12/12/2025
ফিনিছিং বেয়া ল’ৰাটো
”””””””””””””””””””””””””””””
সপোন দেখা ল’ৰাটোৰ
সপোনবোৰ ঠিকেই আছিল
দিঠকৰ জখলাতহে বগাব নোৱাৰা হ’ল
ঠাট্টা মস্কৰাবোৰ সহি গ’ল
প্ৰেৰণা হৈ থিয় দিয়া মানুহ বিচাৰি নোপোৱা হ’ল
ফিনিছিং বেয়া ল’ৰাটো
আশাৰ বন অৰণ্যত
এজনী মকৰাৰ জাল গুঠি থকা চাই ৰ’ল ৷৷৷