাজুলীৰ মাধ্যমিক বিদ্যালয় সমূহৰ ভিতৰত প্ৰথমবাৰলৈ এনে বাণিজ্য মেলা বিদ্যালয়খনে আয়োজন কৰে। বাণিজ্য মেলাখনি শুভ উদ্বোধন কৰে মাজুলীৰ এগৰাকী প্ৰগতিশীল কৃষক সুমন্ত বৰুৱাই । মেলাত মুঠ বিপনীৰ সংখ্যা আছিল ৫৩ খন । মুঠ বিক্ৰী ৪৯৭০০ টকা । সৰ্বাধিক ৩৫০০ টকা । মেলাখন স্হানীয় ৰাইজ , অভিভাৱক সকলে সফল কৰি তোলাৰ বাবে প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া , বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক কমল দত্ত , বিদ্যালয়ৰ ঐচ্ছিক বিষয় পৰ্যটন আৰু ৰিটেইল বিভাগৰ শিক্ষক ৰিপ্তিকা বৰবৰা আৰু দীপাংকৰ গগৈয়ে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে ।

22/01/2025

Address

Majuli-Bongaon

Alerts

Be the first to know and let us send you an email when Majuli-Diary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Majuli-Diary:

Share