01/07/2025
জীৱন — এটা কঠোৰ শিক্ষাগৃহ।
প্ৰতিটো দিনই এটা নতুন পাঠ,
আনন্দেৰে শিকোৱা কেতিয়াবা, কেতিয়াবা বেদনাৰে।
পথবোৰ সদায় সোজা নহয়,
কেতিয়াবা কাঁইট, কেতিয়াবা পাহাৰ,
কিন্তু সেইবোৰে মোক আৰু শক্তিশালী কৰে।
মই শিকিছোঁ —
পৰি যোৱাৰ অৰ্থ হাৰ নোহোৱা,
উঠি যাবৰ নামেই জীৱন।
সপোনবোৰ সহজে নাপাওঁ,
কিন্তু সেইবোৰৰ বাবে কষ্ট কৰাটোৱেই
মোৰ জীৱনক অৰ্থপূর্ণ কৰি তোলে।
আশা মোৰ পোহৰ,
বিশ্বাস মোৰ শক্তি,
আৰু প্ৰয়াস মোৰ পথ।
কাৰণ জীৱন মানেই —
অজান বাটত খোজ কঢ়িওৱা,
ভয় নকৰাকৈ আগুৱাই যোৱা,
আৰু নিজক সদায় নতুনকৈ বিচাৰি পোৱা