Majuli-Diary

Majuli-Diary Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Majuli-Diary, News & Media Website, Majuli.

মাজুলীৰ প্ৰথমটো নিউজ পৰ্টেল ।

নিউজ ৱেব চাইট (majulidiary.com)

'মাজুলী-ডায়েৰী' বছেৰেকীয়া আলোচনী।

ভাল খৱৰ , সুপ্ত প্ৰতিভা, খেল-ধেমালি, স্বাস্থ্য, প্ৰকৃতি, সাহিত্য-সংস্কৃতি, শিশুৰ প্ৰতিভা,অ-গতানুগতিক বাতৰি.... সকলো ধৰণৰ ভাল খৱৰ আমাৰ গ্ৰহণীয় । সুপ্ত প্ৰতিভা, খেল-ধেমালি, স্বাস্থ্য, প্ৰকৃতি, সাহিত্য-সংস্কৃতি, আপোনাৰ শিশুটিৰ যিকোনো প্ৰতিভা , অ-গতানুগতিক বাতৰি আদি এই পেজৰ জড়িয়তে প্ৰচাৰ কৰিব পাৰিব । আমালৈ ৯৮৫৪৭৮৫৩৩৬ হোৱাটচ্এপ নম্বৰ যোগে পঠাওক আপোনাৰ ভিডিঅ' ।

20/05/2026

আজি বিশ্ব মৌ মাখি দিৱস ।
#মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মাজুলী মূদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াই। মাজুলী জিলাৰ প্ৰথম গৰাকী মৌ পালক ভীমকান্ত শইকীয়া ।

মাজুলী মহাবিদ‍্যালয়ত আজি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছ বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হয়। কাৰ্যসূচী আনুষ্ঠানিকভাৱ...
15/05/2026

মাজুলী মহাবিদ‍্যালয়ত আজি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছ বিষয়ক এখনি সজাগতা সভা অনুষ্ঠিত হয়। কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই ‘আমি নিজেই নিজৰ জীৱনৰ দায়িত্ব ল’ব লাগিব’ বুলি ব‍ক্তব‍্য দাঙি ধৰি তেওঁ কয় যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ড্ৰাগছত আসক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজক কিদৰে ক্ষতি কৰিছে তাৰ এক ব‍্যাখ্যা আগবঢ়োৱাৰ লগতে নিচাজাতীয় দ্ৰৱ্যৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই ৰাখিবলৈ মহাবিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে ।

মাজুলী জিলা আয়ুক্ত সৃষ্টি সিঙে আজি কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ধোৱাচলাৰ কৃষক পংকজ শইকীয়া, জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ...
15/05/2026

মাজুলী জিলা আয়ুক্ত সৃষ্টি সিঙে আজি কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ধোৱাচলাৰ কৃষক পংকজ শইকীয়া, জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত পানীখাটীৰ কৃষক প্ৰভাত বৰা আৰু শ্ৰীৰাম দেউৰী গাঁৱৰ কৃষক গোটৰ কৃষি পাম পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৰে।

মূদৈবিল গাঁৱত জন্ম গ্ৰহণ কৰা , পাছলৈ যোৰহাটৰ বাসিন্দা হোৱা স্বৰ্গীয় বিমল চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত তেখেতৰ সহধৰ্মিনী ৰীতা বৰ...
12/05/2026

মূদৈবিল গাঁৱত জন্ম গ্ৰহণ কৰা , পাছলৈ যোৰহাটৰ বাসিন্দা হোৱা স্বৰ্গীয় বিমল চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত তেখেতৰ সহধৰ্মিনী ৰীতা বৰুৱা(বিনুমাই)ই মূদৈবিল লাচিত ক্লাৱৰ সহযোগত মূদৈবিল আঞ্চলিক মিলনজ্যোতি ৰঙ্গমঞ্চত আজি বিমল চন্দ্ৰ বৰুৱা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰে অঞ্চলটোৰ ১৬ গৰাকীকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক ।

11/05/2026

শতবৰ্ষ গৰকা উজনি মাজুলীৰ ৰঙাচাহী মিছিং গাঁও বৰনামঘৰত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰথমবাৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান। কালিলৈ বিয়লি ভাগৱত পাঠৰ সামৰণি পৰিব আৰু ৰাতিলৈ স্হানীয় শিল্পী সকলে "তুলসী সতীত্ব হৰণ , শংখচূড় বধ " ভাওনা ভাগি প্ৰদৰ্শন কৰিব ।

মাজুলী মহাবিদ‍্যালয় ছাত্ৰী নিৱাসৰ জ‍্যেষ্ঠা আৱাসীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ‍ে আজি বিয়লি মহাবিদ‍্যাল...
11/05/2026

মাজুলী মহাবিদ‍্যালয় ছাত্ৰী নিৱাসৰ জ‍্যেষ্ঠা আৱাসীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ‍ে আজি বিয়লি মহাবিদ‍্যালয়খনিত এখনি বিশেষ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।সভাপতিৰ ভাষণত অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, ‘’আমাৰ সন্মুখৰ পৃথিৱীখন সুন্দৰ অথচ কণ্টকাকীৰ্ণ। এতেকে, এইখনক নিজৰ উপযোগীকৈ গঢ়ি ল’ব লাগিব আমিয়েই। এই গঢ়ি-পিটি লোৱা কামটো ছাত্ৰাৱস্থাৰ পৰাই কৰিব লাগিব।’’

মাজুলী কমলাবাৰীস্থিত উচ্চ মাধ্যমিক বিদ্যালয় কমলাবাৰী একাডেমিয়ে বিদ্যালয়ৰ ইক' ক্লাৱৰ উদ্যোগত মাজুলী আৰ্যভট্ট বিজ্ঞান ক...
11/05/2026

মাজুলী কমলাবাৰীস্থিত উচ্চ মাধ্যমিক বিদ্যালয় কমলাবাৰী একাডেমিয়ে বিদ্যালয়ৰ ইক' ক্লাৱৰ উদ্যোগত মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস।

11/05/2026

Address

Majuli
785105

Alerts

Be the first to know and let us send you an email when Majuli-Diary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Majuli-Diary:

Share