14/08/2025
✒️ববী বকলিয়াল
১৫ আগষ্টত পতাকাখন ৰছীৰে মেৰিয়াই মাজভাগত (চিত্ৰত দেখুওৱাৰ দৰে) থোৱা হয় আৰু উত্তোলনৰ সময়ত ৰছীডাল ধৰি টানি-টানি বাঁহৰ মূৰত নি বান্ধি থোৱা হয় আৰু ২৬ জানুৱাৰীত পতাকা খন একেবাৰে বাঁহৰ মূৰত বান্ধি থয় আৰু উন্মোচনৰ সময়ত প্ৰসাৰণ কৰি দিয়া হয় ।
১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ, আনুষ্ঠানিকভাৱে (অফিচিয়েলি) তাক উত্তোলন (Hoisting) বুলি কোৱা হয় । অথচ ২৬ জানুৱাৰীত আমি জাতীয় পতাকা উন্মোচন (unfurl)হে কৰোঁ ।
এই দুটা শব্দৰ প্ৰকৃত অর্থ কি? আহক, আজি আমি ৭৯ তম স্বাধীনতা দিৱসৰ এই পৱিত্র ক্ষণত Hoisting আৰু Unfurl ৰ পার্থক্য জানি লওঁ :
১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয় । তাকে Hoisting বোলে । ইয়াৰ অৰ্থ এয়ে যে, এসময়ত আমি পৰাধীন আছিলোঁ । আমাৰ পতাকা সেই সময়ত তলত আছিল । ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছোঁ । সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল !!
২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয় । ৰছীডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয় । সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয় ! এই প্রক্রিয়াক Unfurled বুলি কোৱা হয় । ইয়াৰ অৰ্থ এয়ে যে, আমি এখন সার্বভৌমত্ব ৰাষ্ট্ৰ, আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতেই থাকিব ।
লেখাটো শ্বেয়াৰ কৰি সকলোকে জনাৰ সুবিধা কৰি দিব। ধন্যবাদ 🙏
(উপৰিউক্ত লেখাটো মই, যোৱা ২৬ জানুৱাৰীৰ দিনা গ্ৰন্থ সুবাসত দিছিলোঁ আৰু এইবাৰ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত দিলোঁ।)