13/04/2025
ধেমাজি জিলাৰ চিলাপথাৰত দিন দুপৰতে অন কেমেৰাত চৰম সিদ্ধান্ত ললে দশম শ্ৰেণীৰ ছাত্ৰই । প্ৰেয়সীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ।
ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী জামালপুৰত যোৱা শনিবাৰে সংঘটিত হ'ল এক কৰুণ আপোনঘাটিৰ ঘটনা। গাঁওখনৰ সঞ্জিত নন্দীৰ ১৬ বছৰীয়া পুত্ৰ শিৱজিত নন্দীয়ে যোৱা ৫ এপ্ৰিলৰ দুপৰীয়া নিজা ঘৰতে ডিঙিত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাই অঞ্চলটোত এটা সপ্তাহে অব্যাহত ৰাখিছে তীব্ৰ চাঞ্চল্য । অতি সহজ সৰল কিশোৰজনৰ এই চৰম সিদ্ধান্তৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই বহুতেই । কিশোৰ জনৰ পৰিয়ালে এই ঘটনাৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে এজনী ১৭ বছৰীয়া স্থানীয় যুৱতীক। যুৱতীৰ সৈতে যুৱকৰ আছিল গভীৰ প্ৰণয়ৰ সম্পৰ্ক। ঘটনাৰ দিনা প্ৰেমিক যুগলৰ মাজত ম'বাইলত কিবা কথাত তৰ্কাতৰ্কী লাগে । আপোন ঘটি হ'বলৈ খোদ প্ৰেমিকাই প্ৰেমিকক উৎসাহিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকৰ পৰিয়ালে। আপোন ঘাটিৰ সমস্ত ঘটনা ৰেকৰ্ড হয় ঘৰত স্থাপন কৰা CCTV ' ত । ৰহস্যজনক কথাটো হৈছে প্ৰেমিকাক মৰি দেখুৱাবলৈকে কিশোৰ জনে আত্মহত্যাৰ সম্পূৰ্ণ video ৰেকৰ্ড কৰি থৈ গ'ল নিজা ম'বাইল ফোনত । শোকাৱহ ঘটনাটোক লৈ হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই কান্দোনৰ ভাগি পৰিছে মাতৃ। ঘটনা সংক্ৰান্তত চিলাপথাৰ থানাত মৃতকৰ পৰিয়ালে এক এজাহৰ দিছে যদিও আৰক্ষীযে বিশেষ গুৰুত্ব দিয়া নাই বুলি সদৰি কৰিছে । প্ৰেমাস্পদক আপোনঘাটি হ'বলৈ উৎসাহিত কৰা যুৱতীক আটক কৰিলেই সকলো ওলাই পৰিব বুলি ৰাইজে মন্তব্য কৰিছে ।