01/12/2025
#মঙলদৈত ৬ আৰু ৭ ডিচেম্বৰত সাংসদ খেল মহোৎসৱ। প্ৰস্তুতি তুংগত।
#দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ পৃষ্ঠপোষকতাত আৰু দৰং জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ৬ আৰু ৭ ডিচেম্বৰত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাংসদ খেল মহোৎসৱ উদযাপন। ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তা সকলে। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মঙলদৈ, ছিপাঝাৰ, দলগাঁও, ওদালগুৰি, মাজবাট, টংলা, ভেৰগাঁও, ৰঙিয়া, কমলপুৰ, তামোলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই খেল মহোৎসৱত ভলীবল, কাবাদী, কাৰটে, যোগাসন, ৰছিটনা খেল, টেকেলি ভঙা খেল, মিউজিক চেয়াৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত এক হাজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখন সুকলমে পৰিচালনা কৰিবলৈ মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক সভাপতি, প্ৰতাপ বৰদলৈক মুখ্য সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। আজি মঙলদৈ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেল সম্বোধন কৰি সভাপতি গুৰুজ্যোতি দাস, মুখ্য সম্পাদক প্ৰতাপ বৰদলৈ, দৰং জিলা বিজেপিৰ সভাপতি মকুন্দ ডেকা, দৰং জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা আদিয়ে সাংসদ খেল মহোৎসৱৰ সবিশেষ উল্লেখ কৰি সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ কামনা কৰিছে। তেওঁলোকে এই খেল মহোৎসৱে সকলোৰে মাজত ভাতৃত্ববোধ জাগৃত কৰি তুলিব বুলি উল্লেখ কৰে। প্ৰতিযোগিতাৰ ভলীবল, কাবাদী, যোগাসন, ৰছিটনা, টেকেলি ভঙা আদি খেল পুৰুষ-মহিলা উভয়ৰে বাবে মুকলি, মিউজিক চেয়াৰ ছোৱালীৰ বাবে আৰু কাৰাটে ছাব জুনিয়ৰ আৰু পুৰুষ-মহিলাৰ শাখাত অনুষ্ঠিত হ'ব। ৬ ডিচেম্বৰৰ বিয়লি ৪ বজাত প্ৰতিযোগিতাখন উদ্বোধন কৰা হ'ব আৰু ৭ ডিচেম্বৰৰ সন্ধিয়া নৈশলোকত চিলঙৰ এটা ফুটবল দল আৰু ওদালগুৰিৰ নিউ মডেল স্পৰ্টছ ক্লাবৰ মাজত এখন প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সকলে জনাইছে।