Majuli-Diary

Majuli-Diary ভাল খৱৰ,সুপ্ত প্ৰতিভা, খেল-ধেমালি,স্বাস্থ্য,প্ৰকৃতি, সাহিত্য-সংস্কৃতি,শিশুৰ প্ৰতিভা,অ-গতানুগতিক বাতৰি

সকলো ধৰণৰ ভাল খৱৰ আমাৰ গ্ৰহণীয় । সুপ্ত প্ৰতিভা, খেল-ধেমালি, স্বাস্থ্য, প্ৰকৃতি, সাহিত্য-সংস্কৃতি, আপোনাৰ শিশুটিৰ যিকোনো প্ৰতিভা , অ-গতানুগতিক বাতৰি আদি এই পেজৰ জড়িয়তে প্ৰচাৰ কৰিব পাৰিব । আমালৈ ৯৮৫৪৭৮৫৩৩৬ হোৱাটচ্এপ নম্বৰ যোগে পঠাওক আপোনাৰ ভিডিঅ' ।

23/10/2025

#উজনি_মাজুলী_সাংস্কৃতিক___ঐক্য_মঞ্চই ৪ নৱেম্বৰত মাজুলীত প্ৰথম বাৰলৈ অনুষ্ঠিত কৰিব #দেউৰী_ভাষাত ৰাস । পূৰ্ণ গতিত চলিছে আখৰা।

15/10/2025

#মাজুলী_ডায়েৰী: ১৫ অক্টোবৰ:

আজি ঘোষিত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি (ADRE) পৰীক্ষাত মাজুলীৰ চিৰাম চাপৰিৰ মূদৈবিল-নৱৰতনপুৰৰ দৰিদ্ৰ পৰিয়ালৰ অচ্যুত শইকীয়া আৰু চিন্ময় শইকীয়াৰ সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁও বাসী । বহু ঘাট - প্ৰতিঘাটৰ মাজেৰে সফলতা লাভ কৰা অচ্যুত শইকীয়াই স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী গৰাকীলৈ ধন্যবাদ জনাই । অচ্যুতে এই সফলতাৰ কৃতিত্ব দিৱ বিচাৰে প্ৰায় ২০ বছৰে বিনা বেতনেৰে শিক্ষকতা কৰি অৱসৰ লোৱা , কঠোৰ পৰিশ্ৰমৰ মাজেৰে পৰিয়াল চলোৱা পিতৃ জীৱন্ত শইকীয়া , মাতৃ জ্যোতি শইকীয়া আৰু পৰিয়াল অন্যান্য সদস্য সকলৰ লগতে বন্ধু বৰ্গক। অচ্যুত আৰু চিন্ময়লৈ আমি #মাজুলী_ডায়েৰী পৰিয়ালৰ তৰফৰ পৰাও জনালোঁ শুভেচ্ছা।

12/10/2025
10/10/2025

📌’মোৰ জুবিন কাহিনী’
📌আপোনাৰো আছে নেকি জুবিনৰ সৈতে কোনো স্মৃতি?
📌কমেণ্টযোগে আমাৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কাহিনী
📌DD News Assamese ত প্ৰকাশ পাব আপোনাৰো কাহিনী
অনুগ্ৰহ কৰি আপোনাৰ বন্ধু-বান্ধবৰ সৈতে প’ষ্টটো শ্বেয়াৰ কৰক যাতে প্ৰাণৰ শিল্পী গৰাকীৰ সৈতে থকা স্মৃতি আমি সকলোৱে জানিব পাৰোঁ।

10/10/2025
10/10/2025
03/10/2025

#মাজুলী_ডায়েৰী: অক্টোবৰ:

সত্ৰপীঠ মাজুলীৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনী সভা সমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ । উজনি মাজুলীৰ নৱৰতনপুৰ নামঘৰত শ্ৰীৰাম-ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গুৰুজনাৰ জন্মোৎসৱ। কালি প্ৰথম দিনা পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম-প্ৰসঙ্গ, ধৰ্মধজ্জা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, ভাগৱত শোভাযাত্ৰা অন্ততঃ অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হয় । এই অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী কালিলৈ বিয়লি সামৰণি পৰাৰ অন্তত: ৰাতিলৈ গাঁও খনিৰ শিশু শিল্পী সকলৰ দ্বাৰা কুৰ্ম অৱতাৰ ভাওনাখনি প্ৰদৰ্শন কৰিব।

02/10/2025
18/09/2025

Address

Majuli
785105

Alerts

Be the first to know and let us send you an email when Majuli-Diary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Majuli-Diary:

Share