02/11/2025
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম তথা অসমীয়াৰ বাবে কৰা বেয়া কামবোৰ____
📌 বিগত ৫০/৬০ বছৰে কোনো চৰকাৰে সাহস নকৰা অবৈধ বেদখল মুক্ত কৰাতো । (গৰুখুটিৰ পৰা আৰম্ভ কৰি বটদ্ৰৱালৈকে) অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাতো মুখ্যমন্ত্ৰী গৰাকীৰ ভূল আছিল ।
📌 আগৰ চৰকাৰৰ দৰে নিজৰ দলৰ কাৰ্যকৰ্তাক চৰকাৰী চাকৰিৰ সুবিধা নিদিয়াকৈ স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত এক টকাওঁ ঘোচ নোখোৱাকৈ ডেৰ লাখতকৈওঁ অধিক যোগ্যজনক নিযুক্তি দিয়াতো তেখেতৰ ভূল আছিল ।
📌 এটা সময়ত দুখীয়া ঘৰৰ ছাত্ৰীসকলে টকাৰ অভাৱত উচ্চ শিক্ষা গ্ৰহন কৰিব পৰা নাছিল আৰু কোনোবা পিতৃ মাতৃয়ে গোহালিৰ গৰু বেছি কলেজত নামভৰ্তি কৰাৰ পৰিৱেশ এটা আছিল । কিন্তু এতিয়া নিযুত মইনা আচঁনিৰ অধীনত ছাত্ৰীসকলে শিক্ষা গ্ৰহনৰ বাবে নিজৰ পিতৃ মাতৃৰ পৰা এক টকাওঁ বিচাৰিব লগা নহয় । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে আঁচনি গ্ৰহন কৰাতো ভূল আছিল ।
📌 বিনামূলীয়া শিক্ষা, মধ্যাহ্ন ভোজন, স্নাতকোত্তৰ শিক্ষা গ্ৰহন কৰালৈকে নামভৰ্তিৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ সুদুৰপ্ৰসাৰী চিন্তাৰে চৰকাৰে নিজে দ্বায়িত্ব বহন কৰাতো ভূল আছিল ।
📌 জাগীৰোডত টাটাৰ ছেমি কন্ডাক্ট প্ৰকল্পটো বহুৱাই ভাল কাম কৰিলে জানো ? সমগ্ৰ জাগীৰোডখন আজি উন্নত হ'ল । অসমৰ বহুত নিবনুৱাই তাত নিজৰ দক্ষতাৰ ভিত্তিত সংস্থাপন পাব । এনেকুৱা প্ৰজেক্ট অসমত কিয় দিব লাগে বুলি প্ৰশ্ন কৰা জনকে বোলে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পাতিব । কি হাস্যকৰ । বৰ্তমানৰ মুখ্যমন্ত্ৰী জনো যে আৰু দেই । কি যে কামবোৰ কৰি থাকে ।
📌 দূৰ্নীতিগ্ৰস্ত যিকোনো কৰ্মচাৰী বা প্ৰশাসনিক বিষয়াক হাতে লোটে ধৰা পেলোৱাৰ পিচত জেললৈ প্ৰেৰণ কৰাতো মুখ্যমন্ত্ৰী গৰাকীৰ ভূল আছিল ।
📌 বসুন্ধৰা আঁচনিৰ অধীনত অসমবাসী ৰাইজক নিজৰ মাটি বাৰীৰ বহুদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ সুযোগ দিয়াতো ভূল আছিল ।
📌 কোনো চৰকাৰে কোনোদিন চিন্তা নকৰা এটি মহান কাম অসমৰ প্ৰতিখন দহ বছৰ পুৰণি বহাগ বিহু উৎসৱ উদযাপন সমিতিলৈ ডেৰ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান । যিয়ে অসমত চান্দা সংস্কৃতিৰ অৱসান ঘটালে । সেয়া ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ভূল সিদ্ধান্ত আছিল । কি দৰকাৰ এই অকৃতজ্ঞ অসমীয়াবোৰক বিহু পাতিবলৈ টকা দিয়াৰ, যিসকলে মোগলৰ হাতত অসমখন গটাই দিয়াৰ পৰিকল্পনা কৰি আছে ।
📌 কোনোকালে কোনো চৰকাৰে এবাৰো চিন্তা নকৰা সনাতনী হিন্দু সংস্কৃতিক উজ্জ্বীৱিত কৰি জীয়াই ৰখাৰ বাবে অসমৰ হাজাৰ হাজাৰ নামঘৰ আৰু সত্ৰ সমূহলৈ অসম চৰকাৰে ডেৰ লাখৰ পৰা তিনি লাখ টকালৈকে অসম দৰ্শন আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য প্ৰদান কৰাতো মুখ্যমন্ত্ৰী গৰাকীৰ ভূল আছিল । সেয়েহে আজি অসমীয়া বোৰে (সকলো নহয়) সামাজিক মাধ্যমত পাকিস্তানী সমৰ্থক এজনক মুখ্যমন্ত্ৰী পাতিয়েই দিলে ।
📌 কোনোকালে কোনো চৰকাৰে ভাৱিব নোৱাৰা এটি কাম অসমৰ ৰাস উদযাপন সমিতি সমূহলৈ প্ৰতি বছৰে ২৫ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহাৰ্য । কি দৰকাৰ এই অকৃতজ্ঞ অসমীয়া মানুহৰ ৰাস উদযাপন সমিতিক আৰ্থিক সাহাৰ্য দিয়াৰ । সেয়া ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভূল সিদ্ধান্ত বুলি কম ।
📌 অসমৰ দূৰ্গা পূজা সমিতি সমূহলৈ ১০০০০/- (দহ হাজাৰ) টকাকৈ প্ৰতিবছৰে এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰি সুন্দৰভাৱে পূজা আয়োজন কৰিবলৈ দিয়াতো একেবাৰে ভূল সিদ্ধান্ত ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ।
📌 অসমৰ প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্ত:গাঁঠনি আৰু অধিক উন্নত কৰিবৰ বাবে ৮ কোটি টকাকৈ প্ৰদান কৰি গৃহ নিৰ্মান কৰাতো ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূল কৰিছিল ।
📌 অসমীযা মানুহবোৰৰ স্বাভিমান আছে । তেওঁলোকে নিবিচাৰাকৈ বিপিএল পৰিয়ালবোৰক প্ৰতি মাহে ৩৫ কেজিকৈ আৰু এপিএল বোৰক ৫ কেজিকৈ বিনামূলীয়া চাউল চৰকাৰে যোগান ধৰে । এতিয়া সেই মানুহবোৰেই মুখ্যমন্ত্ৰী গৰাকীক দিনে নিশাই হকে বিহকে অসাংবিধানিক বাক্যবানেৰে সমালোচনা কৰি আছে । এই কামটোওঁ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাল কৰিছে জানো ??
এবাৰ বন্ধ কৰি দিয়কচোন দেখিব ৰাইজে তেওঁক গালি পৰা আৰম্ভ কৰি দিব ।
📌প্ৰতি মাহে ১২৫০ টকা অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰি বিধৱা আৰু অবিবাহিত মহিলাৰ লগতে দুখীয়া মহিলাসকলক সকাহ দিয়াতো অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ যেন এক বৃহৎ ভূল সিদ্ধান্ত আছিল । কিয়নো বিৰোধী শক্তিবোৰে এই আঁচনিখন বন্ধ কৰিব লাগে বুলি দাবী উথ্বাপন কৰিয়েই আছে । কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় আঁচনিখন বন্ধ কৰিব বুলি কৈয়েই আছে । মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত আঁচনিখন বন্ধ নকৰাৰ বাবেই তেওঁ আজি বিৰোধীৰ কটু সমালোচনাৰ চিকাৰ হ'ব লগা হৈছে ।
📌 প্ৰতিটো গোটৰ মহিলা সদস্যসকলক স্বাৱলম্বী কৰাৰ বাবে দহ হাজাৰ টকালৈ দিয়াতো ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভূল সিদ্ধান্ত আছিল । এই আৰ্থিক অনুদান লাভ কৰাৰ পিচতো আকৌ সমালোচনাহে কৰে । সেইসকল অসমীয়া মহিলা স্বাৱলন্বী হলে ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ কি লাভ হ'ব ।
📌 অসমৰ ঘাইপথবোৰৰ পকীকৰন আৰু যান যঁটবোৰ কম কৰাৰ বাবে উৰণীয়া সেতু সমূহ নিৰ্মান কৰাতো ভাল কৰিছে জানো ?
📌 যেতিয়াই অসমীয়াৰ ওপৰত কোনোবাই অত্যাচাৰ বা আক্ৰমন কৰিছে তেতিয়াই তাৎক্ষনিকভাৱে সিঁহতৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহন কৰাতো মুখ্যমন্ত্ৰী গৰাকীৰ ভূল আছিল । উদাহৰন স্বৰূপে নগাঁৱৰ মাজমজিয়াত অসমীয়া যুৱকক হেলমেটেৰে আক্ৰমন কৰাৰ ঘটনা ।
📌 মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰি স্বাৱলম্বী কৰিব বিচৰাতো ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ভূল আছিল ।
📌 অসমবাসীৰ হিয়াৰ আমঠু জুবিন দাৰ মহাপ্ৰয়ানৰ পিচত ছিংগাপুৰৰ পৰা অনাৰ পৰা দিল্লীৰ বিমানবন্দৰত মহানায়ক গৰাকীক আঠু কাঢ়ি প্ৰণাম জনাই শেষকৃত্য সম্পন্ন কৰালৈকে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোবোৰ কাম নিয়াৰিকৈ কৰিলে । তথাপি জানো তেওঁক কোনোবাই এবাৰ ধন্যবাদ জনালেনে ?? এছ আইটি গঠন কৰি নিজৰ কৰণীয়খিনি তেওঁ কৰি আছে । ন্যায় আদালতে দিব । আমিওঁ বিচাৰো যে জুবিন দাৰ হত্যাকাৰীয়ে উচিত শাস্তি পাওঁক ।
অসমৰ মানুহৰ বাবে ইমানখিনি কৰাৰ পিচতো আজিৰ তাৰিখত কিছু উন্মাদ অসমীয়াই মোগলৰ চল চাতুৰীত পৰি সিঁহতৰ লগত হাত উজান দি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অলেখ বিশেষণ লগাই সামাজিক মাধ্যমত সমালোচনাৰে থকা সৰকা কৰি থকা দেখি সঁচাই আচৰিত হৈছো । পাকিস্তানৰ সমৰ্থনত কথা কোৱা আৰু ভালকৈ অসমীয়া ভাষা কব নজনা এগৰাকীক এচাম অসমীয়াই মুখ্যমন্ত্ৰী বনাবলৈ সামাজিক মাধ্যমত তোলপাৰ লগাই আছে । সময়ে সকলোকে শিকাব ।
সেয়েহে মুখ্যমন্ত্ৰী গৰাকীক অনুৰোধসূচকভাৱে আহ্বান জনাব বিচাৰিছো যে অসমৰ ইতিহাসত ২৪ ঘন্টাৰ ভিতৰত ১৮/১৯ ঘন্টাই অসমবাসীৰ বাবে কাম কৰি আপুনি কি পাইছে ??? অকৃতজ্ঞ অসমীয়াবোৰৰ বাবে দিনে নিশাই কাম কৰি কি লাভ ?? পাইছে মাথো তিৰস্কাৰ । কিছুদিন আগতে ধিংত যে অসমীয়া নাৱালিকা ছোৱালী জনীক কোনোবা এটা বিশেষ শ্ৰেণীৰ নৰপিশাষে অপকৰ্ম কৰাৰ পিচত আপুনি পুলিচমখা পঠাই কেইঘন্টামানৰ ভিতৰতে যি কৰি দেখুৱাই দিলে বাপৰে । আপুনিওঁ যে আৰু । মানে অসমীয়া মানুহৰ বাই ভনীৰ ওপৰত কোনোবাই বেয়া চকু দিলে আপোনাৰ সহ্য নহয় ছাগৈ । কিন্তু সেইয়া এতিয়া বহু অসমীয়াই পাহৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া । আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আতৰি গলেই যেন সকলোবোৰ ঠিক হৈ যাব । কিন্তু আপোনাৰ অবিহনে যে এইখন অসমখন অসম হৈ নাথাকিব সেয়া সকলোৱে জানে আৰু বুজি পায় । তথাপি _____???
অসমত বিজেপিৰ চৰকাৰ নাহিলে আপোনাৰ একোৱেই ক্ষতি নহয় । হয়তো আপুনি কোনোবা এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্ত হৈ আৰামত থাকিব পাৰিব । কিন্তু আপোনাৰ অবৰ্তমানত গৰুখুটিৰ পৰা আৰম্ভ কৰি বটদ্ৰৱালৈকে পুনৰ অবৈধ বেদখল কাৰীয়ে দপদপাই নিগাজিকৈ ভূমিবোৰ দখল কৰি অসমীয়াৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰি দিব । অবৈধ বাংলাদেশীয়ে অসমখন ছানি ধৰিব । অসমত মোগলৰ শাসন হ'ব । দিনতে কাৰোবাৰ গোহালিৰ পৰা গৰু ছাগলী কাঢ়ি লৈ যাব । এইখন অসমত মহিলাসকল দিনতে অসুৰক্ষিত হ'ব । চাৰিওঁফালে কেৱল হত্যা, হিংসা আৰু ধৰ্ষনৰ ঘটনা সংঘটিত হ'ব । কংগ্ৰেছৰ দৰে দলৰ হৈ এতিয়া ওকালতি কৰি থকা অসমীয়াবোৰে বাংলাদেশীৰ তলত থাকি হয় হুজুৰ, হয় জনাব কৰি জীয়াই থাকিব । সেই দিন সমাগত ।
হে অসমীয়া ভাই বন্ধুসকল, এবাৰ নিজৰ বুকুত হাতখন দি অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যৎৰ কথা চিন্তা কৰি এবাৰ নিজকে প্ৰশ্ন কৰক । উত্তৰবোৰ বিচাৰি পাব ।
এতিয়া অসমৰ খিলঞ্জীয়া অসমীয়াই সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে । অসমৰ অসমীয়াই আগন্তুক দিনত মোগলৰ শাসনৰ তলত থাকি জীয়াই থাকিবনে অথবা বীৰ লাচিত, মা কামাখ্যা, চাওলুং চ্যুকাফা, সতী জয়মতী আৰু বীয় চিলাৰায়ৰ অসমত জীয়াই থকাতো বিচাৰিব । সিদ্ধান্ত ৰাইজৰ হাতত । বাকী ইতিহাস সাক্ষী হৈ ৰ'ৱ ।
জয় আই অসম ।
ভাৰত মাতা কী জয় ।