06/09/2026
■ আৰক্ষী-অধিবক্তাৰ ভেশত ধনদাবী
■ মৰাণত আৰক্ষীৰ জালত ২ মহা প্ৰৱঞ্চক
সাধাৰণ ৰাইজক ভুৱা গোচৰৰ ভয় খুৱাই ধন দাবী কৰা এক চক্ৰক উৎখাত কৰিছে মৰাণ আৰক্ষীয়ে। নিজকে অধিবক্তা আৰু আৰক্ষী বিষয়া হিচাপে পৰিচয় দি সাধাৰণ লোকৰ পৰা ধন লুটি অহা এই চক্ৰটোৰ মাষ্টাৰ-মাইণ্ড দুই মহা প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ধৃত প্ৰৱঞ্চকদ্বয় ক্ৰমে মৰাণৰ সমীপৱৰ্তী খোকামৰা পৰশণি হাবিৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক তিলেশ্বৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈ (২৮) আৰু শান্তিপুৰৰ প্ৰয়াত মহাবীৰ টিব্লিৱালৰ পুত্ৰ সুভাষ আগৰৱালা ওৰফে টিব্লিৱাল (৫৫)। এই দুই অভিযুক্তই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা এনে কাণ্ড চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে।
অভিযুক্ত চক্ৰটোৱে সাধাৰণ লোকক লক্ষ্য কৰি লৈ ভুৱা অপৰাধমূলক গোচৰৰ ভাবুকি প্ৰদান কৰিছিল আৰু ইয়াৰ পৰা পৰিত্ৰাণ দিয়াৰ নামত ধন দাবী কৰিছিল। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি মৰাণ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে আৰু অভিযান চলাই দুয়োকে নিজ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধৃত প্ৰৱঞ্চকদ্বয়ক মাৰাথন জেৰা অব্যাহত ৰাখিছে। এই ধনদাবী চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি আৰু বিত্তীয় লেনদেনসমূহ কেনেদৰে হৈছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত চলাই আছে। তদন্তৰ অন্তত আৰক্ষীয়ে পৰৱৰ্তী কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিব।