South Bank Issue

South Bank Issue Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from South Bank Issue, News & Media Website, Mankachar.

22/11/2020

মানকাচৰত ষট উদযাপন। আজিও ভ্ৰাতৃত্ববোধ আৰু সকলো ধৰ্মালম্বী লোকৰ মাজত সমন্বয়ৰ এনাজৰী সীমান্তত অঞ্চল খনত বিদ্যমান

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভয়াৱহ বান পৰিস্থিতি।  কুম্ভ কৰ্ণ নিদ্ৰাত নিমজ্জিত প্ৰশাসন। বিপদ সীমাৰ  ওপৰেদি বৈছে ব্ৰহ্মপু...
08/07/2020

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভয়াৱহ বান পৰিস্থিতি। কুম্ভ কৰ্ণ নিদ্ৰাত নিমজ্জিত প্ৰশাসন। বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ পানী ।
কোৰোনাৰ আতংকৰ মাজত দিন অতিবাহিত কৰা ৰাইজৰ মাজত বানৰ বিভীষিকা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেদি বৈছে। যাৰ ফলত জিলা খনৰ বান পৰিস্থিতি ভয়াৱহ ৰূপ লৈছে। নৈপৰীয়া তথা ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া এলেকাৰ হেজাৰ হেজাৰ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে।শ শ ঘৰ-বাৰী পানীত বুৰ যোৱাত আশ্ৰয় বিচাৰি আতংকিত হৈ পৰিছে বানাক্ৰান্তই। । ভাৰত - বাংলাদেশ সীমান্তৰ হাজিৰহাট, সুখচৰ, মলাখোৱা, পুৰানগাওঁ, বেৰাভাঙা, মান্দাৰপাৰা খোপাতীয়া দেৱানেৰ আলগা, নেপুৰেৰ আলগা, খাগৰাৰ চৰ, ভেৰামাৰা আদি অন্ঞ্চলৰ
বানাক্ৰান্ত ৰাইজে বিগত কেইবাদিন ধৰি প্লেটফৰ্ম,ওখ ভেটিত আশ্ৰয় লৈ জীব জন্তু লগত একেলগে সহবাস কৰিব লগা হৈছে।
ইফালে হাজিৰহাট, খোপাতীয়া দক্ষিণ শালমাৰাৰ বিভিন্ন বাট পথৰ ওপৰেদি পানী উফন্দি যোৱাৰ ফলত পথ সমুহ ভাঙি যোৱাত পথৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে।
আনহাতে মানকাচৰ ৰাজহ চক্ৰৰ অধীনস্থ একাংশ গাৱতো বানৰ পানীয়ে জুৰুলা কৰিছে। এনে বিপদসংকুল পৰিস্থিতিতো জিলা প্ৰশাসনে পৰ্যাপ্ত সেৱা আগবঢ়াব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

কৰ'নাক লৈ সজাগতা কম আতংক বেছি হৈছে। দুৰ্যোগ, দু:সময় জয় কৰিব পৰা ক্ষমতা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলাবাসীৰ আছে। নৱ ...
06/07/2020

কৰ'নাক লৈ সজাগতা কম আতংক বেছি হৈছে। দুৰ্যোগ, দু:সময় জয় কৰিব পৰা ক্ষমতা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলাবাসীৰ আছে। নৱ নিযুক্ত জিলা উপায়ুক্ত গৰাকীয়ে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলাবাসী অধীৰ অপেক্ষাৰে বাট চাই আছে।

Address

Mankachar

Telephone

+919957643245

Website

Alerts

Be the first to know and let us send you an email when South Bank Issue posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share